শিৱ-পাৰ্বতীৰ ৰূপত বাটৰ নাট যোগে মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ নগাওঁ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বিৰিঞ্চি বৰাক হেনো আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মোকলাই দিবলৈ বাধ্য হল । মুখ্যমন্ত্ৰীৰ মতে শিৱ-পাৰ্বতীৰ বেশত সাম্প্ৰতিক কোনো ইচ্যু লৈ প্ৰতিবাদ কৰাতো অপৰাধ নহয় । তাৰ মানে আৰক্ষীয়ে আইন বৰ্হিভূতভাবে বিৰিঞ্চিক গ্ৰেপ্তাৰ কৰিছিল । আৰু সেয়াই যদি হয় ঘটনাটোৰ বাবে দায়বদ্ধ আইন ৰক্ষক আৰক্ষী লোকসকলৰ ওপৰত শাস্তিৰ ব্যৱস্থা কৰি মুূখ্যমন্ত্ৰীয়ে সততা প্ৰমান কৰক । অন্যথা এয়াও এক চৰকাৰী বহুৱালিপূূৰ্ন নাটক হিচাপে পৰিগনিত হব । প্ৰশ্ন হয়- আৰক্ষী আইনৰ নিৰ্দিষ্ট বিধি-নিয়মৰ অধীনত পৰিচালিত হৈ আছে নে মুখ্যমন্ত্ৰীৰ আঙুলিৰ নিৰ্দেশত উঠা-বহা কৰিছে । আইনগতভাবে সেয়া যদি অপৰাধেই নহয় তেন্তে সেই গ্ৰেপ্তাৰ কাৰ্য অবৈধ নাছিলনে ! এতেকে অভিযুক্ত আৰক্ষীৰ ওপৰত কিয় শাস্তি নহব ! আৰক্ষী প্ৰশাসনত চৰম অৰাজকতাৰ ইয়াতকৈ আৰু কি উদাহৰন লাগে । দক্ষতাপূৰ্ন সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ পোৱা বিশাল মানৱ সম্পদৰে পৰিপূৰ্ন অসম আৰক্ষীক মুখ্যমন্ত্ৰীজনে এতিয়া আইনৰ পাঠ দিবলগীয়া পৰিস্থিতি কিয় আহি পৰিল ! কত গল আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি শীৰ্ষ বিষয়াসকল ! তেওঁলোক কি ৰবৰ ষ্টাম্প হৈ বহি আছে । খুবেই চিন্তনীয় বিষয় । নিজৰ খেয়ালখুচীমতে কাৰোবাক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁলোকে কত অধিকাৰ পালে ! কথাটো এনেকুৱা নেকি যে মুখ্যমন্ত্ৰীয়ে কাৰোবাক ধৰ বুলিলে ধৰিব আৰু এৰি দে বুলিলে এৰি দিব ! ইয়াত আইন-কানুনৰ কোনো কথা নাই । ধাৰনা হয় অসম আৰক্ষীক কিবা এক অজান ভয়ে পীড়িত কৰি ৰাখিছে । কিং কৰ্তব্য বিমূঢ় অৱস্থাত আছে । কাৰোবাৰ গোচৰত গ্ৰেপ্তাৰ নকৰিলেও ভয় আৰু গ্ৰেপ্তাৰ কৰিলেও ভয় । অথাৎ দুই নাৱঁত দুই ভৰি । এই অৰাজক অৱস্থাৰ বাবে মুখ্যমন্ত্ৰী নিজেই জগৰীয়া । চাই থাকক- ইয়াৰ পৰিনাম এদিন ভয়াবহ হব ।