মৃত নে জীৱিত -বিভ্ৰান্ত কোন?

Share This Article

মৃত ঘোষণা কৰা দেৱশিশু সৎকাৰ কৰিবলৈ লওতেই জীৱিত অৱস্থাত পোৱা এটা চাঞ্চল্যকৰ ঘটনা সংগঠিত হৈছে ডিব্ৰুগড়ৰ বৈৰাগীমঠত। ডিব্ৰুগড়ৰ বৈৰাগীমঠত এটা ডেৰ মহীয়া দেৱ শিশু চিকিৎসালয়ত মৃত ঘোষণা কৰাৰ পাছত পুনৰ জীৱিত হোৱাৰ অভিযোগ উঠিছে । ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ জালান চাহ বাগিচা পকা লাইনৰ লক্ষণ মূড়াৰ ডেৰ মহীয়া পুত্ৰৰ উশাহ-নিশাহ লোৱাৰ অসুবিধা হোৱাত অসম চিকিৎসা মহাবিদ্যালয়ত বুধবাৰে ভৰ্ত্তি কৰিছিল।অৱশ্যে বৃহস্পতিবাৰে সন্ধিয়া চিকিৎসাধীন শিশুটি মৃত বুলি চিকিৎসকে ঘোষণা কৰাত পৰিয়ালৰ লোকে নিজ গৃহলৈ আনি সৎকাৰৰ বাবে নীতি নিয়ম কৰে । পৰিয়াল, আত্মীয় স্বজন আৰু স্থানীয় লোকে শিশুটি নিজ গৃহত নীতি নিয়ম সম্পন্ন কৰা পাছত ৰাজহুৱা শ্মশানত সমাধিস্থ কৰা বাবে প্ৰস্তুতি চলাওতেই জীৱিত হোৱা দেখা বুলি অভিযোগ কৰিছে ।শিশুটিৰ চকু মেলাৰ লগতে অন্যান্য আনুষংগিক কাৰ্যকলাপ কৰিবলৈ লোৱা বুলি অভিযোগ কৰে ।ততাতৈয়াকৈ শিশুটো চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰেগৈ । অৱশ্যে নিশা পুনৰ দেৱশিশুটিয়ে মৃত্যুক আকোঁৱালি লয় । এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.