সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘পিঞ্জৰা তৌড়’, লকডাউন আৰু হাথিৰাম চৌধুৰী

[quote title=”উল্লেখযোগ্য যে এনেদৰে নাৰীৰ safety আৰু security ৰ প্ৰসংগক এক ধৰণৰ silence লৈ পৰিণত কৰা হয়। যাৰ ফলত নাৰীৰ গতিশীলতা আৰু স্বাধীনতা দুয়োটাই খৰ্ব হয়। ‘পিঞ্জৰা তৌড়’ আন্দোলনটোৱে এই ‘নিৰৱতা’ৰ প্ৰশ্নটোকে সমুজুৱাকৈ উত্থাপন কৰিছিল। এই আন্দোলনে এটা কথা স্পষ্ট কৰি দিছিল যে নাৰীৰ স্বাধীনতাৰ সমুখত নিদিষ্ট কৰি দিয়া সময় একধৰণৰ কাৰ্ফিউ-জুৰি বৰুৱাৰ কলমত।” title_color=”” title_url=”” title_icon=”” title_icon_color=”” title_margin=”0px 0px 15px 0px” block_color=”” block_description=”” text_align=”left” author=”” link=”” desc=”” image=””][/quote]

লেখকঃ জুৰি বৰুৱা

শাস্ত্ৰত থকা বহুতো কথা আৰক্ষী হাথিৰাম চৌধুৰীয়ে হোৱাটছ আপত পঢ়িছিল। আমাজন প্ৰাইমৰ ৱেব চিৰিজ ‘পাতাললোক’ ৰ এটা চিনত হাথিৰামে নিজৰ পত্নীৰ ওপৰত হাতো উঠাইছিল। কিন্তু পৰিচালকে সেই চিনটোক বেলেঞ্চ কৰিছিল পৰৱৰ্তী আন এটা চিনত। য’ত হাথিৰামে ই-ৰিক্সাৰ পৰা নমাৰ লগে লগে তেওঁৰ মধ্যবিত্তীয় হাউচ ৱাইফে হাথিৰামকো এটা থাপৰ মাৰিছিল। প্ৰত্যক্ষদৰ্শী আছিল হাথিৰামৰ জুনিয়ৰ চাব ইন্সপেক্টৰ, নিজৰ কিশোৰ সন্তান, ই-ৰিক্সাচালক, আৰু আপোনালোক নিজেই। সেই এটা থাপৰ কেৱল হাথিৰামৰ গালত পৰা নাছিল। পৰিছিল আমাৰ আটাইৰে ওপৰত।

- Donation -

‘পিঞ্জৰা তৌড়’ আন্দোলনটোৰ আৰম্ভণি হৈছিল দেশৰ ৰাজধানী চহৰত। এই আন্দোলনৰ জৰিয়তে ছোৱালী হোষ্টেল/পিজিত সোমোৱা-ওলোৱা নিয়মৰ প্ৰতি প্ৰশ্ন কৰা হৈছিল। নাৰীৰ সুৰক্ষাক আমাৰ সমাজ ব্যৱস্থাত সদায় সময়ৰ সৈতে তুলনা কৰি চোৱা হয়। আনকি নাৰীৰ চৰিত্ৰও সময়ৰ সৈতে মিলাই চলা গতিশীলতাৰ (movement) মাধ্যমত প্ৰকাশ কৰা হয়। ছোৱালী হোষ্টেল/পিজিত সেয়ে এটা নিৰ্দিষ্ট ‘সময় সীমা’ (outing time) থাকে য’ত নিৰ্দিষ্ট সময়ত এখন গেটেৰে সোমাৱা আবাসী এগৰাকীক সুৰক্ষিত বুলি ষ্টাম্প লগোৱা হয়।

উল্লেখযোগ্য যে এনেদৰে নাৰীৰ safety আৰু security ৰ প্ৰসংগক এক ধৰণৰ silence লৈ পৰিণত কৰা হয়। যাৰ ফলত নাৰীৰ গতিশীলতা আৰু স্বাধীনতা দুয়োটাই খৰ্ব হয়। ‘পিঞ্জৰা তৌড়’ আন্দোলনটোৱে এই ‘নিৰৱতা’ৰ প্ৰশ্নটোকে সমুজুৱাকৈ উত্থাপন কৰিছিল। এই আন্দোলনে এটা কথা স্পষ্ট কৰি দিছিল যে নাৰীৰ স্বাধীনতাৰ সমুখত নিদিষ্ট কৰি দিয়া সময় একধৰণৰ কাৰ্ফিউ।

মন কৰিবলগীয়া কথাটো হৈছে, ‘পিঞ্জৰা তৌড়’ আন্দোলনটোৱে কেৱল নাৰী স্বাধীনতাৰ প্ৰসংগটোৱে অনা নাছিল। ইয়াৰ জৰিয়তে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাটোকো প্ৰশ্ন কৰা হৈছিল। এই আন্দোলনৰ আগতেও ২০০৯ চনত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ ৰামজাচ কলেজত আৰু ২০১৩ চনত ষ্টিফেন্স কলেজত এইধৰণৰ এক প্ৰতিবাদী চেতনাই গা কৰি উঠিছিল। আপুনি নিজেই ভাবক, কলেজ/বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰী গোটেই ৰাতি খোলা। কিন্তু ছাত্ৰী নিবাসৰ গেট ৬ বজাত বন্ধ। তেনেস্থলত নিবাসৰ ছাত্ৰীয়ে ইচ্ছা কৰিলেও লাইব্ৰেৰী ব্যৱহাৰ কৰিব নোৱাৰে। তাৰোপৰি ছাত্ৰী নিবাসৰ আবাসীৰ বাবে থাকে মাহটোৰ মাত্ৰ কেইটামান ‘নাইট আউত’ । তাৰ বাবেও অজশ্ৰ নীতি নিয়ম। দৰ্খাস্ত । লোকেল গাৰ্জেনৰ চহী। ইত্যাদি ইত্যাদি। ২০১৫ চনত জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিবাসৰ আবাসীৰ নাইট আউতৰ ব্যৱস্থা বন্ধ কৰি দিয়া হয়। জামিয়াৰ এগৰাকী ছাত্ৰীয়ে Delhi Commission for Women লৈ লিখা এখন চিঠিৰ প্ৰত্যুত্তৰত কমিছনে হোষ্টেল কৰ্তৃপক্ষৰ প্ৰতি এখন suo moto জাৰি কৰে। ইয়াৰ পৰাই আৰম্ভ হয় ‘পিঞ্জৰা তৌড়’ আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অধ্যায়।

নাৰীবাদী আন্দোলন হিচাপে আৰম্ভ হ’লেও ‘পিঞ্জৰা তৌড়’ক কেৱল নাৰীবাদতে সীমাবদ্ধ বুলি ক’লে ভুল হ’ব। এই আন্দোলনে ছাত্ৰ ৰাজনীতিৰ সমান্তৰালকৈ এক বিকল্প সামগ্ৰিক ৰাজনীতিৰ পোষকতা কৰিবলৈ আৰম্ভ কৰে। Occupy UGC, ৰহিত ভেমুলাৰ হত্যাৰ প্ৰতিবাদকো এই আন্দোলনে সামৰি লয়। আটাইতকৈ গুৰুত্বপূৰ্ণ যে এই আন্দোলনে ‘বিশ্ববিদ্যালয় ব্যৱস্থা’টোৰ ওপৰতো প্ৰশ্ন কৰে। ইয়াৰ আগতে দেশৰ বিভিন্ন নাৰী আন্দোলনবোৰে প্ৰশ্ন কৰিছিল কেৱল পুৰুষতন্ত্ৰৰ ওপৰত। কিন্তু কোনেও বিশ্ববিদ্যালয় ব্যৱস্থাটোত সোমাই থকা পুৰষতন্ত্ৰৰ ওপৰত প্ৰশ্ন কৰা নাছিল। ইয়াৰ অজশ্ৰ উদাহৰণ আছে। যিকোনো এখন একাডেমিক চেমিনিৰলৈ গ’লে দেখিব মঞ্চ শুৱনি কৰা বেছিভাগেই পুৰুষ। তেওঁলোকক চাহ দিয়াসকল মূলতঃ ছাত্ৰী। কলেজ বা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰাজনীতিৰ সাধাৰণ সম্পাদক পদত ছাত্ৰী বা LGBTQ ৰ প্ৰতিনিধি নাম মাত্ৰ (ছোৱালী কলেজবোৰক বাদ দি) । ছাত্ৰীয়ে কেম্পাছৰ ভিতৰত হোৱা শাৰীৰিক মানসিক অত্যাচাৰৰ প্ৰসংগ প্ৰকাশ কৰাতো এক ধৰণৰ নিৰৱতা।

‘পিঞ্জৰা তৌড়’ আন্দোলনটোৱে সেয়ে কেম্পাচ ৰাজনীতিলৈ এটা সুযোগ আনিছিল ‘Public space’ ৰ ব্যৱহাৰক বুজি উঠাৰ। তাৰ লগতে নিজৰ শৰীৰ সুৰক্ষিত কৰিবলৈ আন্ধাৰ হোৱাৰ আগতেই হোষ্টেল/ পিজিত সোমোৱাৰ সপক্ষে চিঞৰি থকা Public কো বুজাৰ সাহস দিছিল এই আন্দোলনে। CCTV কেমেৰা, সময়ৰ বাধ্যবাধকতাই যে অকলে মহিলাক সুৰক্ষা প্ৰদান কৰিব নোৱাৰে তাকেই সহজকৈ বুজাইছিল এই আন্দোলনে। যেতিয়া ৰাজহুৱা স্থানত, ৰাজহুৱা যাতায়তত মহিলাৰ উপস্থিতি বাঢ়িব- তেতিয়া ৰাস্তাত নিৰ্ভয়ে খোজ কাঢ়িবলৈ কোনো মহিলাই ভয় নকৰে। তাৰ বাবে আমাক লাগে সুৰক্ষিত যাতায়ত, অত্যধিক ষ্ট্ৰিটলাইট, মানসিকতাৰ পৰিৱৰ্তন। ‘পিঞ্জৰা তৌড়’ আন্দোলনৰ পৰা বাঢ়ি অহা এই বাৰ্তা একোটা ৰাজনৈতিক ব্যৱস্থাৰ বাবে ভয়ৰ কাৰণ হ’ব পাৰে নেকি?

ভয়ৰ কাৰণ হৈছিল বাবেই ‘দেশ কি বেটিয়া আজাদী মাংগ ৰহী হ্যে’ – এনে এক ধাৰণাও এচামে প্ৰচাৰ কৰিছিল। ‘পিঞ্জৰা তৌড়’ৰ পৰা কা বিৰোধী আন্দোলন, আৰু শেহতীয়াকৈ দিহিং পাটকাইৰ সুৰক্ষাৰ হকে চিঞৰি থকাসকলৰ বেছিভাগেই কলেজ বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি। এদিন আগতে পণ্ডিচেৰী বিশ্ববিদ্যালয়ে জাননী দিছে যে উক্ত বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক প্ৰতিবাদত অংশগ্ৰহণ কৰা কোনো ছাত্ৰ ছাত্ৰীয়ে ছাত্ৰ বৃত্তিৰ সুবিধা ল’ব নোৱাৰিব । কোনো সন্দেহ নাই ইয়াৰ বহু প্ৰভাৱ ছাত্ৰ ৰাজনীতিৰ বেলেগ বেলেগ কেম্পাচলৈও প্ৰসাৰিত হ’ব ।

লকডাউনে দেশৰ সমাজ ব্যৱস্থালৈ অনা সাল-সলনিৰ মাজত অসমৰ ছাত্ৰ সমাজ যিদৰে নিজৰ শিক্ষা বৰ্ষক লৈ চিন্তিত। ঠিক সেইদৰে চিন্তিত গণতান্ত্ৰিক দেশ একোখনত দিনে দিনে বৃদ্ধি পোৱা পুৰুষতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাক লৈয়ো। য’ত আদৰ্শৰ সামান্য পাৰ্থক্য থাকিলেই আপুনি টাৰ্গেট হৈ যাব পাৰে ৰাষ্ট্ৰৰ । নহ’লেনো দুগৰাকী ছাত্ৰীয়ে এটা আন্দোলনৰ মতামত ডাঙি ধৰা বাবেই লকডাউনৰ মাজতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাটো কোনটো দিশৰ পৰা যুক্তিসংগত?

চিন্তাধাৰা, আদৰ্শৰ মিল নাই বুলি কৈ দেৱাংগনা কলিতা আৰু নটাশা নৰৱালক আমি পাহৰি যাম । যিদৰে পাহৰি পেলাইছো CAA ৰ শ্বহীদ, কাৰাবন্দীসকলকো। কাৰণ ভীতিগ্ৰস্ত এটা ব্যৱস্থাৰ ভিতৰুৱা হৈ আমি অতদিনে ঘৰৰ ভিতৰত সোমাই থকৰ অভ্যাসত অভ্যস্ত হৈ পৰিছো। কিন্তু লকডাউনে আমাৰ মনটোকো এটা পিঞ্জৰাত ‘লক’ কৰি পেলাইছে নেকি?

আমাজন প্ৰাইমৰ ৱেব চিৰিজ ‘পাতাললোক’ৰ কাহিনীটোত আচলতে এটা কাহিনীহে সমাধান কৰি আছিল আৰক্ষী হাথিৰাম চৌধুৰীয়ে। তাৰবাবে তেওঁ কেৱল হোৱাটছ আপৰ মেচেজতে ৰৈ যোৱা নাছিল। গোটেই সমাজখনৰ সামগ্ৰিক ব্যৱস্থাটোৰ মুখামুখি হৈছিল। উপৰোক্ত প্ৰশ্নৰ উত্তৰৰ বাবে আমাকো তেনে এক মুখামুখিৰ প্ৰয়োজন হৈছে।

♦ জুৰি বৰুৱা নতুন প্ৰজন্মৰ চিন্তাশীল লেখক আৰু গল্পকাৰ

(প্ৰকাশিত মন্তব্য লেখকৰ নিজা)

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.