মাহ জানুৱাৰী 2022

কি যুক্তিক অসমৰ মাটি মেঘালয়ক এৰি দিব বিচাৰিছে অসম চৰকাৰে?

অসম চৰকাৰে মেঘালয়ক এৰি দিব ৬৯০ বৰ্গ কিলোমিটাৰ ভূমি।সৰ্বদলীয় বৈঠক পাতি এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।চুবুৰীয়া ৰাজ্যৰ লগত শান্তিত থকাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।তাৰপছতে গৰজি উঠিছে ৰাজ্যৰ সচেতন…

শীৰ্ষস্থানত নে সপ্তম স্থানত আছে ড: হিমন্ত বিশ্ব শৰ্মা ?

ৰাজ্যিক বিজেপিৰ প্ৰচাৰ ইণ্ডিয়া টুডেৰ সমীক্ষাত বিজেপি শাসিত ১৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ভিতৰত শীৰ্ষস্থানত আছে হিমন্ত বিশ্ব শৰ্মা ৷ কিন্তু ইণ্ডিয়া টুডেৰ সমীক্ষাত আচলতে কি তথ্য প্ৰকাশ পাইছে ? চাওঁক আমাৰ এই বিশেষ প্ৰতিবেদন।-

IAS বিষয়াক লৈ মোদীৰ নতুন ৰাজনীতি কি ?

মমতা-মোদীৰ সংঘাতৰ পাছত আই এ এছ নিযুক্তিৰ নিয়মেই সলাব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ ইয়াকে লৈ আৰম্ভ হৈছে কেন্দ্ৰ-ৰাজ্যৰ সংঘাত ৷ সবিশেষ চাওঁক আমাৰ এই বিশেষ প্ৰতিবেদনত-

মুখ্যমন্ত্ৰীলৈ মুকলি চিঠিত কি লিখিলে দেবব্ৰত শইকীয়াই?

মুখ্যমন্ত্ৰীয়ে একপক্ষীয়ভাৱে সীমাক লৈ লোৱা সিদ্ধান্ত অকৰ্তৃত্বশীল বুলি অভিহিত কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ৷ মুখ্যমন্ত্ৰীলৈ লিখা এখন মুকলি পত্ৰত তেও উল্লেখ কৰে যে অসম মেঘালয়ৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে ১৯৮৫ চনৰ ১৯ অক্টোবৰত তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু…

চৰকাৰৰ বিৰুদ্ধে কিয় উচ্চতম ন্যায়ালয়লৈ যাব প্ৰদেশ কংগ্ৰেছ ?

মেঘালয়ক অসমৰ ভূমি এৰি দিয়াক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মেঘালয়ক অসমৰ ভূমি গতাই দিয়াৰ বিৰুদ্ধে আজি মহানগৰীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷ প্ৰদেশ কংগ্ৰেছৰ হৈ সভাপতি ভূপেন বৰা আৰু…

আৰু এসপ্তাহলৈ নিষিদ্ধ নিৰ্বাচনী সভা-সমদল

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫ ৰাজ্যত নিৰ্বাচনী সভা , সমদলৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল ৰাখিছে নিৰ্বাচন আয়োগে ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শণিবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচন আয়োগৰ বৈঠকত নিৰ্বাচনী সভা-সমদল আৰু এসপ্তাহলৈ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হয় ৷ এই বৈঠকত কেন্দ্ৰৰ…