মাহ জানুৱাৰী 2022

লতা মংগেশকাৰ ক’ভিড-১৯ত আক্রান্ত

ভাৰতৰ নাইটিংগেল লতা মংগেশকাৰ ক’ভিড-১৯ত আক্রান্ত। ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। কিংবদন্তি গায়িকাগৰাকী বৰ্তমান মুম্বাইৰ ব্ৰিচকেণ্ডি চিকিৎসালয়ৰ ICUত চিকিৎসাধীন হৈ আছে। গায়িকাগৰাকীৰ বয়সৰ ওপৰত লক্ষ্য ৰাখি ICU ত চিকিৎসা কৰা হৈছে।

ৰঙা চীনে আৱিষ্কাৰ কৰিলে কৃত্রিম সূৰ্য

ন-ন আৱিষ্কাৰৰ ক্ষেত্রত বিশ্বৰ ভিতৰত চৰ্চাত থাকে চীন। এইবাৰ ৰঙা চীনে আৱিষ্কাৰ কৰিলে কৃত্রিম সূৰ্য। আচল সূৰ্যতকৈ ৫ গুণ শক্তিশালী কৃত্রিম সূৰ্যৰ তাপমাত্রা  ৭০ নিযুত ডিগ্রী ছেলছিয়াছ। উৎক্ষেপণৰ পাছত ১৭ মিনিট ৩৬ ছেকেণ্ড সময়ৰলৈকে তাপমাত্ৰা ধৰি ৰাখিছিল কৃত্ৰিম সূৰ্যটোৱে। ১০…

মানুহৰ দেহত গাহৰিৰ হৃদপিণ্ড সফলতাৰে সংৰোপন

আমেৰিকাৰ এখন চিকিৎসালয়ত এগৰাকী ব্যক্তিৰ দেহত সফলতাৰে সংৰোপন কৰা হয় গাহৰিৰ হৃদপিণ্ড। আমেৰিকাৰ মেৰিলেণ্ড ইউনিভাৰচিটী অৱ মেডিকেল স্কুলত এই কাৰ্য সফলতাৰে সমাপ্ত হৈছে। এগৰাকী ৫৭বছৰীয়া লোকৰ দেহত গাহৰিৰ হৃদযন্ত্ৰ সফলতাৰে সংৰোপন কৰা হয়। সোমবাৰে এই জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰে চিকিৎসক…

কোনে কৰাব লাগিব কোভিড পৰীক্ষা, কোনে নালাগে ?

কেন্দ্ৰীয় চৰকাৰৰ নতুন আদেশ অনুসৰি ক’ৰোনা ৰোগীৰ সংস্পৰ্শলৈ অহা সকলোৱে কোভিড পৰীক্ষা কৰাৰ প্ৰয়োজন নাই। বৃদ্ধ বা আগৰে পৰা বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা লোকহে কৰিব লাগিব কোভিড পৰীক্ষা। বিশেষকৈ উচ্চ ৰক্তচাপ, হাঁওফাঁও আৰু বৃক্কৰ ৰোগ, মেদবহুলতা আদি ৰোগত ভোগী…

কোভিডৰ গণসংক্ৰমণ……

অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাথো এটা দিন। আনহাতে ৰাজ্য চৰকাৰে অসমত নতুনকৈ SOP জাৰি কৰা পাছতো কোভিড-১৯ একেদিনাই ২,০০০ ৰ সীমা অতিক্ৰম কৰিছে। সোমবাৰৰ দিনটোত নতুনকৈ ২১৯৮ জন ৰোগী আক্ৰান্ত হৈছে কোভিডত। সৰ্বাধিক কামৰূপ(ম)তে যোৱা ২৪ ঘণ্টাত ৭৬০…

হৰিদ্বাৰৰ মুছলমান বিদ্বেষী ঘটনাৰ বিৰুদ্ধে হব তদন্ত

আজি উচ্চতম ন্যায়ালয়ে হৰিদ্বাৰ আৰু দিল্লীত ১৭ আৰু ২১ ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা দুটা অনুষ্ঠানত আপত্তিজনক ভাষণ প্ৰদান কৰা অভিযুক্তৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশনা জাৰি কৰিছে । দিল্লীৰ বাসিন্দা কোৰবান আলি আৰু জ্যেষ্ঠ অধিবক্তা অঞ্জনা প্ৰকাসে দাখিল কৰা এই গোচৰ আগবঢ়োৱা…

ক’ভিড-১৯ ত আক্রান্ত প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিং

  ক’ভিড-১৯ ত আক্রান্ত প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিং। মন্ত্রীগৰকীয়ে নিজেই টুইটাৰ যোগে প্ৰকাশ কৰিছে এইকথা। বৰ্তমান তেওঁ হোম আইছ’লেচনত আছে। লগতে মন্ত্ৰী ৰাজনাথ সিঙে  এইকেইদিনত তেওঁৰ সংস্পর্শলৈ সকলো ব্যক্তিকে ক’ভিড টেস্ট কৰিবলৈ অনুৰোধ জনাইছে টুইটাৰ যোগে।  

মুম্বাই বিমানবন্দৰত জুই : কথমপি বাচিল ৮৫ যাত্ৰী

আজি মুম্বাই বিমানবন্দৰত এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ পুছ বেক ট্ৰলিত জুই লাগে । ফলত বিমানবন্দৰত আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ পুছ বেক ট্ৰলি হৈছে বিমান এখনক টেক্সি-ৱেৰ পৰা ৰানৱেলৈ অনা এখন ট্ৰেক্টৰ সদৃশ বাহন। এই ঘটনা সংঘটিত হোৱা সময়ত বিমানখনৰ…

মোদীৰ যাত্ৰাভংগ : উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশে কৰিব তদন্ত

নিৰাপত্তাজনিত কাৰণত প্ৰধানমন্ত্ৰী মোদীয়ে কিছুদিনৰ পূৰ্বে আধাতে সামৰিবলগীয়া হৈছিল পঞ্জাৱ ভ্ৰমণ। এই ঘটনাৰ পিছতেই সমগ্ৰ দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। শাসক-বিৰোধীৰ মাজতো তীব্ৰ বাক-বিতণ্ডাৰ সূত্ৰপাত হৈছিল। বিষয়টো গৈ পাইছিল উচ্চতম ন্যায়ালয়ৰ মজিয়া। অৱশেষত এই বিষয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত…

অসম কৃষি বিশ্ববিদ্যালয়ৰ ৪৪ গৰাকী ছাত্র-ছাত্ৰী আক্রান্ত ক’ভিডত

নিতৌ ৰাজ্যত বৃদ্ধি পাইছে ক’ভিড-১৯ ত আক্রান্ত ৰোগীৰ সংখ্যা। যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ ৪৪ গৰাকী ছাত্র-ছাত্ৰী আক্রান্ত ক’ভিডত। বিশ্ববিদ্যালয়খনৰ ১১ আৰু ১২ নম্বৰ হোষ্টেলৰ আৱাসী আক্রান্ত হৈছে ক’ভিডত। বৰ্তমান সময়ত দুয়োটা হোষ্টেলয়েই কণ্টেইনমেন জ’ন হিচাপে ঘোষণা কৰে। উল্লেখ্যযোগ্য যে, যোৰহাট…