২০২২ বৰ্ষৰ ৯৪ সংখ্যক অস্কাৰ বঁটা প্ৰদান, ‘কোডা’ ছবিলৈ শ্ৰেষ্ঠ অস্কাৰ বঁটা

দেওবাৰে একাডেমী অফ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছ (এএমপিএএছ)ৰ দ্বাৰা প্ৰদান কৰা হয় ৯৪ সংখ্যক অস্কাৰ বঁটা। লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত ১ মাৰ্চৰ পৰা ৩১ ডিচেম্বৰ ২০২১-ৰ ভিতৰত মুক্তি প্ৰাপ্ত শ্ৰেষ্ঠ চলচ্চিত্ৰসমূহক সন্মানিত কৰা হয় এই অনুষ্ঠানত। এই অস্কাৰ বঁটা অনুষ্ঠাত ৰেজিনা হল, এমি শ্বুমাৰ আৰু ৱাণ্ডা চাইকছে আয়োজন কৰিছিল। ‘কোডা’ ছবিলৈ শ্ৰেষ্ঠ অস্কাৰ বঁটা প্ৰদান কৰা হয়। ‘কিং ৰিৰ্চাড’ ছবিৰ বাবে উইল স্মিথলৈ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা প্ৰদান। ‘দ্য আইজ অব টেমী ফায়ে’ৰ বাবে জেছিকা চেচটেনলৈ শ্ৰেষ্ঠ অভিনেত্রী বঁটা প্ৰদান। ‘দ্য পাৱাৰ অব দ্য ড’গ’ৰ বাবে জেম কেম্পিয়নলৈ শ্ৰেষ্ঠ পৰিচালক বঁটা লগতে ‘ন টাইম টু ডাই’লৈ শ্ৰেষ্ঠ সংগীতৰ অস্কাৰ বঁটা প্ৰদান কৰা হয়। ইয়াৰ উপৰিও ‘চামাৰ অৱ চৌল’য়ে শ্ৰেষ্ঠ তথ্যচিত্র, ‘কোডা’য়ে শ্ৰেষ্ঠ অভিযোজিত চিত্রনাট্য, ‘বেলফাস্ট’য়ে শ্ৰেষ্ঠ মুখ্য চিত্ৰনাট্য, জেনী বিভানে শ্ৰেষ্ঠ কস্টিউম ডিজাইনাৰ, ‘ড্ৰাইভ মাই কাৰে’ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ছবি, ট্ৰয় কটচুৰে শ্ৰেষ্ঠ সহ অভিনেতা বঁটা, আৰিয়ানা ডিবছে শ্ৰেষ্ঠ সহ অভিনেত্রী বঁটা, জো ৱাকাৰে শ্ৰেষ্ঠ ছবি সম্পাদনা বঁটা লাভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *