বজাৰৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তে,শিক্ষার্থীক জুৰুলা কৰিছে নামভর্তিৰ মাচুল বৃদ্ধিয়ে৷ কোভিড আৰু লকডাউনে ৰাইজক আর্থিকভাবে সংকটাপন্ন কৰি ৰখাৰ সময়তে শিক্ষানুষ্ঠানৰ মাচুল বৃদ্ধিৰ ফলত এতিয়া সমস্যাৰ সন্মুখীন হৈছে ৰাজ্যৰ শিক্ষার্থীসকল৷ কিন্তু স্বাভাৱিক মাচুল বৃদ্ধিৰ সীমা চেৰাই তেজপুৰ বিশ্ববিদ্যালয়ে বর্ধিত হাৰত বৃদ্ধি কৰা মাচুলে এতিয়া তীব্ৰ বিতর্কৰ সৃষ্টি কৰিছে৷
বিশ্ববিদ্যালয় অনুদান আয়োগে ২০২০ চনৰ মে মাহতে জাৰি কৰিছিল এখন নির্দেশনা পত্ৰ৷তাত কোৱা হৈছিল,যে কোভিড আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত সাধাৰণ লোক আর্থিকভাবে সংকটৰ সন্মুখীন হৈছে৷গতিকে নামভর্তি অথবা অন্যান্য মাচুলৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় সমূহে ছাত্ৰছাত্ৰীৰ সুবিধার্থে ব্যৱস্থা গ্ৰহন কৰিব লাগে৷বিশ্ববিদ্যালয় অনুদান আয়োগৰ এই নির্দেশনাৰ পিছতেই দিল্লী বিশ্ববিদ্যালয়ে নামভর্তিৰ মাচুল হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷কিন্তু বিশ্ববিদ্যালয় অনুদান আয়োগৰ নির্দেশনা অম্যান্য কৰি তেজপুৰ বিশ্ববিদ্যালয়ে পেট্ৰল,মিঠাতেলৰ দৰেই বৃদ্ধি কৰিছে নামভর্তিৰ মাচুল৷যেন এখন শিক্ষানুষ্ঠান নহয়,যেন এখন বজাৰহে৷
তেজপুৰ বিশ্ববিদ্যালয়ত ২০১৯-২০ বর্ষৰ গ্ৰীস্মকালীন চেমিষ্টাৰত বিভাগভেদে পি এইচ ডিৰ নামভর্তিৰ মাচুল আছিল ১৭০৪৩ টকা ১৫৬৯৩ টকা৷কিন্তু ২০২০-২১ বর্ষৰ গ্ৰীস্মকালীন চেমিষ্টাৰত নামভর্তিৰ মাচুল ১৭০৪৩ টকাৰ পৰা হলগৈ ১৯০৪৩ টকা আৰু ১৫৬৯৩ টকাৰ পৰা হলগৈ ১৭৬৯৩ টকা৷অর্থাৎ এটা বছৰত নামভর্তিৰ মাচুল বৃদ্ধি হল দুই হাজাৰ টকা৷ হিচাপ এটা কৰি চালে দেখিব,যে তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰতিদিনে মাচুল বৃদ্ধি হল ৫ টকাকৈ৷কিন্তু কত কেনেকৈ মাচুল বৃদ্ধি কৰিলে তেজপুৰ বিশ্ববিদ্যালয়ে?
লাইব্ৰেৰীৰ বাবদ পূৰ্বে আছিল ৩৫০ টকা, এইবাৰ ৫০ টকা বৃদ্ধি কৰি কৰা হল ৪০০ টকা৷
চিকিৎসাৰ বাবদত পূৰ্বে আছিল ২৫০ টকা, এইবাৰ ইয়াৰ বৃদ্ধি পালে ৩০০ টকালৈ৷
লেবৰটৰীৰ বাবদ বিগত বর্ষত আছিল ১০০০ টকা, এইবাৰ ৫০ টকা বৃদ্ধি কৰি কৰা হল ১০৫০ টকা৷
একেদৰে আন্ত: গাঁথনি আৰু এমিনিটিৰ বাবদ পূর্বে আছিল ১০০০ টকা, এইবাৰ বৃদ্ধি কৰা হ’ল ১০০ টকা৷
বিদ্যুতৰ বাবদ পূৰ্বে আছিল ৩০০ টকা, এইবাৰ ১০০ টকা বৃদ্ধি কৰি কৰা হল ৪০০ টকা৷
উন্নয়ন পুঁজিৰ নামত পূৰ্বে আছিল ১৫০০ টকা, এইবাৰ সৰ্বোচ্চ ১০০০ টকাকৈ বৃদ্ধি কৰি কৰা হল ২৫০০ টকা৷
তেজপুৰ বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগৰ নির্দেশনা নামানিলে৷তেজপুৰ বিশ্ববিদ্যালয়ে নামভর্তিৰ মাচুল বৃদ্ধি কৰিলে৷কিন্তু বর্ধিত মাচুল যোগাৰ কৰিবলৈ ছাত্ৰছাত্ৰীক কিমান সময় দিলে আপুনি জানেনে?বিগত ৩০ জুলাইত নামভর্তিৰ জাননী জাৰি কৰিলে তেজপুৰ বিশ্ববিদ্যালয়ে৷জাননীত কোৱা হল-২ আগষ্টৰ পৰা নামভর্তি আৰম্ভ হব আৰু ৪ আগষ্টত শেষ হব৷অর্থাৎ নামভর্তিৰ বাবে ১৯ হাজাৰ টকা যোগাৰ কৰিবলৈ তেজপুৰ বিশ্ববিদ্যালয়ে ছাত্ৰছাত্ৰীক সময় দিলে মাত্ৰ দুদিন৷
প্ৰশ্ন হয়,যি সময়ত ব্যক্তিগত শিক্ষানুষ্ঠানৰ বর্ধিত মাচুলে অভিভাবক সকলক সমস্যাৰ সন্মুখীন কৰাই আহিছে,সেই সময়ত চৰকাৰী শিক্ষানুষ্ঠান সমূহেও যদি উর্ধতন কতৃপক্ষৰো নিদের্শ নামানে,তেন্তে তেনে শিক্ষানুষ্ঠানক এতিয়া নাকী লগাব কোনে?