কেৱল অৱসৰকালীন চাকৰি গ্ৰহণ কৰা ন্যায়াধীশসকলক কিয় সমলোচনা কৰা হয়-ৰঞ্জন গগৈ

Share This Article

“কেৱল অৱসৰকালীন চাকৰি গ্ৰহণ কৰা ন্যায়াধীশ সকলকেহে কিয় সমলোচনা কৰা হয়? Activist Judge অথবা ব্যৱসায়িক কাম কাজত জড়িত হোৱা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ সকলক কিয় সমালোচনা কৰা নহয়?”-এই প্ৰশ্ন দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ। Ensuring an Independent Judiciary Under our Constitution: Confronting the Contemporary Challenges শীৰ্ষক এক সন্মিলনত অংশগ্ৰহণ কৰি শেহতীয়াকৈ এই প্ৰশ্ন কৰে ৰঞ্জন গগৈয়ে।মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি সন্মিলনখনত ৰঞ্জন গগৈয়ে তিনি প্ৰকাৰৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ বাখ্যা কৰে-“প্ৰথম প্ৰকাৰৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ হৈছে Activist Judge,যিয়ে বাক স্বাধীনতা আৰু ন্যায়িক স্বাধীনতাৰ হৈ মাত মাতে।দ্বিতীয় প্ৰকাৰৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশে স্বাধীন কৰ্ম যেনে ব্যৱসায় আদিত জড়িত হৈ পৰে।আৰু তৃতীয় প্ৰকাৰৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশে অৱসৰকালীন চাকৰি গ্ৰহণ কৰে।”প্ৰাক্তন ন্যায়াধীশজনৰ প্ৰশ্ন,কিয় কেৱল তৃতীয় প্ৰকাৰৰ ন্যায়াধীশকহে মানুহে সমালোচনা কৰে।activist judge সকলে কাৰ হৈ কাম কৰে,কোনে তেওঁলোকক সহযোগিতা কৰে সেই সন্দৰ্ভত আৰু ব্যৱসায়িক কামত জড়িত হৈ পৰা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ সকলৰ ওপৰত কোনেও প্ৰশ্ন নোতোলে।বক্তব্যত Think tank Vidhi Centre for Legal Policy ৰ ২০১৬ চনৰ এক সমীক্ষা উল্লেখ কৰি কয় যে,উচ্চতম ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা দেশৰ ১০০জন ন্যায়াধীশৰ ৭০ জনেই অৱসৰকালীন চাকৰি গ্ৰহণ কৰিছে।তেওঁলোকে দেশৰ ন্যায় ব্যৱস্থাৰ স্বাধীনতা খৰ্ব কৰিছে নেকি বুলিও প্ৰশ্ন কৰে ৰঞ্জন গগৈয়ে।উল্লেখনীয় যে,বিগত বৰ্ষৰ ১৭ জানুৱাৰীত মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত দেশৰ ৰাষ্ট্ৰপতিয়ে ৰঞ্জন গগৈক ৰাজ্যসভাৰ সাংসদ হিচাপে নিযুক্তি দিয়ে।এই নিযুক্তিৰ পিছতে দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ বিতৰ্ক আৰু সমালোচিত হৈছিল ৰঞ্জন গগৈ।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.