কলহীৰ মৃত্যু হয় নীৰৱে

Share This Article
  • দিমালী ৰাজবংশী

পটভূমিঃ

ক) গুৱাহাটী চহৰত আটাইতকৈ ভদ্ৰ, শিক্ষিত আৰু ধনী মানুহখিনি থাকে। সৰুতে গা ধোৱা, পানীখোৱা ভৰলু নদীৰ কাষেৰে এতিয়া তেওঁলোকে নাকত ৰুমাল গুজি পাৰ হয়। ভৰলুলৈ চালে ভাব হয় গুৱাহাটীত আটাইতকৈ অভদ্ৰ, অশিক্ষিত আৰু ভৱিষ্যত ধ্বংশকাৰী মানুহখিনিয়ে বাস কৰে।

খ) দীপৰবিলখনক তিলতিলকৈ হত্যা কৰি থকা হৈছে। হত্যা কৰিছে নেতা, আমোলা, ঠিকাদাৰ আৰু গুৱাহাটীবাসীয়ে!

ভালাডুভি/ডুবিত আছিল এটা পদুম পুখুৰী। মানুহে বিষ্ণুপূজা কৰিলে তালৈ গৈ পাৰত ধূপ ধূনা জ্বলাই সেৱা-সন্মান কৰি দুই চাৰি পাহ পদুম ফুল আনিছিল। চৌপাশ আছিল ফুটুকলা/ফুটকী, জাৰ্মানী, বনৰীয়া ‘ক্ষুইদা জাম’ আদি গছ-লতাৰে আৱৰা। একপ্ৰকাৰ হাবি।

বনিকৰ তাত চকু পৰিল। আধাৰশিলা স্থাপন কৰিবলৈ আহিল তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। চাফা হ’ল সকলো বন-বিৰিখ, গছ-লতিকা। জে চি বি, ডাম্পাৰ ইত্যাদিৰ পয়োভৰ ঘটিল। ঘ্ৰুং ঘ্ৰুং, ঘ্ৰুং ঘ্ৰুং চলি থাকিল অহৰহ কাম।

ছাতাবাৰীৰ মানুহবোৰৰ অহংকাৰ হ’ল! পানেৰী, দেওচৰৰ মানুহেও অলপ অচৰপ আশা পালি থাকিল! জামবাৰী বা অন্যান্য আশে পাশে থকা গাঁৱৰ মানুহবোৰে ভাবিলে, আমাৰ ফালেও হোৱাহেঁতেন ইণ্ডাষ্ট্ৰী!

লামপাৰাত চিকিউৰিটি গাৰ্ডৰ প্ৰশিক্ষণ চলিল। ৮/১০ হেজাৰ দি ল’ৰা তাত ভৰ্তি হ’ল।

কিছুমানে ঠিকা পালে। শিল, বালি চিধাই পাহাৰ আৰু নদীৰ পৰা উঠাই আনিলে। কোনো আইনৰ চকু নাই। চুবুৰীয়া নদী আৰু পাহাৰত তেতিয়ালৈ এইবোৰৰ একো অভাৱেই ঘটা নাই।

ঠিকা কৰি আস্কৰৰ লাভ হ’ল। গাড়ী কিনিলে। সি ক্ৰমশ ধনী হৈ গৈ থাকিল।

কিছুমানে দাদাগিৰী কৰিও কাম আদায় কৰিলে। আমি ল’কেল মানুহ, আমাক কাম দিবই লাগিব।

ছাত্র সন্থাৰ ল’ৰাবোৰো আহে, দাবী কৰি লৈ যায় কিবা এটা। আহে ওচৰৰ বিহু সন্মিলন, যুব ক্লাববোৰো। ইণ্ডাষ্ট্ৰীৰ মালিকপক্ষ আৰু মালিকপক্ষৰ মানুহবোৰে তেনে কৰিলে একপ্ৰকাৰ ভালেই পায় |

যোৱাবাৰৰ বহাগ মাহৰ কথা | ইণ্ডাষ্ট্ৰিৰ ‘মাল’ আনিছিল ষোল্ল চকাৰ ট্ৰাক এখনে | লাকাডুবিত ফাচিল | ক্লাবৰ ল’ৰাবোৰে গণ্ডগোল লগালে ৰাষ্টা বেয়া কৰিলে বুলি | পিছত মালিক আহি যেতিয়া কথা পাতিলে সকলোৰে ভৌ ভৌ মুখবোৰে নেজ পেলালে | মালিকে হেনো বিহুৰ বাবে দহ হেজাৰ টকা বৰঙণি/ চাণ্ডা দিছে |

ছাতাবাৰীৰ কেইজনমানে ইণ্ডাষ্ট্ৰিত কৰ্মচাৰী নিযুক্তি দিয়াৰ দালালি আৰম্ভ কৰিলে | শিৱসাগৰৰ ল’ৰা এজনৰ পৰা দহ কি পোন্ধৰ হাজাৰ খালে | খং উঠি ৰাভা ল’ৰা এটাই সেইজনক বেল্ট খুলি কোবালে | ডাঙৰ গণ্ডগোল লাগিল | বিৰোধী বিধায়ক মানে প্ৰাক্তন স্বাস্থ্যমন্ত্রীয়ো আহি সেই গণ্ডগোলৰ মাজত সাঙোৰ খালে | দাবী উঠিল ‘ল’কেল’সকলক নিযুক্তি দিব লাগে | বিৰোধ, প্ৰতিবাদ, পথ বন্ধ, ইণ্ডাষ্ট্ৰিৰ গেটত তলা ওলমিল | উপায়হীন মালিকপক্ষয়ো মানি ল’লে দাবী | গ’ল কথা গুচিল | ভিতৰি চলি থাকিল কিছুমান ‘ভিতৰুৱা কাহিনী’!

