মাহ নৱেম্বৰ 2021

এইবাৰ বাঢ়িব মোবাইল ফোনৰ খৰচ

ৰন্ধন গেছ , অত্যাৱশ্যকীয় সামগ্ৰী , শাক পাচলিৰ মূল্যবৃদ্ধিয়ে জ্বলা কলা কৰাৰ পাছত এইবাৰ বৃদ্ধি হ’ব মোবাইলৰ খৰচ ৷ সোমবাৰে এয়াৰটেলে সদৰী কৰা অনুসৰি প্ৰিপেইড ফোন কল আৰু ডাটা পেকৰ মাচুল শুক্ৰবাৰৰ পৰা বৃদ্ধি পাব ৷ এতিয়াও ভোডাফোন আৰু জিওৰ…

বাতিল হোৱা কৃষি আইন চৈধ্য বছৰ ধৰি বলৱৎ হৈ আছিল অসমত

নৰেন্দ্ৰ মোদীয়ে প্ৰত্যাহাৰ ঘোষণা কৰা আইন অসমত বলৱৎ হৈছিল ২০০৬ চনতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যাহাৰ ঘোষণা কৰা কৃষি আইন ২০২০ চনতেই প্ৰত্যাহাৰ হৈছিল অসমত৷যি তিনি আইনৰ বিৰোধিতাৰে কৃষক অভূতপূর্ব কৃষক বিদ্ৰোহৰ সূচনা কৰিলে,সেই কৃষি আইন ১৪ বছৰ ধৰি বলৱৎ হৈ…

আন্দোলন অব্যাহত থাকিব।

যোৱা ডেৰ বছৰীয়া সংগ্ৰামত ৭০০ জন কৃষকে প্ৰাণ আহুতি দিয়াৰ পাছতো আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ কৃষক নেতৃত্বৰ।নিজৰ নাক কাটি নৰেন্দ্ৰ মোদীয়ে তিনি কৃষি আইন বাতিল কৰিব বুলি ঘোষণা কৰাৰ পাছতো কৃষক নেতৃত্বই আন্দোলনৰ থলী এৰা নাই।তেওঁলোকে কব খোজে যে কেৱল…

কি আছে The Annual Status of Education Report 2021ত?

অৱশেষত ৰাজহুৱা হ’ল The Annual Status of Education Report চমুকৈ ASER।The Annual Status of Education Report অৰ্থাৎ চমুকৈ এ.এছ.ই.আৰ হৈছে এটা নাগৰিক নেতৃত্বাধীন ঘৰুৱা জৰীপ। এই জৰীপে দেশৰ শিশু সকলৰ স্কুলীয়া শিক্ষাৰ স্থিতি তথা আন্তঃগাঁথনি আৰু গাণিতিক দক্ষতাৰ তথ্য সংগ্ৰহ…

অৱশেষত জামিন পালে ছায়নীয়ে

ত্ৰিপুৰাত গ্ৰেপ্তাৰ হোৱা যুৱ তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী ছায়নী ঘোষে অৱশেষত জামিন লাভ কৰিলে ৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ সভাত হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল ছায়নীৰ বিৰুদ্ধে ৷ তাৰ পাছতে দেওবাৰে তেওক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আজি ছায়নীক…

কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি তলত পৰিল বাহন।

কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি তলত পৰিল বাহন।এতিয়াও সন্ধানহীন বাহনখন।ঘটনাস্থলীত আৰক্ষী আৰু এচ ডি আৰ এফ উপস্থিত হৈ অভিযান আৰম্ভ কৰিছে।ট্ৰাক বুলি প্ৰাথমিক অনুসন্ধানত জানিব পৰা গৈছে বাহনখন৷NDRF আৰু সেনা বাহিনীৰো সহায় বিচাৰিছে।এতিয়ালৈ সন্ধান নাই বাহনত থকা কোনো মানুহৰো৷

হু ইজ এ ভি ডি ভিলিয়াৰ্ছ?

এ বি ডি ভিলিয়াৰ্চ। বিশ্ব ক্ৰিকেটত বলাৰৰ বাবে এটা ত্ৰাসৰ নাম এ বি ডি ভিলিয়াৰ্চ। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক তথা দুৰ্দান্ত বেটছমান এ বি ডি ভিলিয়াৰ্চৰ নাম নুশুনা ক্ৰিকেট প্ৰেমী হয়তো হয়তো কমেই ওলাব। টি-২০-এদিনীয়া কিম্বা টেষ্ট প্ৰতিটো ফৰ্মেটতে আছে…

অসম জীয়ৰী বৰ্ণালী দাসে আবিষ্কাৰ কৰিলে বিৰল তৰা

এটা ইতিবাচক খবৰ। এগৰাকী অসম সন্তানৰ কীৰ্তিত্বই এতিয়া গৌৰম্বিত কৰিছে ৰাজ্যবাসীক। বহু ৰাষ্ট্ৰীয়- আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এগৰাকী অসম জীয়ৰী। কিন্তু অসমীয়া সংবাদ মাধ্যমত বিশেষ চৰ্চা নাই এই খবৰটোৰ। পুনেৰ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেনটেল ৰিচাৰ্চ চমুকৈ টিআইএফআৰ…

দুখবৰঃ কাপোৰ আৰু জোতা/চেণ্ডেলৰ GST বৃদ্ধি কৰিব কেন্দ্ৰই-বৃদ্ধি পাব দাম

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা ১০০০ টকা পৰ্য্যন্ত মূল্যৰ কাপোৰ আৰু জোতা/চেণ্ডেলৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ GST ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ লগে লগে সাধাৰণ জনতাৰ…

ৰূপালী জয়ন্তী বৰ্ষত অন্ত পৰিল পৰাগ কুমাৰ দাস সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা

শ্ৰেষ্ঠ তাৰ্কিক ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গুন্জন ৰাজবংশী, শ্ৰেষ্ঠ দল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৪৬ তাৰ্কিকৰ অংশগ্ৰহণ, অধ্যক্ষৰ আসনত প্ৰাক্তন ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকা গুৱাহাটী, ২১ নবেম্বৰ: অবশেষত অন্ত পৰিল ২৫ বছৰীয়া পৰাগ কুমাৰ দাস সোঁৱৰণী সদৌ অসম আন্ত: মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাৰ। ঐতিহ্যমণ্ডিত প্ৰতিযোগিতাখনৰ…