Investigative reporting with dedication.

নামৰূপ সাৰ কাৰখানা ব্যক্তিগত খণ্ডৰ হাতলৈ হস্তান্তৰ কৰাৰ ষড়যন্ত্ৰ আৰু চতুৰ্থ গোট স্থাপনৰ পৰিকল্পনা কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই আজি মুণ্ডন কাৰ্যসূচী ৰূপায়ণ কৰিছে। চৰকাৰে নামৰূপ সাৰকাৰখানাক ব্যক্তিগত খণ্ডক গতাবলৈ লোৱাৰ ষড়যন্ত্ৰৰ বিৰোধিতা কৰি আজি ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। সদৌ ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ অন্তৰ্গত নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিবাদত অংশ লৈছে।প্ৰতিবাদত কেইবাজনো আছুৰ সদস্যই মুণ্ডন কৰি অসম আৰু কেন্দ্ৰীয় চৰকাৰক সকিয়নি প্ৰদান কৰে। শীঘ্ৰেই নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ দাবী আছুৰ। এই সিদ্ধান্ত বাতিল নকৰিলে চৰকাৰৰ বিৰুদ্ধে অধিক জংগী আন্দোলৰ কাৰ্যসূচী ঘোষণা কৰিব বুলি সকিয়নি দিয়ে সংগঠনটোৱে.এই প্ৰতিবাদী কাৰ্যসূচীত আছুৰ ডিব্ৰুগড় জিলাৰ সমিতিৰ সম্পাদক অৱনী গগৈ, সহকাৰী সাধাৰণ খগেন দত্ত, ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উপদেষ্টা ৰূপজ্যোতি বৰঠাকুৰকে প্ৰমুখ্য কৰি কেইবাজনো জিলা সমিতিৰ বিষয়ববীয়াই অংশ গ্ৰহণ কৰে।প্ৰতিবাদৰ পাছত আছুৱে ডিব্ৰুগড়ৰ উপায়ুক্তৰ যোগেদি ৰাজ্যপাললৈ এখন কেইবা দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।




