সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ড’নাল্ড ট্ৰাম্পে কিয় সেৱন কৰিছে মেলেৰিয়াৰ দৰৱ?

সমগ্ৰ বিশ্ব ক’ৰোনা মহামাৰীৰ আতংকত ত্ৰস্তমান ৷ কিন্তু অৰ্থব্যৱস্থা চলাই নিবলৈ পুনৰ দৈনন্দিন জীৱনযাত্ৰা আৰম্ভ কৰাৰ সময় আহি পৰিছে৷ বিশ্বৰ সকলো দেশেই পৰ্যায়ক্ৰমে লকডাউন খুলিবলৈ আৰম্ভ কৰিছে৷ শংকাৰ মাজতে কামকাজ আৰম্ভ কৰিলেও সকলোৱে আশাৰে এটা ভেকছিনৰ বাবে বাট চাইছে৷ তাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৰা এক ঘোষণাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত প্ৰকাশিত খবৰ অনুসৰি, হোৱাইট হাউচত ৰেষ্টুৰেন্টৰ স্বত্বাধিকাৰীসকলৰ লগত অনুষ্ঠিত এক বৈঠকৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ঘোষণা কৰে যে তেওঁ যোৱা এসপ্তাহ ধৰি মেলেৰিয়াৰ দৰৱ হাইড্ৰক্সি ক্ল’ৰ’কুইন সেৱন কৰি আহিছে ৷ নিয়মীয়াকৈ মেলেৰিয়াৰ চিকিৎসাত ব্যৱহৃত দৰৱবিধৰ এটা দ’জ সেৱন কৰে বুলিও তেওঁ সদৰী কৰে৷ উল্লেখ্য যে ১০ দিনৰ পূৰ্বে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি মাইক পেনচেৰ প্ৰেছ সচিবগৰাকী ক’ৰোনাত আক্ৰান্ত হৈছিল ৷ তাৰ পাছতে ডোনাল্ড ট্ৰাম্পৰ এই ঘোষণাই কেৱল আমেৰিকাতে নহয় ,সমগ্ৰ বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইয়াৰ পূৰ্বেও আমেৰিকাই ভাৰতৰ পৰা হাইড্ৰক্সি ক্ল’ৰ’কুইন আমদানি কৰিছিল ৷প্ৰথমাৱস্থাত ক’ৰোনা চিকিৎসাত এই দৰৱ উপযোগী বিবেচিত হ’লেও ইয়াৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত আমেৰিকাৰ ফুড এণ্ড ড্ৰাগ প্ৰশাসনে ইতিমধ্যে সকীয়নি জাৰি কৰিছে ৷ তাৰ পাছতো ডোনাল্ড ট্ৰাম্পৰ এই ঘোষণাই এতিয়া সকলোকে হতচকিত কৰি তুলিছে৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.