সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

জুকৌ ভেলীলৈ (Dzukou Valley) কেতিয়া আৰু কেনেদৰে যাব-জিতাদিত্য নাৰ্জাৰী

জিতাদিত্য নাৰ্জাৰী

জুকৌ ভেলীলৈ (Dzukou Valley) মই কেবাবাৰো গৈছোঁ। কিন্তু সঠিক সময় মিলাই যোৱাটো সদায় সম্ভৱ নহয়। প্ৰথমবাৰ অকলে যাওঁতে বৰষুণ ইমান আছিল যে মই মাজতে ৰাস্তা হেৰাই জংঘলত এৰতি কটাই গুচি আহিব লগা হৈছিল। দ্বিতীয়বাৰ কেইজনমান বন্ধুৰ লগত একো অসুবিধা নোহোৱাকৈ গৈ পালোঁ কিন্তু সেয়া আছিল ডিচেম্বৰ মাহ। জাৰকালি সকলো শুকান শুকান হৈ থাকে বাবে আশা কৰাৰ দৰে সেই অলৌকিক দৃশ্যবোৰ দেখা নাযায়। গতিকে মানুহৰ আগত কৈ ফুৰিলেও তলে তলে মই সন্তুষ্ট হোৱা নাছিলোঁ।

আজি কব বিচাৰিছোঁ তৃতীয়বাৰৰ কথা।

তৃতীয় বাৰ কিয়?

কাৰণ মই উপত্যকাখন চাব বিচাৰিছিলো গ্ৰীষ্মকালত, যেতিয়া পাহাৰবোৰ আকৌ সেউজীয়া হৈ পৰে আৰু চৌদিশে ফুলি উঠে জুকৌ লিলি (Dzukou Lily)। এই প্ৰজাতিৰ লিলি অকল এই অঞ্চলতে পোৱা যায়।

গতিকে আকৌ এবাৰ মই অকলে ঘৰৰ পৰা ওলালো কিন্তু আগৰ অভিজ্ঞতাৰ বাবে মোৰ প্লেন একেবাৰে খাটাং আছিল।

মই গুৱাহাটীৰ পৰা ৰাতি ট্ৰেইন এখন ধৰি ব্ৰহ্মপুৱাতে ডিমাপুৰ পালোঁ আৰু লগে লগে এখন শ্বেয়াৰ টেক্সি ধৰি পুৱা ১০ টা মানত কহিমা পালোঁ। ILP আগতেই মই লৈ থৈছিলো কাৰণ আজিকালি অনলাইন পাৰ্মিটৰ সুবিধা হৈছে আৰু গুৱাহাটী বা ডিমাপুৰত পাৰ্মিটৰ বাবে কোনো অফিচত শাৰী পতাৰ কোনো দৰকাৰ নাই।

কহিমাত সাধাৰণতে থকাৰ খৰচ বেছি (কমদামী হোটেল বোৰ থকাৰ যোগ্য নহয়)। কিন্তু এইবাৰ এটা নতুন Backpacker Hostel খুলা বুলি শুনি তাতেই বুক কৰি থৈছিলো। EcoStay Hostel খন কহিমাৰ War Cemetery ৰ ওচৰতে আৰু ৫০০ টকাত এৰাতি থাকিব পাৰি। তাতেই বস্তুবহানি থৈ কহিমাত ঘুৰিপকি মই বাকী দিনটো কটাই দিলোঁ। হোষ্টেলত জুকৌৰ ফালে যাব খোজা আন বহুকেইজন লগ পোৱা গল।

পিছদিনা পুৱা ৬ তাত উঠি মোৰ ডাঙৰ বেগটো হোষ্টেলত থৈ অকল কেমেৰাটো লৈ একো নখোৱাকৈ ওলাই আহিলোঁ। মোৰ উদ্দেশ্য আছিল যিমান পাৰি সিমান সোনকালে প্ৰাথমিক ট্ৰেকিং খিনি শেষ কৰি জুকৌ ভেলী গৈ পোৱা, যাতে মই ওপৰত বেছি সময় পাওঁ।

মই এখন টেক্সি ধৰি নেটৱৰ্ক ষ্টেণ্ড পালোঁ আৰু তাৰ পৰা আন এখন শ্বেয়াৰ চুমো ধৰি ভিছেমা (Viswema) গাওঁ পালোঁ। জুকৌৰ ফালে যোৱা বাটটো ইয়াৰ পৰাই যায় আৰু ইয়াক তিনিটা পৰ্যায়ত ভাগ কৰিব পাৰি। প্ৰথম ৭-৮ কিলোমিটাৰ গাড়ী যাব পৰা ৰাস্তা। তাৰ পিছত এক কিলোমটাৰ থিয় ট্ৰেক, আৰু তাৰ পিছত ৩-৪ কিলোমটাৰত আকৌ খোজ কঢ়া।

বহুতে প্ৰথম ভাগটোও খোজকাঢ়ি যায়। মইও প্ৰথমবাৰ তাকেই কৰিছিলোঁ। কিন্তু এনে কৰিলে গোটেই দিনটো তাতেই লাগি যায় কাৰণ ৰাস্তা আছে যদিও একেবাৰে সমতল নহয়, বৰং ক্ৰমান্বয়ে উপৰলৈ গৈ থাকে আৰু সেইকাৰণে ৪-৫ ঘণ্টা সময় লাগে আৰু মানুহ আচল ট্ৰেক আৰম্ভ হোৱাৰ আগতেই ভাগৰি পৰে। আগৰ অভিজ্ঞতাৰ পৰা মই এইটোও জানিছিলো যে সেই ৰাস্তাৰ আৰম্ভণিতে এখন গেৰেজ আছে যাৰ মালিকে গাড়ী যোগাৰ কৰিব পাৰে।

গতিকে এইবাৰ সময় নষ্ট নকৰি গেৰেজত গাড়ী এখন ঠিক কৰিলো, মোক ওপৰলৈ থৈ আহিবলৈ। তেওঁ বিচাৰিলে ৭০০ টকা। গোটেই দিনটো বচাবলৈ ৭০০ বেছি নহয়। কিন্তু সেই সময়তে আন এজন ট্ৰেকাৰ আহি ওলাল আৰু আমি নিজৰ মাজত ভাগ কৰি ৩৫০ কে দি ৪-৫ ঘণ্টা বচাই ৯ টা বজাৰ ভিতৰত প্ৰথম পৰ্য্যায় শেষ কৰিলো।

এইবাৰ আৰম্ভ হল আচল ট্ৰেক। এইখিনি অলপ কষ্টকৰ, মাজে মাজে একেবাৰে ৯০ ডিগ্ৰী হৈ ওপৰলৈ উঠি যোৱা যেন লাগে। কিন্ত্ত ভাগ্যক্ৰমে এইথিনি ১ কিলোমিটাৰৰ বেছি নহয় আৰু আপুনি যদি ট্ৰেকিং কৰাত অভ্যস্ত ৪৫ মিনিটৰ পৰা ১ ঘণ্টাৰ ভিতৰত ওপৰলৈ উঠিব পাৰে।

 

এইখিনি অংশ ঘন জংঘলেৰে আৱৰা কিন্ত্ত এই পৰ্য্যায়টো আচলতে সুৰঙ্গ খান্দি বাহিৰ ওলোৱাৰ দৰে। আন্ধাৰৰ মাজেৰে ট্ৰেক কৰি ওখ গছৰ আস্তৰণ পাৰ কৰাৰ লগে লগে মই উপনিত হলো জুকৌ উপত্যকাত। সেই দৃশ্য মোৰ পৰিচিত, কিন্তু গ্ৰীষ্মকালৰ সেউজীয়া খিনিয়ে জাৰকালিৰ মুগাবৰণিয়া বিষন্নতা খিনি আঁতৰাই পেলাইছিল।

