অৰণ্য মানৱৰ উপস্থিতিত অসম ডাউন টাউন ইউনিভাৰ্চিটিত অনুষ্ঠিত হয় বিশ্ব পৰিবেশ দিৱস

Share This Article

অসম ডাউন টাউন ইউনিভাৰ্চিটিত মুখ্য অতিথিৰূপে অৰণ্য মানৱ যাদৱ পায়েঙৰ উপস্থিতিত অনুষ্ঠিত হয় বিশ্ব পৰিবেশ দিৱস। মুখ্যতঃ জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত মত বিনিময়ৰ এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় বিশ্ব পৰিবেশ দিৱসৰ এই অনুষ্ঠান ।


তাৰোপৰি উক্ত অনুষ্ঠানত উপস্থিত থাকে অধ্যাপিকা বন্দনা দত্ত , আচাৰ্য ডক্তৰ এন এন দত্ত, উপ-আচাৰ্য তথা অধ্যাপক এন চি তালুকদাৰ আৰু অধ্যাপক এল এন কাকতি ।
অনুষ্ঠানত অৰণ্য মানৱ যাদৱ পায়েঙে তেওঁৰ এখন অৰণ্য সৃষ্টিৰ ৩২ বছৰীয়া অভিজ্ঞতাৰ বিষয়ে কয় । তেওঁ পৰিবেশ সন্দৰ্ভত ভাৰতীয় শিক্ষা ব্যৱস্থাত ব্যৱহাৰিক পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তিৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে । এখন পৃথক পৰিবেশ বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ তেওঁ চৰকাৰলৈ আগবঢ়ায়।
অৰণ্য মানৱজনৰ এটি এটি গছপুলি ৰোপন কৰি তাৰ প্ৰতিপালন কৰাৰ পৰা আৰম্ভ কৰি এখন সম্পূৰ্ণ অৰণ্য গঢ়াৰ অভিজ্ঞতাৰ বৰ্ণনা শুনি অনুপ্ৰাণিত হয় অসম ডাউন টাউন ইউনিভাৰ্চিটিৰ শিক্ষাৰ্থী সকল।
যাদৱ পায়েঙে গোলকীয় উষ্ণতাৰ সমস্যাৰ মষিমূৰ কৰিবৰ বাবে শিক্ষাৰ্থী সকলক জৈৱবৈচিত্ৰ বিষয়ত অধ্যয়নৰ আহ্বান জনায় ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.