কিয় নীতিশৰ বাবে বন্ধ দুৱাৰ খুলি দিলে বিজেপিয়ে ? 

Share This Article

বেছি দিন পুৰণি নহয় । ২০২৩ চনৰ ১৩ এপ্ৰিলত বিহাৰৰ মাটিত থিয় হৈ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল যে নীতিশ কুমাৰৰ দুৱাৰ বিজেপিত চিৰকাললৈ বন্ধ হ’ল । তাৰ পাছত মাত্ৰ ৮ মাহ । ৮ মাহ পাছতেই বিহাৰত বিজেপিয়ে খুলি দিলে নীতিশ কুমাৰৰ বাবে বন্ধ হৈ পৰা দুৱাৰ ।কাৰণ , মাজৰ ৮ টা মাহত বিজেপিয়ে বুজি পালে যে নীতিশ অবিহনে বিহাৰত বিজেপি শূণ্য । মন্দিৰ আন্দোলনৰ পৰা আৰম্ভ কৰি মোদী ঢৌলৈকে হিন্দী বলয়ত বিজেপিয়ে যি হাৰত শাসন বিস্তাৰ কৰিছে , সেই অনুপাতে এতিয়াও বিহাৰত বিজেপি তৃতীয় শক্তি ।এতিয়ালৈকে বিহাৰত বিজেপিয়ে নিজা শক্তিৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা নাই ।২০২০ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত ৭৪ খন আসন লাভ কৰিও বিজেপিয়ে মুখ্যমন্ত্ৰীৰ আসন এৰি দিবলগীয়া হৈছিল ৪৩ খন আসন লাভ কৰা নীতিশ কুমাৰক । ২০২০ ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ আসন ২১ খন বৃদ্ধি পোৱাৰ বিপৰীতে নীতিশ কুমাৰৰ জে ডি (ইউ)ৰ আসন হ্ৰাস পাইছিল ২৮ খন ।অৰ্থাৎ নীতিশ কুমাৰৰ ভোটবেংকত সিন্ধি মাৰি বিজেপিয়ে নিজৰ ভেটি মজবুত কৰাত সফল হৈছিল ।সেই আশংকাতে বিজেপিৰ সংগ এৰি পুনৰ আৰ জে ডি – কংগ্ৰেছৰ কাষ চাপিছিল নীতিশ কুমাৰ । লগত আছিল নিজকে বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ মুকলি আকাংক্ষা । কিন্তু সেই আকাংক্ষা পূৰণ নহ’ব বুলি জানিয়েই এইবাৰ নীতিশ কুমাৰ আৰু এন ডি এৰ বোকোচাত উঠিল ।কিন্তু কিয় বিজেপিয়ে ইমান সহজতে বিশ্বাস কৰি ল’লে নীতিশ কুমাৰক ?

