গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়েও ত্যাগ কৰিলে দল

Share This Article

গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়েও ত্যাগ কৰিলে দল

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰতক একেলগ কৰাৰ প্ৰয়াস চলাই থকাৰ সময়তে দলৰ ৮ জন বিধায়কে দল এৰি বিজেপিত যোগদান কৰিলে৷

“ কংগ্ৰেছৰ ‘ভাৰত জোড়ো’ যাত্ৰাৰ ব্যাপক সফলতাৰ পিছত বিজেপিয়ে আৰম্ভ কৰিছে অপাৰেশ্যন খিচিৰি অভিযান৷বিজেপিয়ে আচলতে ভয় খাইছে৷সেয়ে ক্ষমতা আৰু ধন প্ৰয়োগে কৰি যাত্ৰাটোত বিধিপথালি দিব বিচাৰিছে”- এনেদৰে টুইটাৰত মন্তব্য দিয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে৷

এআইচিচিৰ গোৱাৰ দায়িত্বত থকা নেতা দীনেশ গুণ্ডুৱে কয় “ গণতান্ত্ৰিক পৰম্পৰা সম্পূৰ্ণৰূপে ভংগ হৈছে গোৱাত৷ধন,মন্ত্ৰিত্বৰ টোপ দি বিৰোধীক সম্পূৰ্ণৰূপে উৎখাত কৰিব বিচাৰিছে বিজেপিয়ে৷”

গুণ্ডুৱে পুনৰ কয় “ গোৱাৰ জনতাই এই বিধায়ক সকলক ভোট দিছিল কাৰণ তেওঁলোকে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছিল৷তেওঁলোকে মন্দিৰ,গীৰ্জা,দৰগাহৰ সন্মুখত কংগ্ৰেছ দল এৰি নাযায় বুলি শপত খাইছিল৷তেওঁলোকে আনকি সদায় কংগ্ৰেছত থাকিব বুলি শপতনামাও দাখিল কৰিছিল৷”
গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগম্বৰ কামাট আৰু বিৰোধী দলৰ নেতা মাইকেল ল’ব’ৱেও বুধবাৰে বিজেপিত যোগদান কৰে৷বৰ্তমান গোৱাত কংগ্ৰেছৰ মাত্ৰ
৩ জন বিধায়কহে আছে৷

আনহাতে,আপৰ মূৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গণতান্ত্ৰিক পৰম্পৰা তথা দেশৰ সংবিধানকো বিজেপিয়ে এনে কাৰ্যৰ জৰিয়তে অৱমাননা কৰিছে বুলি বিজেপিক সমালোচনা কৰিছে৷বিজেপিয়ে সেই একেটা কাম পঞ্জাৱতো কৰিব খুজি আছে বুলি উল্লেখ কৰি কেজৰিৱালে দলটোৱে ক’ৰ পৰা ইমান ধন পায় বুলিও প্ৰশ্ন কৰে৷

বিজেপিত যোগদান কৰা কংগ্ৰেছৰ বিধায়ক কেইজন হ’ল দিগম্বৰ কামাট,মাইকেল ল’ব’,ডেলিয়াহ ল’ব’,ৰাজেশ ফালদেশাই,কেডাৰ নায়ক,সংকল্প অমনকাৰ,এলেক্সিয়া চিকুৰিয়া,ৰুদল্ফ ফাৰ্ণাণ্ডেজ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.