লাডাখ সীমান্তৰ উত্তেজনাৰ মাজতে চীনা নাগৰিকক ভাৰতীয় সেনাৰ সহায়

লাডাখ সীমান্তত চীনা সৈন্যৰ আগ্ৰাসন অব্যাহত থকাৰ সময়তে ভাৰত চীনৰ আন এক সীমান্ত উত্তৰ ছিক্কিমত ভাৰতীয় সেনাৰ মানৱীয়তাই হৃদয় জিনিছে সকলোৰে। জানিব পৰা মতে যোৱা ৩ ছেপ্টেম্বৰ তাৰিখে সাগৰ পৃষ্ঠৰ পৰা ১৭৫০০ ফুট উচ্চতাত থকা উত্তৰ ছিক্কিমত তিনি জন চীনা নাগৰিকে পথ হেৰুৱাই দিকভ্রষ্ট হয়। শূন্য উষ্ণতাৰ উক্ত অঞ্চলত চীনা নাগৰিক কেইজনক সহায় কৰিবলৈ আগবাঢ়ি আহে ভাৰতীয় সেনা। চীনা নাগৰিক কেইজনক বিভিন্ন চিকিৎসা জনীত সেৱা যেনে অক্সিজেনৰ যোগান, খাদ্য সামগ্ৰী আৰু গৰম কাপোৰ আদিৰে সহায় কৰে ভাৰতীয় সেনাই। ভাৰতীয় সেনাই চীনা নাগৰিক কেইজনক তেওঁলোকৰ গন্তব্য স্থান বিচাৰি ওলোৱাটো সহায় কৰে। চীনা নাগৰিক কেইজনেও ভাৰতীয় সেনাৰ এই মানৱীয়তাক শলাগে। জানিব পৰা মতে পথ হেৰুৱা চীনা নাগৰিক তিনিজনৰ ভিতৰত দুজন পুৰুষ আৰু এগৰাকী মহিলা আছিল।

Leave a Reply

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে