সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বানপানীৰ মোকাবিলা কৰিবলৈ নাই ধন। কেন্দ্ৰৰ পৰা অসমে পোৱা নাই পৰ্যাপ্ত টকা

প্ৰতিবছৰে বানপানীয়ে জুৰুলা কৰিছে অসমক৷ প্ৰতিবছৰে উত্থাপ হৈছে অসমৰ বানপানী সমস্যাক কেন্দ্ৰই অৱহেলা কৰাৰ অভিযোগ৷ কিন্তু প্ৰতিবাৰেই মুখ্যমন্ত্ৰীয়ে কৈছে অসমক কেন্দ্ৰই পৰ্যাপ্ত টকা দিছে৷
২৫ জুন,২০২২ তাৰিখে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, বানপানীৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰই যিমান ধন লাগে সিমান ধন ব্যয় কৰিবলৈ দিছে৷ তাৰ কেইদিনমান পাছতেই একেগৰাকী ব্যক্তিয়ে কৈছে, বানপানীৰ মোকাবিলা কৰিবলৈ অসম চৰকাৰৰ হাতত পৰ্যাপ্ত ধন আছে৷ ধন নাথাকিলেহে কেন্দ্ৰক জনাব লাগে৷ ২২ জুলাই, ২০২২ত এই মন্তব্য কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই৷ তাৰ পাছত ২৬ ছেপ্তেম্বৰ, ২০২৪ত বিত্ত আয়োগৰ অধ্যক্ষই গুৱাহাটীত সংবাদমেল পাতি কৈছে যে অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে বানপানীৰ বাবে কেন্দ্ৰই যিখনি ধন দিয়ে, সেই ধনেৰে কেৱল সাহায্য দিবলৈহে হয়৷ বানপানীয়ে কৰা ক্ষয়ক্ষতিৰ মোকাবিলা কৰিব নোৱাৰি৷ সেয়েহে অধিক ধন বিচাৰি বিত্ত আয়োগৰ ওচৰত আৰ্জি দিছে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই৷ যি কথা গুৱাহাটীত প্ৰকাশ কৰিলে খোদ বিত্ত আয়োগে৷ কিন্তু সেই একেগৰাকী ব্যক্তিয়ে সংবাদ মাধ্যমৰ আগত কি কয়, অসম চৰকাৰে ৰাস্তা বনাব নোৱাৰিলে, বান্ধ বনাৰ নোৱাৰিলেহে হেনো কেন্দ্ৰৰ পৰা পুজি বিচৰাৰ প্ৰয়োজন আহে৷ কিন্তু সেই সকলোবোৰ কাম অসম চৰকাৰে নিয়াৰিকৈ কৰি থকা বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মা৷ অথচ সেই একেগৰাকীয়ে ব্যক্তিয়ে কৈছে কেন্দ্ৰই দিয়া টকাৰে বানপানীয়ে নষ্ট কৰা আন্তগাঁথনি নিৰ্মা কৰিবলৈ নোজোৰে৷ কেৱল সেয়াই নহয়, বছৰি কমি আহিছে অসমে লাভ কৰা কেন্দ্ৰীয় কৰৰ অংশ৷ যাৰ বাবে সংকটৰ সন্মুখীন হৈছে অসম চৰকাৰ৷ এই কথাও বিত্ত আয়োগৰ আগত সদৰী কৰিলে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই৷ বিত্ত আয়োগে সংবাদমেলত সদৰী কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে অধিক ধন বিচাৰি দিয়া আৰ্জি৷ বিত্ত আয়োগৰ এই ভাষ্যৰ পৰাই প্ৰমাণ হয় যে ডাবল ইঞ্জিনৰ বিজেপি চৰকাৰে এতিয়াও অসমক মাহী আইৰ চকুৰেই চাই আহিছে৷ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই যিমানেই বাহিৰত ৰ নেদেখুৱাওক কিয়, অসমৰ ৰাজকোষৰ ভিতৰচ’ৰা যে কোৱা ভাতুৰীৰ দৰে হৈ পৰিছে, সেয়া বিত্ত আয়োগেই প্ৰকাশ কৰি গ’ল৷ ইয়াৰ পাছত থৰকবৰক ৰাজকোষৰ জোৰাটাপলি মাৰিবলৈ মুখ্যমন্ত্ৰীয়ে কি পদক্ষেপ লয়, সেয়া হ’ব লক্ষণীয়৷

Leave A Reply

Your email address will not be published.