সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ফুটছেৰো: এক অপ্ৰত্যাশিত ইউটোপিয়া-জিতাদিত্য নাৰ্জাৰী

উত্তৰ-পূৰ্বাঞ্চলৰ এনে বহু ঠাই আছে যি পৰ্য্যটনৰ বিশেষ আকৰ্ষণ হ’ব পৰাৰ সামৰ্থ আছে। কিন্তু পৰ্যাপ্ত চর্চাৰ অভাৱৰ বাবেই এই ঠাই সমূহ আমাৰ অগোচৰে থাকি যায়। তেনে এখন ঠাইয়েই হৈছে ফুটছেৰো(Pfutsero)।

ক’ত আছে ফুটছেৰো? কেনেদৰে যাব পাৰিব ফুটছেৰোলৈ? জানিবলৈ পঢ়ক খ্যাতিসম্পন্ন ভ্ৰমণ লেখক জিতাদিত্য নাৰ্জাৰীৰ এই বিশেষ লেখা ‘ফুটছেৰো:এক অপ্ৰত্যাশিত ইউটোপিয়া’

- Donation -

জিতাদিত্য নাৰ্জাৰী

 

 

ফুটছেৰো (Pfutsero)ৰ নাম বেছি মানুহে শুনা নাই। ময়ো শুনা নাছিলোঁ।
কিন্তু এবাৰ ইন্টাৰনেটত ফটো এখন দেখি যাওঁ বুলি ভাবিলো। কিন্তু কেনেকৈ তালৈ যাব পাৰি সেই বিষয়ে মোৰ কোনো জ্ঞান নাছিল। তথাপি, কহিমাত ধনেশ উৎসৱ (Hornbill Festival) চাবলৈ অহা আন তিনিজন ব্লগাৰৰ লগত সুৰামত্ত হৈ প্লেনিং কৰি থকা অৱস্থাত এই নতুন ঠাইখনৰ কথা বকিকেইজনৰ মগজুত বহুৱাই দিলোঁ।

সাধাৰণতে মাৰ্ফীৰ সুত্ৰ মোৰ ক্ষেত্ৰত প্ৰযোজ্য। কিন্তু সেইটো আছিল এক ব্যতিক্ৰমী দিন। কহিমাৰ পৰা কিচামা (ধনেশ উৎসৱৰ মূল ভেন্যু) লৈ অহা টেক্সী ড্ৰাইভাৰজন নিজেই সেই ঠাইৰ বুলি গম পোৱা গল আৰু তেওঁ আমাক লৈ যাবলৈ মান্তি হল। অকলে যোৱা হলে খৰছ বেছি হলহেতেন কিন্তু চাৰিজনৰ মাজত ভগাই লৈ সস্তাতে ফুটছেৰো পালোঁ আৰু তাত থকা একমাত্ৰ হোটেল খনত থিতাপি ললোঁ।

ফুটছেৰো নাগালেণ্ডৰ ফেক জিলাৰ এখন সৰু চহৰ (১০ মিনিট খোজ কঢ়িলে চহৰৰ সীমা পাৰ হৈ যায়)। চাকেচাং (Chakesang Naga) সম্প্ৰদায়ৰ নগাসকল এই জিলাত সংখ্যাগৰিষ্ঠ। এই ঠাইখনৰ উচ্চতা কহিমাতকৈ যথেষ্ট বেছি আৰু সেইকাৰণে ঠাণ্ডাও বেছি। আমি ৰাতিপুৱা উঠি চাহ জলপানৰ কোনো ব্যৱস্থা নেদেখিলো। বাহিৰা মানুহ ইয়ালৈ বেছি নাহে বাবে এইবিলাক ব্যবস্থা এতিয়াও ভালকৈ গঢ়ি উঠা নাই। গতিকে আমি ব্রেকফাস্টৰ আশা বাদ দি নিজৰ কাম আৰম্ভ কৰিলোঁ।

 

