Reporting on
মল্লযোদ্ধা দলীপ সিং ৰাণাৰ বিজেপিত যোগদান
‘গ্ৰেট খলী’ মল্লযোদ্ধা দলীপ সিং ৰাণাৰ বিজেপিত যোগদান। আজি নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত বিজেপিত যোগদান কৰে মল্লযোদ্ধাগৰাকীয়ে। দলীপ সিং ৰাণা এগৰাকী ভাৰতীয় পেছাদাৰী মল্লযোদ্ধা, কুস্তি প্ৰচাৰক আৰু অভিনেতা। তেওঁক ডাব্লিউডাব্লিউইত দ্য গ্ৰেট খলী ৰিং নামেৰে জনাজাত। দলীপ সিং ৰাণাই ২০০০ চনত পেছাদাৰী কুস্তিত আত্মপ্ৰকাশ কৰিছিল। পেছাদাৰী কুস্তিত কেৰিয়াৰ আৰম্ভ কৰাৰ আগতে পঞ্জাৱ আৰক্ষীৰ এজন সহকাৰী উপ-পৰিদৰ্শক আছিল দলীপ সিং ৰাণা।
