পুনৰ চিত্ৰগৃহলৈ অসমীয়া চলচ্চিত্ৰ “একলব্য”

Share This Article

পুনৰ চিত্ৰগৃহলৈ অসমীয়া চলচ্চিত্ৰ “একলব্য”
জুবিন গাৰ্গৰ প্ৰচেষ্টাত মুক্তিলাভ কৰিব এক্সনধৰ্মী ছবিখন

গুৱাহাটী, ২২ ছেপ্টেম্বৰঃ চলিত বৰ্ষৰ ৭ জানুৱাৰীত সমগ্ৰ অসমত মুক্তিলাভ কৰা অসমীয়া চলচ্চিত্ৰ “একলব্য” পুনৰ চিত্ৰগৃহলৈ আহিব। অহা ৭ অক্টোবৰত সমগ্ৰ অসমতে মুক্তি দিয়া হ’ব এক্সনধৰ্মী ছবিখন। ক’ভিডৰ দ্বিতীয় ঢৌৰ ফলস্বৰূপে অসমৰ প্ৰায়ভাগ ছবিগৃহ বন্ধ কৰিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছিল। যাৰ পৰিণতিত অধিকাংশ দর্শকেই ছবিখন উপভোগ কৰাৰ পৰা বঞ্চিত হয়। সেয়ে আই ক্ৰেচনৰ বেনাৰত জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গে পুনৰবাৰ মুক্তি দিব আলফ্ৰেডৰ দ্বাৰা পৰিচালিত অসমীয়া পূৰ্ণদৈৰ্ঘৰ ছবিখন। বৃহস্পতিবাৰে মহানগৰীৰ ৰাজগড়স্থিত অভিনয়াত এক সংবাদমেল সম্বােধন কৰি এই কথা জানিবলৈ দিয়ে গৰিমা শইকীয়া গাৰ্গে। আনহাতে, “একলব্য” ছবিখনৰ লগত সংগতি ৰাখি জুবিন গাৰ্গ আৰু জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত ৰখা হৈছে এক মহৎ পদক্ষেপ। ছবিখনৰ পৰা হ’বলগীয়া উপাৰ্জনৰ ১০% ধনৰাশি ব্যৱহাৰ কৰা হ’ব সমাজৰ অসহায় শিশুসকলৰ কল্যাণৰ অৰ্থে। অসহায় শিশুসকলৰ কল্যাণৰ বাবে অহৰহ কাম কৰি অহা মিগুৱেল দাস, অৰ্চনা বৰঠাকুৰকে আদি কৰি সমাজৰ ভিন্ন স্তৰৰ ব্যক্তি তথা দল-সংগঠনে এই পদক্ষেপক ভূয়সী প্রশংসা কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.