মেনেজাৰেই আছিল ডকাইত?

Share This Article

বঙালমৰাৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডই লৈছে নতুন মোৰ। ইণ্ডিয়ান অইলৰ মেনেজাৰ কমল সিঙে কালি বঙালমৰাৰ ষ্টেট বেংকত ধন জমা থবলৈ অহাৰ পৰত বেংকৰ চৌহদৰ পৰাই পিষ্টল দেখুৱাই দুই দুবৃত্তই পাঁচ লাখ পঞ্চাশ হাজাৰ টকা লুটি নিয়াৰ অভিযোগ তুলিছিল। ঘটনাটো সংঘটিত হোৱাৰ পিছত আৰক্ষীয়ে বেংকৰ বাহিৰৰ চিচি টিভি ফুটেজ পৰীক্ষা কৰি মেনেজাৰ কমল সিঙক নিশা গ্ৰেপ্তাৰ কৰে।অভিযোগ অনুসৰি, প্ৰকৃততে যদি দুৰ্বৃত্তই পিষ্টল দেখুৱায়েই টকা লুটিছিল তেন্তে কালি দিনদুপৰতে আৰক্ষীৰ সন্মুখতে কেনেকৈ পিষ্টল লৈ দুবৃত্তই ৰাজপথত পিয়াপি দি ফুৰিছিল বুলিয়েই এতিয়া সৰ্বত্ৰ প্ৰশ্ন উত্থাপিত হৈছে।বঙালমৰা আৰক্ষীৰ নাকৰ তলতে থাকে নেকি পিষ্টলধাৰী দুৰ্বৃত্ত?
চিচি টিভি ফুটেজত স্পষ্ট হৈছে বেংকত টকা জমা কৰিবলৈ অহা মেনেজাৰজন, এই ঘটনাত জড়িত থকা সন্দেহ কৰাৰ যথেষ্ট থল আছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.