মাজুলী : দ্যা শ্ব’ মাষ্ট গ’ অন …

Share This Article

প্ৰেমৰ ৰসত বুৰ গল সত্ৰ নগৰী মাজুলী। ময়াময় হৈ পৰিল ৰাস পূৰ্ণিমাৰ বিতোপন নিশা। ৰাস পূৰ্ণিমাৰ প্ৰথম নিশা ময়াময় পৰিবেশত বুৰ গ’ল সমগ্ৰ মাজুলী। ৰাসৰ গীতৰ মধুৰ মূৰ্চনা, খোল তাল বাঁহীৰ মাতত গকুল বৃন্দাবনৰ দৰে সজীৱ হৈ পৰিল বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী। মাজুলীৰ ৬১ খন ৰংগমঞ্চত ৰাস উপভোগৰ বাবে হাজাৰ হাজাৰ লোকৰ সমাগম দেখা গ’ল মাজুলীত।মাজুলীৰ গড়মূৰ সত্ৰৰ বংশী গোপাল নাট্য মন্দিৰত ৰাস লীলা উপভোগ কৰে জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে। বংশী গোপাল নাট্য মন্দিৰৰ সুন্দৰ ৰাসে আকৰ্ষণ কৰে হাজাৰ হাজাৰ অতিথিক। আজি মাজুলীত ৰাস লীলা উপভোগ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়া কেইবাটাও হৃদয়বিদাৰক ঘটনাৰ বাবে মাজুলী সংবাদমাধ্যমৰ শীৰ্ষত আছিল। সুকণ্ঠী গায়িকা তেজস্বিতাৰ মৃত্যুৰ পৰা কালিলৈকে মাজুলী কেবাটাও শোকাৱহ ঘটনাৰ সাক্ষী হ’ল৷কালিৰ দিনটোতো মাছ মাৰিবলৈ গৈ ৩ টিকৈ শিশুৱে মৃত্যুক সাৱটিলে। তথাপিও মাজুলীবাসীয়ে শোকৰ মাজতেই ক্ষণিক আনন্দৰ সাগৰত বুৰ যাব বিচাৰিছে ৰাসক্ৰীড়াৰ জৰিয়তে। কাৰণ দ্য শ্ব’ মাষ্ট গ’ অন ……

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.