নীতিশ কুমাৰে বিজেপি সংগ এৰাৰ পাছত ধাৰাবাহিকভাৱে বিহাৰ ভ্ৰমণ কৰি আছে গৃহমন্ত্ৰী অমিত শ্বাহে ।কাৰণ , ২০১৯ ৰ নিৰ্বাচনত বিহাৰত ৪০ খন আসনৰ ভিতৰত ৩৯ খনেই লাভ কৰিছিল এন ডি এ । নীতিশৰ অবৰ্তমানত সেই ফলাফলৰ পুনৰাবৃত্তি কৰিবলৈ তৎপৰ হৈ পৰিছিল অমিত শ্বাহ ।কিন্তু ৮ মাহৰ পাছত অমিত শ্বাহে সকলো হিচাপ নিকাচ কৰি সিদ্ধান্ত উপনীত হ’ল যে বিহাৰত নীতিশ অবিহনে বিজেপি শূণ্য ।২০২০ ৰ বিধানসভা নিৰ্বাচনৰ ফলাফললৈ যদি লক্ষ্য কৰা যায় ,তেনেহ’লে সাধাৰণ গণিততে স্পষ্ট হৈ পৰে যে নীতিশ কুমাৰ অবিহনে বিজেপিয়ে পূৰ্বৰ ফলাফল অক্ষত ৰখাটো বাদেই ভুমুকি মাৰিবলৈকো স্থান নাপাব । কিয়নো বিগত বিধানসভা নিৰ্বাচনত আৰ জে ডিৰ ভোটৰ হাৰ আছিল ২৩.১১ শতাংশ , জে ডি (ইউ)ৰ ভোটৰ হাৰ আছিল ১৫.৩৯ শতাংশ ।কংগ্ৰেছে ৯.৪৮ শতাংশ আৰু বাওপন্থী দলে ৩.১৬ শতাংশ ভোট লাভ কৰিছিল । গতিকে মহাজোঁটৰ ভোটৰ হাৰ হ’ল -৫১.১৪ শতাংশ ।ইয়াৰ বিপৰীতে বিজেপিৰ ভোটৰ হাৰ আছিল ১৯.৪৬ শতাংশ । বিৰোধীৰ ৫১.১৪ শতাংশ ভোটৰ তুলনাত যে বিজেপিৰ ভেটি তেনেই দুৰ্বল আৰু নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান সপ্তাহ বাকী থকা অৱস্থাত বিৰোধীক প্ৰত্যাহ্বান জনোৱাটও সম্ভৱ নহয় , সেয়া বিগত ৮ টা মাহত ভালকৈয়ে উপলব্ধি কৰিলে অমিত শ্বাহে ৷ সেইবাবে অকপটে নীতিশ কুমাৰক বন্ধ দুৱাৰ খুলি দিবলৈ বাধ্য হ’ল অমিত শ্বাহ ।

নীতিশৰ পাছত কোন হ’ব বিজেপিৰ লক্ষ্য ?

বিহাৰত নীতিশ কুমাৰ বিজেপিৰ লগত অহাৰ পাছতো চিন্তামুক্ত নহয় অমিত শ্বাহ ।কিয়নো এতিয়াও আৰ জে ডি – কংগ্ৰেছ আৰু চি পি আই (এম এল) মিত্ৰজোঁটৰ লগত আছে ৩৫.৭৫ শতাংশ ভোট ।ইয়াৰ বাহিৰেও আৰ জে ডিৰ পক্ষলৈ সহানুভূতিৰ ভোট যোৱাৰ সম্ভাৱনাও প্ৰবল ৷ কিয়নো শাসনলৈ অহাৰ পাছত তেজস্বী যাদৱৰ উদ্যোগত বিহাৰৰ কেইবাটাও বিভাগত অভিলেখসংখ্যক নিযুক্তি প্ৰদান কৰা হৈছে ।যাৰ প্ৰভাৱ নিশ্চয় ভোট পৰিব ৷ সেইবাবেই লালু প্ৰসাদ যাদৱ , তেজস্বী যাদৱসহ সমগ্ৰ পৰিয়ালটোক বশ কৰিবলৈ ইতিমধ্যে ফিল্ডত নামি পৰিছে ই ডি – চি বি আই ৷ নীতিশ কুমাৰক নিজৰ আৱেষ্টনীলৈ অনাৰ পাছত অমিত শ্বাহৰ পৰৱৰ্তী লক্ষ্য হৈ পৰিব লালুপ্ৰসাদ যাদৱৰ পৰিয়াল ।নিৰ্বাচনৰ পূৰ্বে তেজস্বী যাদৱ জেললৈ যাবলগীয়া হ’লেও আচৰিত হ’বলগীয়া নাই ।এইদৰেই সাম দাম দন্ড ভেদ সকলো কৌশল লগাই যিকোনো প্ৰকাৰে ক্ষমতা দখল কৰিবলৈ সাজু হৈছে বিজেপি দল ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.