ICC লৈ পঠিয়াওক সৌৰভ গাংগুলীক

Share This Article

জয় শ্বাহক ৰাখি,গাংগুলীক আঁতৰোৱাটো অন্যায় ।গাংগুলী আমাৰ গৌৰৱ-মন্তব্য মমতা বেনাৰ্জীৰ।সৌৰভ গাংগুলীক আন্তৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিললৈ পঠিওৱাৰ আহ্বান ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতি এই আহ্বান পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। মুখ্যমন্ত্ৰী বেনাৰ্জীৰ মতে গাংগুলী এগৰাকী উপযুক্ত প্ৰশাসক ।“কিন্তু মই নাজানো,কিবা অদৃশ্য কাৰণত অমিত শ্বাহৰ পুত্ৰ ভাৰতীয় ক্ৰিকেট বৰ্ডত থাকিল কিন্তু সৌৰভ গাংগুলীক আঁতৰাই পঠিওৱা হ’ল।ইয়াৰ কাৰণ কি ? আমি জানিব বিচাৰিছোঁ”-এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে। উল্লেখযোগ্য যে ২০১৯ চনৰ ১৯ নবেম্বৰত সৌৰভ গাংগুলীক বিচিচিআইৰ সভাপতি পদত অধিষ্ঠিত কৰা হৈছিল.।মুখ্যমন্ত্ৰীগৰাকীৰ মতে গাংগুলীক আইচিচি লৈ পঠিয়ালেহে তেওঁৰ হৃত সন্মান ঘূৰাই অনা হ’ব।তেওঁ গাংগুলীক বঞ্চিত কৰাৰ কথা উল্লেখ কৰি কয়”তেওঁক বঞ্চিত কৰা হৈছে।আমি তেওঁক লৈ গৌৰৱ কৰোঁ।”উল্লেখযোগ্য যে বিচিচিআইৰ সভাপতিৰ দায়িত্বৰ পৰা আঁতৰাই গাংগুলীৰ স্থানত স্থলাভিষিক্ত কৰা হৈছে বিশ্ব কাপ জয়ী ৰগাৰ বিন্নীক।ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰগৰাকী সৰ্বসন্মতভাৱে বিচিচিআইৰ সভাপতি নিৰ্বাচিত হোৱাটো নিশ্চিত।১৮ অক্টোবৰত বিচিচিআইৰ সাধাৰণ সভা অনুষ্ঠিত হ’ব ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.