গ্লোৰী পিক ইয়াৰ উচ্চতম স্থান (শ্বিলং পিকৰ দৰে)। আমি ১৫-২০ মিনিট হাইকিং কৰি ওপৰলৈ উঠি গলোঁ। ওপৰৰ পৰা আশানুৰূপ দৃশ্য দেখা পোৱা গল যদিও মোৰ দৃষ্টি আকৰ্ষণ কৰিলে এজোপা গুলপীয়া ফুলেৰে ভাৰাক্ৰান্ত চেৰী গছে।

চেৰী ব্লছম (Cherry Blossom) বস্তুটো জাপানে নিজৰ এক সাংস্কৃতিক চিহ্নত পৰিণত কৰিছে। কিন্তু ভাৰতৰ বহু ঠাইত একেই দৃশ্য উপভোগ কৰিব পাৰি। উত্তৰপূ্বৰ বহু ঠাইত নৱেম্বৰ ডিচেম্বৰ মাহত ইয়াক দেখা পোৱা যায়। সেই কথাটো লক্ষ্য কৰিয়ে শ্বিলঙত Cherry Blossom Festival আৰম্ভ কৰা হৈছে কিন্তু ফুটছেৰোতো এইবোৰ আছে বুলি আমাক কোনেও জনোৱা নাছিল। উত্তৰপূবৰ বহু অফবিট ঠাইৰ এইটোৱে বিশেষত্ব। তেওঁলোকৰ কি আছে আৰু কিহে পৰ্য্যটকক আকৰ্ষণ কৰিব পাৰে সেইটো তেওঁলোকে নিজেই বুজি উঠা নাই।

যিকিনহওক, এজন স্থানীয় ব্যক্তিয়ে আমাক তললৈ নামি গৈ ছুফুমে (Tsuphume) বুলি বেলেগ এখন গাঁৱলৈ যাবলৈ কলে, কাৰণ সেইফলে বেছিকৈ চেৰী ফুলি আছে। আমি তললৈ নামি আহি এজন বিহাৰী ব্যৱসায়ীয়ে চলাই থকা এখন দোকানত কিবা অলপ খাই ছুফুমে ৰ ফালে খোজ কঢ়া আৰম্ভ কৰিলোঁ। বেছিদুৰ যাবলগা নহল। প্ৰথমে বাটচৰা অলপ শুকান শুকান লাগিছিল কিন্তু ১০-১৫ মিনিট পিছতে আমি এক গুলপীয়া মৰুদ্যান সদৃশ ঠাইত উপনীত হলোঁ। এই দৃশ্য ভাষাৰে বুজোৱা টান কিন্তু ফটোকেইখন দেখিলে সকলোৱে বুজি পাব।

ভিতৰুৱা ঠাইৰ আন এটা সমস্যা হল ইয়াত সকলো সময়তে যাতায়তৰ সুবিধা নাথাকে। আমি এটামান বজাৰ ভিতৰত সকলো চাই মেলি শেষ কৰিলো কিন্তু কহিমালৈ ঘূৰি যাবলৈ একো ব্যৱস্থা কৰিব পৰা নগল আৰু আমি আৰু এক ৰাতি থাকি পুৱা সোনকালে ওলাই যাবলৈ ঠিক কৰিলো।

এই দ্বিতীয় ৰাতিটো বিৰক্তিকৰ হব বুলি ভাবিছিলো কিন্তু গধূলি ঘূৰি ফুৰোঁতে আমি আছাম ৰাইফলছৰ এজন অৱসৰপ্ৰাপ্ত জোৱানক লগ পালোঁ।
আচলতে ভাষাৰ সমস্যাৰ বাবে আমি এতিয়ালৈকে আকাৰে ইংগিতে কাম চলাই আছিলোঁ। ইয়াত নাগামিজ চলে আৰু বেছিভাগ মানুহে হিন্দী বুজে কিন্তু সলসলীয়াকৈ কব পৰা মানুহ বেছি নাই। এই নতুন বন্ধুজনে চাকৰিসূত্ৰে বহু ঠাইত কাম কৰিছে আৰু হিন্দী ইংৰাজী দুয়োটা কব পাৰে। তেওঁ আমাক ঠাইখনৰ বিষয়ে বহুত কথা জনালে আৰু আমাৰ হৃদয়ৰ কথা হৃদয়ঙ্গম কৰি এক গোপন ঘাটিলৈ লৈ গল।
আগতেই উল্লেখ কৰিছোঁ যে ইয়াত ঠাণ্ডা কহিমাতকৈ বেছি। আমি সেই গোপন ঠাইত জুহালৰ চৌপাশে বহি গল্প আৰম্ভ কৰিলোঁ আৰু অলপ পিছতে বিশালাকৃতি “ব্ৰবডিংনাগীয়ান” পিয়লা কিছুমানত তেওঁলোকে স্থানীয় ৰাইছ বিয়েৰ পৰিবেশন কৰা আৰম্ভ কৰিলে।

