সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ডেন্টেল কলেজতো ক’ৰোনা: আক্ৰান্ত হ’ল দ্বীপা

অসমত দ্ৰুতগতিত বৃদ্ধি পাইছে ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্ৰমন৷ শুক্ৰবাৰৰ দিনটোতে ৰাজ্যখনত নতুনকৈ ৬ জন লোক এই ভয়াৱহ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়৷ ইয়াৰে ৫ জন লোক কাছাৰৰ আৰু তেওলোক আটাইকেইজন ৰাজস্থান ফেৰৎ৷ আনগৰাকী ক’ৰোনা আক্ৰান্ত ৰোগী হৈছে গুৱাহাটীৰ আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী৷ শুক্ৰবাৰৰ নিশা ১২.০৪ বজাত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইটযোগে এই কথা সদৰী কৰে৷

- Donation -

জানিব পৰা মতে ছাত্ৰী গৰাকীৰ নাম দ্বীপা ডেকা ৷তেওঁৰ ঘৰ নলবাৰী জিলাৰ দাহুদীত৷ ছাত্ৰীগৰাকী দন্ত চিকিৎসালয়ৰ ছাত্ৰী নিবাসত থাকে৷উল্লেখ্য যে কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ ডা: লিথিকেশো ক’ৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছিল৷ আজি জি এম চি এইচৰ লগতে লাগি থকা দন্ত চিকিৎসা মহাবিদ্যালয়খনৰ ছাত্ৰী এগৰাকীও মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হয়৷ স্বাভাৱিকতে এতিয়া চিকিৎসা মহাবিদ্যালয়খনৰ চাৰিওফালৰ অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হৈছে৷ জি এম চি এইচৰ অধীক্ষক ডা: ৰমেন তালুকদাৰসহ চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ দল এটাকো ইতিমধ্যে কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হৈছে৷ ইফালে,নিশাই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আক্ৰান্ত ছাত্ৰীগৰাকীক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয়৷
অসমত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা এতিয়ালৈ ৫৯ জন৷ইয়াৰে৩৪ গৰাকী আৰোগ্য হৈ উঠিছে আৰু তেওঁলোকক হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে৷ ২ গৰাকী ৰোগীৰ ইতিমধ্যে মৃত্যু হৈছে৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.