বিদ্ৰোহী কবিতা লিখি যোৱা দুটা মাহে কাৰাগাৰত বন্দী বৰ্ষাশ্ৰী

Share This Article

ৰাভা দিৱস পাতিব, কিন্তু আৰু এজন ৰাভা জন্ম হ’বলৈ নিদিয়ে ৰজা ঘৰে। হীৰেন ভট্টাচাৰ্যৰ কবিতাও আওৰাব, কিন্তু আৰু এজন হীৰেন ভট্টাচাৰ্যৰ জন্ম হ’বলৈ নিদিয়ে ৰজাঘৰে। সেয়ে বিদ্ৰোহী কবিতা লিখি যোৱা দুটা মাহে কাৰাগাৰত বন্দী বৰ্ষাশ্ৰী। কবি হীৰেন ভট্টাচাৰ্যৰ কবিতা–‘ৰজাৰ দ’ল ভাঙিব পায় নে নাপায় নাজানো, মোৰ হ’লে দেওলগা হাত৷’ কবিতাটোত স্পষ্ট হৈ আছে বিদ্ৰোহ৷ দৰকাৰ হ’লে ৰজাৰ বিৰুদ্ধেও থিয় হোৱাৰ আৰু ৰজাৰ নিয়ম অমান্য কৰাৰ সাহস৷ ৰজাৰ দ’ল ভাঙিব নোৱৰাৰ কিবা নিয়ম থাকিলেও থাকিব পাৰে, কিন্তু কবিয়ে নাজানে তেনে নিয়ম আছেনে নাই। কবিয়ে জানে তেওঁৰ আছে দুখন দেওলগা হাত। প্ৰয়োজনত যি দুখন হাতে ৰজাৰ দ’লো ভাঙিব পাৰে৷ ৰজাৰ দ’ল ভাঙিবলৈ কোনোবাই হাত তুলিলে সেইজনৰ কি দশা হ’ব তাক কোৱাৰ প্ৰয়োজন নাই৷ কিন্তু সেই অৱশ্যম্ভাৱী, অপৰিহাৰ্য পৰিণামৰ বিষয়ে জনাৰ পাছতো ৰজাৰ দ’ল ভাঙিম বুলি কোৱা সাহসী কণ্ঠৰ পৃথিৱীত কেতিয়াও অভাৱ হোৱা নাই৷ কাৰণ মানুহ জন্মগতভাৱেই বিদ্ৰোহী।কোনো ৰজাই নিয়ম প্ৰণয়ন কৰি,আইন বলৱৎ কৰি আজিলৈ বিদ্ৰোহ দমন কৰি ৰাখিব পৰা নাই।যোৱা ১৮ মে’ত আৰক্ষীয়ে আটক কৰিছিল বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক। জুলাইৰ ওঠৰ তাৰিখে বৰ্ষাশ্ৰী কাৰাৰুদ্ধ হৈ থকাৰ দুমাহ সম্পূৰ্ণ হ’ব। জাতীয়তাবাদী চিন্তাৰ এটা কবিতা লিখি ফেচবুকত আপলোড কৰিছিল বৰ্ষাশ্ৰীয়ে।আৰু সেয়াই আছিল বৰ্ষাশ্ৰীৰ অপৰাধ।সেই অপৰাধতে যোৱা দুটা মাহে পুলিচে আটক কৰি জেলত বন্দী কৰি থৈছে বৰ্ষাশ্ৰীক।টিয়কৰ তেনেই সাধাৰণ এটা অসমীয়া পৰিয়ালৰ সন্তান বৰ্ষাশ্ৰী। যোৰহাটৰ ডি চি বি কলেজৰ ডিগ্ৰী ছেকেণ্ড চেমিষ্টাৰৰ পৰীক্ষা অনুষ্ঠিত হ’ব অহা ১৮জুলাইৰ পৰা। অংক শাস্ত্ৰত অনাৰ্চৰ ছাত্ৰী বৰ্ষাশ্ৰী। কিন্তু বন্দী বৰ্ষাশ্ৰী পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিবগৈ নে নাই সেয়া সময়েহে ক’ব।আজি পুৱাৰে পৰা সামাজিক মাধ্যমত বিভিন্নজনে বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবী জনাইছে। জাতীয়তাবাদী কবিতা লিখাৰ অপৰাধতে এগৰাকী ১৯ বছৰীয়া ছাত্ৰীক দুমাহ জেলত বন্দী কৰি যি শাস্তি দিলে,তাক গৰিহণা জনাইছে সকলোৱে।এইখন গণতান্ত্ৰিক দেশ।গণতন্ত্ৰত শাসকৰ বিৰুদ্ধে মাত মতাসকলৰ অধিকাৰ সুৰক্ষিত কৰা হয়।ক্ষমতাধিষ্ঠিত এখন চৰকাৰক নাগৰিকে মুকলিকৈ সেইখন চৰকাৰক ক্ষমতাৰ পৰা অপসাৰণ কৰিব লাগে বুলি ৰাইজক আহ্বান জনাব পাৰে৷ একমাত্ৰ গণতন্ত্ৰত নাগৰিকে চৰকাৰৰ বিৰোধিতা কৰাৰ অধিকাৰ লাভ কৰে আৰু ন্যায় ব্যৱস্থাটোৱে সেই অধিকাৰক সুৰক্ষিত ৰখাৰ ব্যৱস্থা কৰে৷ সেয়েহে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে ৰাজদ্ৰোহৰ দৰে আইনৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে। এক গণতান্ত্ৰিক ব্যৱস্থাত ৰাজদ্ৰোহ আইন অব্যাহত থকাৰ কোনো যুক্তি নাই৷ কিন্তু সামান্য এটা প্ৰতিবাদী কবিতা লিখাৰ বাবেই এগৰাকী ১৯ বছৰীয়া ছাত্ৰীক দুটা মাহে কাৰাগাৰত আবদ্ধ কৰি ৰখাটো গণতন্ত্ৰৰ বাবেই পৰিহাসৰ কথা নহয়নে? ভৱিষ্যতৰ এগৰাকী মানৱ সম্পদক ধ্বংস কৰাৰ পথৰ পৰা চৰকাৰ ইমানতে আঁতৰি আহিবনে?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.