 

ধনেশ উৎসৱ আৰম্ভ হোৱা পিছত এইবিধ পনীয়ৰ জনপ্ৰিয়তা গোটেই ভাৰতবৰ্ষতে বৃদ্ধি পাইছে। আগতে নাগালেণ্ড আৰু মণিপুৰৰ পাৰ্থক্য নজনা মানুহেও আজিকালি ৰাইছ বিয়েৰৰ ফটোৰে চছিয়েল মিডিয়া ভৰাই পেলাইছে। কিন্তু কিচামাত বিক্ৰি কৰা বাণিজ্যিকৃত বিয়েৰত সেই আমেজ নাথাকে আৰু দামো অস্বাভাৱিকভাৱে বেছি হয়। প্ৰকৃত নগা ৰাইছ বিয়াৰ আমি অৱশেষত ফুটছেৰোত বিচাৰি পালোঁ, ইয়াৰ দামো ৪-৫ গুণ কম, আৰু ইয়াত ঠাণ্ডা বেছি বাবে সেইখিনি আছিল প্ৰাকৃতিকভাৱে “চিল্ড”।
ফুটছেৰো যাত্ৰা এইখিনিতে শেষ হল। ৰাতিপুৱা ৫ টা ত অনিচ্চাকৃতভাৱে উঠি কিচামা লৈ ঘূৰি আহিলোঁ। তাতে নিম্নমানৰ বিয়েৰ পান কৰি অভিভূত হৈ পৰা বহুতো পৰ্য্যটকক ফুটছেৰোৰ কথা কলোঁ কিন্তু কাকো ৰিস্ক লোৱাত ইচ্ছুক যেন নালাগিল।

 

ফুটছেৰোলৈ কেনেদৰে যাব পাৰি- কহিমাৰ নাগালেণ্ড ৰাজ্যিক বাছ ষ্টেণ্ডৰ পৰা ফেক(Phek) বা কিফিৰে(Kiphire) জিলাৰ দিশে যোৱা বাছত যাব পাৰে। যিহেতু বাছ সেৱা ইমান সঘন নহয়। গতিকে শ্বেয়াৰত যাব পৰা গাড়ীও বিচাৰিব পাৰে।

ফুটছেৰোত ক’ত থাকিব পাৰিব?

আমি তাত প্ৰথম দিনা মিনি টুৰিষ্ট ল’জ নামেৰে এক ল’জত আছিলো। দ্বিতীয় নিশা এজন স্থানীয় লোকৰে পৰামৰ্শত এটা নাম বিহীন হোম ষ্টেত আছিলো। তাত থকাৰ অৱস্থাতে টুৰিষ্টৰ বাবে আৰু ল’জ বনাই থকা বুলিও জানিব পৰিছিলো। গতিকে যদি আপুনি যায় তাত থকাৰ ইমান অসুবিধা নহয়।স্থানীয় লোকক সুধিলেই থকাৰ ব্যৱস্থাৰ কথা জানিব পাৰিব।

(তেখেতৰ আন লেখাসমূহ পঢ়িবলৈ এই লিংকটো ক্লিক কৰক- https://travellingslacker.com/pfutsero-phek-nagaland/)

Leave A Reply

Your email address will not be published.