সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

২২ দিনত ২,২৫০ কোটি ঋণ শৰ্মা চৰকাৰৰ

আজিৰে পৰা ৰাজ্যৰ হিতাধিকাৰীৰ তালিকাত নতুনকৈ সংযোজন হ’ল ১০ লাখ নতুন হিতাধিকাৰী। মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ’ল নিযুত মইনা আঁচনিৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাত উদ্বোধন কৰে নিযুত মইনা আঁচনিৰ। উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে নিযুত মইনা আঁচনিৰ জৰিয়তে উপকৃত হ’ব ৰাজ্যৰ ১০ লাখ ছাত্ৰী। কিন্তু কি এই নিযুত মইনা আঁচনি? ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ জৰিয়তে ৰাজ্যৰ ছাত্ৰীসকলে পাব আৰ্থিক অনুদান। অৰ্থাৎ অৰুণোদয় আঁচনিৰ দৰেই নিযুত মইনা আঁচনিৰ জৰিয়তে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ছাত্ৰীসকলক আৰ্থিক অনুদান আগবঢ়াব চৰকাৰে। সেই অনুসৰি নিযুত মইনা আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে মাহিলী ১,০০০ টকাকৈ ১০ মাহলৈ মুঠ ১০,০০০ টকা লাভ কৰিব। একেদৰে স্নাতক বৰ্ষত অধ্যয়ন কৰি থকা ছাত্ৰীয়ে মাহিলী ১,২৫০ টকাকৈ ১০ মাহলৈ মুঠ ১২,৫০০ টকা। আনহাতে বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে মাহিলী ২,৫০০ টকাকৈ ১০ মাহলৈ ২৫,০০০ টকাকৈ নিযুত মইনা আঁচনিৰ জৰিয়তে লাভ কৰিব। স্নাতকোত্তৰৰ বিবাহিতা ছাত্ৰীয়েও পাব নিযুত মইনা আঁচনিৰ ধন। বিপৰীতে চৰকাৰী নিয়ম অনুসৰি উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ বিয়াত বহিলে লাভ নকৰিব নিযুত মইনা আঁচনিৰ ধন। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ স্কুটী পোৱা ছাত্ৰীয়েও নাপাব নিযুত মইনা আঁচনিৰ ধন। বৰ্তমানৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰীয়ে নাপাই নিযুত মইনা আঁচনিৰ ধন। লগতে সাংসদমন্ত্ৰীবিধায়কৰ সন্তানে লাভ নকৰিব নিযুত মইনা আঁচনিৰ ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰা অনুসৰি অহা ১০ অক্টোবৰৰ ভিতৰত দিয়া হ’ব নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন। লগতে আগন্তুক ৩ বছৰত এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ ১০ লাখ ছাত্ৰী উপকৃত হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
ইপিনে মুখ্যমন্ত্ৰীয়ে আজি নিযুত মইনা আঁচনি মুকলি কৰাক লৈ ৰাজ্যৰ চৌদিশে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। কিয়নো ইতিমধ্যে লাখ লাখ হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ ৰাজ্যৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেৱল কেৱল ভোটবেংকৰ ৰাজনীতিৰ বাবেই এতিয়া সপ্তাহে সপ্তাহে ঋণ ল’বলগীয়া হৈছে ৰাজ্য চৰকাৰে। শেহতীয়া হিচাপ অনুসৰি যোৱা ২২ দিনত ২,২৫০ কোটি টকাৰ ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আনকি ১০ তাৰিখৰ পুর্বে নিযুত মইনা আঁচনিৰ ধন দিম বুলি কোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৮ অক্টোবৰত পুনৰ ল’ব ৭৫০ কৌটিৰ ঋণ। অৰ্থাৎ ৮ তাৰিখে ঋণ লৈ ১০ তাৰিখে নিযুত মইনা আঁচনিৰ ধন দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে অসম চৰকাৰে ১০ বছৰীয়া ম্যাদত মুকলি বজাৰত বণ্ড নিলাম কৰি যোৱা ১৭ ছেপ্টেম্বৰত ৫০০ কোটি টকাৰ ঋণ লৈছিল। আকৌ এটা সপ্তাহৰ পিছতে ২৪ ছেপ্টেম্বৰত পুনৰ একেই প্ৰক্ৰিয়াৰে ২৫০ কোটিৰ ঋণ লৈছিল চৰকাৰে। তাৰ পিছত আকৌ ১ অক্টোবৰত পুনৰ ৭৫০ কোটিৰ ঋণ লয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। ইপিনে শেহতীয়াকৈ প্ৰকাশিত খবৰ অনুসৰি একেই প্ৰক্ৰিয়াৰে ৮ অক্টোবৰত পুনৰ মুকলি বজাৰৰ পৰা ৭৫০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে। অৰ্থাৎ এনেকৈয়ে এতিয়া ঋণৰ ওপৰত নিৰ্ভৰশীল হৈয়েই চলি আছে ৰাজ্য। কিন্তু তাৰ পিছতো বন্ধ হোৱা নাই হিতাধিকাৰীক দিয়া ধন, তাৰ বিপৰীতে নিতৌ নতুন নতুন আঁচনি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ইপিনে ৰাজ্যৰ শেহতীয়া বিত্তীয় সংকটক একপ্ৰকাৰ নস্যাৎ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ১ তাৰিখে চাকৰিয়ালে লাভ কৰি আছে দৰমহা, হিতাধিকাৰীয়ে লাভ কৰি আছে মাহৰ মূৰত ধন, ৰাজ্যত অব্যাহত আছে ফ্লাইঅভাৰ নিৰ্মান, তেনেক্ষেত্ৰত কেনেকৈ হ’ব পাৰে বিত্তীয় সংকট। আনকি বিত্তীয় সংকটৰ কথা নিউজ হ’ব নোৱাৰে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু তাৎপৰ্যপূৰ্ণভাবে একেগৰাকী মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব পৰা নাই ঠিকাদাৰৰ বিল, উভতাই বিচাৰিছে বিভিন্ন বিভাগত জমা হৈ থকা ধন। কিন্তু তাৰ পিছতো বন্ধ কৰিবলৈ সাজু নহয় হিতাধিকাৰীৰ ৰাজনীতি। তাৰেই শেহতীয়া উদাহৰণ মুখ্যমন্ত্ৰীয়ে আজি উদ্বোধন কৰে নিযুত মইনা আঁচনি।

Leave A Reply

Your email address will not be published.