জুকৌৰ জিৰণিছৰাটো এইখিনিৰ পৰা দেখা পোৱা যায়। ইয়াৰ পিছত আৰু ৩-৪ কিলোমটাৰ যাব লাগে কিন্তু এইখিনি আগৰ পৰ্য্যায়তকৈ সহজ আৰু ওপৰলৈ উঠি নগৈ চিধাই খোজকাঢ়ি যাব লাগে। গতিকে মই যিমান পাৰি সিমান সোনকালে খোজ কাঢ়ি ৪৫ মিনিটৰ ভিতৰত জুকৌৰ জিৰণিছৰাত উপস্থিত হলো।

এই জিৰণিছৰাটো পৰ্য্যটকৰ সুবিধাৰ কাৰণে বনোৱা হৈছে। আচলতে ইয়াত সুবিধা বেছি নাই। এটা ডাঙৰ হল আছে যত সকলোৱে ১০০ টকা দি ৰাতি শুব পাৰে। সাধাৰণতে ইয়াত এজন কেয়াৰটেকাৰ থাকে যিয়ে ঠাইখন চোৱাচিতা কৰে আৰু ৰাতি সকলোৰে বাবে ভাত ৰান্ধে।

কেয়াৰটেকাৰ জনক বিচাৰি নাপালো (তেওঁ ৰাতি সুৰামত্ত হৈ দেৰিকৈ শুই থকাৰ সম্ভাৱনা এটা আছে বুলি আগতেই জনিছিলো)। ৰাতিপুৱাৰ পৰা একো খোৱা নাই বাবে অলপ ভাগৰি পৰিছিলোঁ কিন্ত্ত একো ব্যবস্থা কৰিব পৰা নগল আৰু সেইবোৰ চিন্তা বাদ দি মই আগবাঢ়ি যোৱাটোকে ঠিক কৰিলো।

জুকৌৰ আচল দৃশ্য বোৰ ইয়াৰ পিছতহে আৰম্ভ হয়। জিৰণিছৰাটো অলপ ওখ ঠাইত আছে আৰু বাকী গোটেই উপত্যকাখন তাৰ পৰা ভালকৈ দেখা যায়। ভালকৈ চাবলৈ আৰু তললৈ নামি যাব লগে। গতিকে মই ফটো উঠাই উঠাই লাহে লাহে নামি গলো।

এতিয়ালৈ লিলি দেখা পোৱা নাছিলো। গতিকে মোৰ মনত অলপ সংশয় জগিছিল। এনেকুৱা বস্তুবোৰ বেছি সময় নাথাকে। আপুনি যদি উত্তৰাখণ্ডৰ পুষ্প উপত্যকালৈ (Valley of Flowers) গৈছে তেনেহলে গম পাব যে অধিক উচ্চতাত সাধাৰণতে ২-৩ মাহৰ কাৰণে বনৰীয়া ফুলবোৰ ফুলে। জুকৌ লিলিৰ বিষয়ে বেছি তথ্য ইণ্টাৰনেটত পোৱা নাছিলো। গৰমৰ দিনত ফুলে বুলি জনা যায় কিন্তু সঠিক সময় কতো উল্লেখ কৰা নাছিল। মই বেছি সোনকালে আহিলো নেকি? নে দেৰি হল?

 

মোৰ দুঃচিন্তা বোৰ অৱশ্যে আঁতৰ হব বেছি সময় নালাগিল। কেইখোজমান আগবাঢ়ি যোৱাৰ পিছত হঠাৎ এপাহ লিলি চকুত পৰিল। অলপ পিছত দুটামান আৰু ওলাল। আৰু ৫ মিনিট পিছত একেবাৰে তলত নামি হঠাৎ এখন গুলপীয়া পথাৰত উপনীত হলো।

ইয়াৰ পিছৰ দৃশ্যাবলি ভাষাৰে বৰ্ণনা কৰা কঠিন। চৌদিশে লিলিৰ বাহিৰেও আন বহুতো নাম নজনা ফুলে সেউজীয়া উপত্যকা আৰু তাৰ সিপাৰে থকা টিলাবোৰ আবৰি পেলাইছিল। এই পথাৰৰ মাজেৰে বৈ গৈছে এখন সৰু নদী। এইখনেই আচলতে জুকৌ নদী আৰু গোটেই উপত্যকাৰ নাম ইয়াৰ পৰাই ওলাইছে।

এই ঠাইখিনি নাগালেণ্ড আৰু মণিপুৰৰ সীমাত লাগি থকা। গতিকে আগবাঢ়ি গৈ থাকিলে মণিপুৰ ওলাই যাব। অৱশ্যে ওলাই যোৱাৰ ৰাস্তা বিচাৰি পোৱা সহজ নহয় আৰু সেইবাবেই মণিপুৰৰ ফালৰ পৰা কোনো পৰ্য্যটক অহা দেখা নাযায়।

মই দুই ঘণ্টামানৰ হেপাহ পলুৱাই ফটো তুলিলো। ইতিমধ্যে দুপৰীয়া হৈ গৈছিল আৰু মই যোৱা ৰাতিৰ ডিনাৰৰ পিছত একো খোৱা নাছিলোঁ। আৰু অলপ আগবাঢ়ি যোৱাৰ মন আছিল কিন্তু শক্তি নাছিল। গতিকে মই ঘূৰি আহি কেয়াৰটেকাৰ জনক দেখা পাই মেগী অলপ খোৱাৰ ব্যবস্থা কৰিলোঁ আৰু তাৰ পিছত শুই থাকিলো।

 

আবেলি উঠি দেখিলোঁ আৰু বহুত মানুহ আহি পাইছে। গোটেই ভাৰতৰ মানুহৰ বাহিৰেও ফ্ৰান্সৰ এজন ব্যক্তি আৰু আৰ্জেণ্টিনাৰ দুজনী ছোৱালী আহি ওলাল আৰু সন্ধিয়াটো নতুন মানুহৰ লগত চিনাকি হওঁতেই ওলাই গল। ৰাতি অৱশ্যে ঠাণ্ডা বেছি আছিল। ইয়াত শুবলৈ ১০০ টকা লয় যদিও কম্বল, গাৰু আদি সকলো ৰে এটা বেলেগ ৰেট থাকে। গতিকে সকলো মিলাই ৩০০-৪০০ মান খৰচ হৈ যায়। তথাপি বাকী নাগালেণ্ডৰ তুলনাত, আৰু এনেকুৱা অভিজ্ঞতাৰ পিছত, এই খৰচ নামমাত্ৰ বুলি কব লাগিব।

পিছদিনা পুৱা অসমৰ পৰা অহা দুজনমানৰ লগত মই নামি আহিলো। কিন্তু এইবাৰ আমি বেলেগ এটা পথ ললো। এইটো অধিক ঠিয় আৰু কঠিন, গতিকে উঠি অহাৰ সময়ত বহুতে এইফালে নাহে। কিন্ত্ত নামি যোৱাটো ইমান কষ্টকৰ নহয়। ৩ ঘণ্টামানত আমি ওলাই গৈ জাখামা (Jakhama) বুলি ঘাইপথৰ কাষৰ গাওঁ খন পালোঁ আৰু বাছ এখন ধৰি কহিমা পাই গলোঁ। তাৰ পৰা মণিপুৰ যোৱাৰ প্লেন আছিল কিন্তু সেইটো এটা বেলেগ গল্প।

(জিতাদিত্য নাৰ্জাৰী এজন প্ৰতিস্থিত ভ্ৰমণ লেখক। তেখেতৰ অন্যান্য লেখা সমূহ পঢ়িবলৈ এই লিংকটোত ক্লিক কৰক https://travellingslacker.com/dzukou-valley-trek/)

Leave A Reply

Your email address will not be published.