দেউৰী পৰিষদীয় নিৰ্বাচন: মনোনয়ন দাখিল পৰ্ব শেষ

Share This Article

আজি দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। অহা ৮ নৱেম্বৰত অনুষ্ঠিত হব এই নিৰ্বাচন।শিৱসাগৰ জিলাৰ থাওৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত ৩টা সমষ্টিত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন।প্ৰথম বাৰৰ বাবে এইবাৰ ৰাইজৰ দলে দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত অৱৰ্তীণ হ’ব। ৰাইজৰ দলে জেপিপিৰ লগত মিত্ৰতা কৰি থাওৰা বিধান সভা সমষ্টিৰ তিনিটা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব।ৰন্ধন গেছৰ চিলিণ্ডাৰ প্ৰতীক চিহ্ন হিচাপে লাভ কৰিছে ৰাইজৰ দল আৰু জেপিপি মিত্ৰদলে।শিৱসাগৰ থাওৰা বিধান সভা সমষ্টিৰ ৰজাবাৰী ৪ নং, ককিলামাৰী ৫ নং আৰু কটিয়ৰী নং এই তিনিটা সমষ্টিত দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হব।ইপিনে বিজেপি আৰু অগপ মিত্ৰ দলেও এই তিনিটা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াইছে। দুটা সমষ্টিত বিজেপি দলে আৰু এটা সমষ্টিত দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ মুঠ ২২ টা সমষ্টিৰ আটাইকেইটা বিজেপি আৰু মিত্ৰ দল অগপই লাভ কৰিব বুলি কয় থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহায়ে।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.