লকডাউনত বাঢ়িছে শিশুৰ প্ৰতি যৌন নিৰ্যাতনৰ ঘটনা

Share This Article

লিখিছে-
ববিতা শইকীয়া
আইনী পৰামৰ্শদাতা আৰু ৰাজ্যিক সমন্ধয়ক, অসম বচ্পন বচাও আন্দোলন , নতুন দিল্লী।

 

প্ৰশ্ন হয় মনত, কৰ’না আৰু লকডাউন ৰ দৰে গভীৰ সমস্যা এটাৰ গৰাহত সমাজৰ আন আন বিষয় সমূহ তল পৰি গৈছে নেকি? বিশেষকৈ অসমত চৰকাৰী বিভাগ সমূহৰ বেছিভাগৰ কামত কেৱল কৰ’না ৰ প্ৰভাৱ ।এইসময়ছোৱাত অন্যান্য বিষয় বিলাকৰ উপৰি শিশু সকলৰ অধিকাৰ, বৌদ্ধিক আৰু শাৰিৰীক বিকাশৰ প্ৰতি দায়বদ্ধতা পালন কৰিব পাৰিছোনে? শিশুসকলক লৈ চিন্তাৰ থল এইকাৰণতেই বেছি যিহেতু কৰ’নাৰ অ,আ, ক, খ, তেওঁলোকে বুজি নাপায় অথচ তেওঁলোকেই আটাইতকৈ স্পৰ্শকাতৰ ।অনলাইনত পাঠদান দিয়া আৰু ঘৰৰ পৰা ওলোৱাত বাধা আৰোপ কৰিয়েই কেৱল আমি শিশু সকলৰ প্ৰতি দায়িত্ব সামৰিছো নেকি? আমি কিয় সমান্তৰালভাৱে জৰীপ ৰ ব্যৱস্থা কৰা নাই যে ঘৰতে সোমাই থাকি অনলাইনত শিক্ষা লব পৰাকৈ শিশু সকলৰ ঘৰুৱা পৰিৱেশ আছেনে অথবা সুস্হনে?খাদ্যৰ অভাৱ আৰু শিশুৰ বিৰূদ্ধে ঘৰৰ চাৰিবেৰৰ মাজতে হোৱা অপৰাধ সমূহে শিশুৰ বিকাশত মূল হেঙাৰ ৰূপে ঠিয় দিব পাৰে । শিশুৰ বাবে থকা জৰুৰীকালীন সেৱাৰ টল ফ্ৰী নং ( Child line 1098)লৈ অহা অভিযোগ ৰ তথ্য অনুসৰি লকডাউনৰ সময়ত শিশু ৰ বিৰূদ্ধে হোৱা যৌন নিৰ্যাতন ৰ ঘটনা কেৱল গুৱাহাটী মহানগৰীতে ১০০ ত কৈও বেছি ।নিজৰ ঘৰখনতে শিশু এটি খাদ্যৰ অভাৱ, যৌন নিৰ্যাতন, মানসিক নিৰ্যাতন আদি অপৰাধৰ সন্মুখীন হব পাৰে । তেনে পৰিস্হিতিত , তেওঁলোকৰ অধিকাৰ ক সুৰক্ষা দিয়াৰ দায়িত্ব কোনে লৱ? প্ৰাথমিক দায়িত্ব অভিভাৱকৰে হয় যদিও যৌন নিৰ্যাতন দৰে অপৰাধৰ ঘটনা অভিভাৱকৰ পৰাই হোৱাৰ তথ্য যেতিয়া হাতত পৰে, তেতিয়া কথাবিলাক অধিক জটিল হৈ পৰে । এনে পৰিস্হিতিত দায়বদ্ধ চৰকাৰী বিভাগ সমূহৰ বহু দায়িত্ব আহি পৰে ।যেনে, জিলা শিশু সুৰক্ষা সমিতি, শিশু সুৰক্ষা সমিতি, ৰাজ্যিক শিশু সুৰক্ষা আয়োগ, অংগড়বাড়ী, আৰক্ষী ইত্যাদি বিভাগ সমূহে কৰ’না নিৰাময় ৰ দায়িত্ব পালনৰ সমান্তৰালকৈ তেওঁলোকৰ প্ৰাথমিক দায়িত্ব “শিশু সকলৰ সুৰক্ষা” ৰ প্ৰতি আওকাণ কৰিলে নহ’ব ।খাদ্যৰ অভাৱত পুষ্ঠিহীনতা ত ভোগা অথবা যৌন নিৰ্যাতনৰ বলি হৈ মানসিকভাবে বিধ্বস্ত হোৱা শিশু এটিৰ সুস্হতা ঘূৰাই আনিবলৈ আমাক বহু সময়ৰ প্ৰয়োজন হব যেতিয়া কৰ’না ৰোগ হয়তো নি:শেষ হৈ যাব, কিন্তু সমাজৰ এটা প্ৰজন্মৰ বিধ্বস্ত ৰ পথো সুগম হব ।আমি আমাৰ দায়িত্ববোৰ নিজে মূৰ পাতি লোৱা উচিত।

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau