সাৱধান !আপোনাৰ শিশুও হ’ব পাৰে টাৰ্গেট !

Share This Article

শিশুক ফুচুলাই ঘটি আছে ধন

শিশুক পৰ্ণগ্ৰাফীত জড়িত কৰাই গ্ৰেপ্তাৰ ৫০ জন

‘অপাৰেচন মেঘচক্ৰ’ আৰম্ভ কৰিছে চিবিআয়ে৷দেশৰ মুঠ ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৯ টা স্থানত সংস্থাটোৰ দ্বাৰা এই অপাৰেচন চলিছে৷অসমৰ গুৱাহাটী আৰু ধেমাজিৰ মুঠ ৬ টা স্থানত চিবিআয়ে এই অভিযান চলাইছে ৷

শিশুক যৌন নিগ্ৰহ চলোৱাৰ লগতে পৰ্ণ’গ্ৰাফিক চিনেমা নিৰ্মাণত তেওঁলোকক জড়িত কৰা সকলৰ বিৰুদ্ধে সংস্থাটোৱে আৰম্ভ কৰিছে এই অভিযান৷

এই অভিযানৰ সময়ত চিবিআয়ে প্ৰায় ৫০ জনৰো অধিক এনে কামৰ লগত জড়িত ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে৷
এই অভিযুক্ত লোক সকলৰ পৰা বিভিন্ন ইলেক্ট্ৰনিক সামগ্ৰী লেপটপ ,ম’বাইল আদি জব্দ কৰিছে চিবিআইয়ে৷

সংস্থাৰ চাইবাৰ অপৰাধ অনুসন্ধান শাখাই ইতিমধ্যে সেই সামগ্ৰীসমূহত আপত্তিজনক তথ্যৰ লগতে ভিজুৱেল থকাটো নিশ্চিত কৰিছে৷

উল্লেখযোগ্য যে চিবিআয়ে আইটি এক্টৰ অধীনত দুটা গোচৰ ৰুজু কৰিছে৷ইণ্টাৰপলৰ পৰা সংগৃহীত তথ্যৰ ভিত্তিত শিশুৰ বিৰুদ্ধে অপৰাধৰ এই গোচৰ ৰুজু কৰিছে চিবিআয়ে৷

ইণ্টাৰপলৰ ছিংগাপুৰত অৱস্থিত শাখাই এই তথ্য নিউজিলেণ্ডৰ পৰা লাভ কৰিছিল৷
গোচৰত এই তথ্যও সন্নিৱিষ্ট কৰা হৈছে যে যথেষ্ট সংখ্যক ভাৰতীয়ই শিশুৰ এনে ভিডিঅ’ ডাউনলোড কৰাৰ লগতে চাৰ্কুলেট কৰে৷

সংস্থাটোৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি অসমৰ গুৱাহাটী আৰু ধেমাজিত শিশুৰ পৰ্ণগ্ৰাফীৰ দৰে অপৰাধ বহুত দিনৰ পৰাই সংঘটিত হৈ আছিল৷
অসমৰ লগতে উত্তৰ পূবৰ আন দুখন ৰাজ্য ক্ৰমে অৰুণাচল আৰু ত্ৰিপুৰাতো এই অভিযান চলাইছিল সংস্থাটোৱে৷
উত্তৰাখণ্ড,হাৰিয়ানা,মহাৰাষ্ট্ৰ,গুজৰাট,ঝাৰখাণ্ড,পশ্চিমবংগ,তামিলনাাডু ,কেৰালা,ৰাজস্থান,গোৱা আদি ৰাজ্যৰ বিভিন্ন প্ৰান্ততো সংস্থাটোৱে শনিবাৰে তালাচী চলাইছিল৷
গুৰুত্বপূৰ্ণ বিষয় এয়ে যে ভাৰতত শিশুৰ ওপৰত চলি থকা শোষণ,নিৰ্যাতনৰ তথ্য ইণ্টাৰপলৰ জৰিয়তে চিবিআই লৈ প্ৰেৰণ কৰিছিল নিউজিলেণ্ডৰ পৰা৷

শিশুক পৰ্ণগ্ৰাফী ভিডিঅ’ত বলপূৰ্বকভাৱে ব্যৱহাৰ কৰাই আন্তৰ্জাতিক বজাৰত সেই ভিডিঅ’সমূহৰ জৰিয়তে এটা দলে যথেষ্ট ধন উপাৰ্জন কৰি আছে৷

ক্লাউড বেচ ষ্টৰেজত ৰখা এই তথ্য সমূহৰ যোগেদি ভাৰতৰ কোন কোন ঠাইত এনে ধৰণৰ ঘটনা সংঘটিত হৈ আছে তাৰো সবিশেষ তথ্য যোগান ধৰিছিল ইণ্টাৰপলে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.