ক’ভিড ভেকচিনৰ বৰ্ষপূতি

Share This Article

আজি ক’ভিড ভেকচিনৰ বৰ্ষপূতি। ১৬ জানুৱাৰী, ২০২১ এই দিনটোৰ পৰাই ভাৰতত আৰম্ভ হৈছে ক’ভিড ভেকচিনৰ প্ৰদান প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ত স্বাস্থ্যকৰ্মী, ফন্টলাইন  কৰ্মী আৰু ৬০ বছৰ বয়সৰৰ ওপৰৰ সকলো ব্যক্তিকে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছিল কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে। তাৰ পাছৰ পৰ্যায়ত ১৮ বছৰ বয়সৰ ওপৰৰ সকলোকে টীকাকৰণৰ ব্যৱস্থা কৰা হৈছিল। বৰ্তমানলৈ দেশত ১৫৭ কোটিৰো অধিক টীকাকৰণ সম্পন্ন হৈছে। বিগত ১০ জানুৱাৰীৰ পৰা স্বাস্থ্যকৰ্মী , ফন্টলাইন কৰ্মী আৰু ৬০ বছৰৰ উৰ্ধৰ ব্যক্তিক ভেকচিনৰ বুষ্টাৰ ডজ প্ৰদান কৰিছে চৰকাৰে। বৰ্তমানৰলৈকে দেশত প্ৰায় ৫৭ লাখতকৈ অধিক বুষ্টাৰ ডজ প্ৰদান কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.