ইণ্ডাষ্ট্ৰীৰ কাষৰীয়া মাটিবোৰ বিঘাই প্ৰতি ২০, ২৫, ৩০, ৩৫, ৫০ হাজাৰকৈ কিনি লোৱা হ’ল | বহুতকে কোৱা হ’ল তাত ইণ্ডাষ্ট্ৰী হ’লে খেতি নহ’ব, পিছত ইণ্ডাষ্ট্ৰিয়ো নিকিনিব | “বিকি দি | বিকি দি |” কাৰোবাক মদ খুওৱা হ’ল, কাৰোবাক কামৰ প্ৰলোভন, কাৰোবাক আকৌ যোগান ধৰা হ’ল ৰাভা তিৰী, গাৰো আপি | মুঠতে যাক যেনেকৈ পাৰি বধা হ’ল | ২০, ২৫, ৩০, ৩৫, ৫০ |

ইণ্ডাষ্ট্ৰী আৰম্ভ হ’ল | বালাগাঁও, গুমিৰ ল’ৰাবোৰ কামত সোমাল | দুখীয়া ঘৰৰ আপি কিছুমানো আহিল | ৬ হেজাৰ টকা দৰমহা | ১০/১২ ঘন্টা ডিউটি |

দুমাহমান গ’ল | উৎসাহেৰে কামত ধৰা ‘ল’কেল আপা-আপি’বোৰৰ মুখৰ ফেন বাহিৰ হ’ল | লাহে লাহে কামৰ পৰা বিদায় ল’লে | সকলোৱে ভাবিলে, “ঘৰত গাহৰি পুহাই ভাল!”

ইতিমধ্যে আৰম্ভ হৈছিল পলাশবাৰী, উপৰহালী ইত্যাদিতো বিভিন্ন কোম্পানী | ঐতিহ্যমণ্ডিত পলাশবাৰীৰ কাঠৰ মিলবোৰ বন্ধ হৈ গৈছিল | পলাশবাৰীখন পলাশবাৰী হৈ থকা নাছিল | ইণ্ডাষ্ট্ৰীবোৰ হ’ব বুলি জানি আশে-পাশে থকা গাওঁবোৰৰ মানুহবোৰৰ মুখত পানী আহিছিল |

ঘ্ৰং ঘ্ৰঙকৈ আৰম্ভ হৈছিল প্লাইউড ফেক্টৰী |

৬০০০ টকাত ৮ ঘন্টা ডিউটিৰে বিহাৰী আৰু বঙালীবোৰেহে ডিউটি কৰিবলৈ লৈছিল | মানুহবোৰে বুজি উঠিছিল ‘কোম্পানীৰ চাকৰি, তেজক ঘাম কৰা চাকৰি!’

পলাশবাৰীৰ ৰাষ্টাটো আৰু দলংকেইখন সলনি হৈছিল |

কোম্পানীৰ গেটকেইখন আৰু বিল্ডিং কেইটা নতুনকৈ বনিছিল |

উপৰহালীৰ বিলৰ কাষত হঠাতে মাটিৰ দাম বাঢ়িছিল |

ক্ৰমশ নীলা আকাশত ধূলি আৰু ধোঁৱা অলপমান বেছিকৈ উৰিবলৈ লৈছিল!

লামপাৰা-গৰৈমাৰী সংযোগী পথটো ইণ্ডাষ্ট্ৰিৰ ডাঙৰ ডাঙৰ ট্ৰাকে বেয়া কৰিছিল | অজুহাত আছিল গৰৈমাৰীত ব্ৰহ্মপুত্ৰই খহাইছে, বালি পেলাইছে | ছাতাবাৰী, জামবাৰীৰ মানুহবোৰে আশা কৰিছিল ৰাষ্টাটো ইণ্ডাষ্ট্ৰীয়ে বনাব | থিক কৰি ৰাখিব | কিন্তু সকলো ফচৌ-চৌ!

‘অসমীয়া প্ৰতিদিন’ত শিৰোনাম আহিল ‘স্থাপন কৰা হ’ল জামবাৰীত এছিয়াৰ প্ৰথমখন বাঁহ প্ৰযুক্তি উদ্যান’ (বেম্বো পাৰ্ক)| ‘জীৱন’ আলোচনীয়ে ক’লে এয়া অসমৰ বাবে বছৰটোৰ প্ৰধান কুৰিটা উল্লেখযোগ্য ইতিবাচক খবৰৰ এটা |

মন্ত্রী পাটোৱাৰীয়ে পৰিদৰ্শন কৰি গ’ল জামবাৰীৰ নিৰ্মিয়মাণ ক্ষেত্রস্থল | নিউজ লাইভ, ডি ৱাই আহিল | পাটোৱাৰীৰ কথাত ৰসে চৌ চৌ | জামবাৰী যেন একেদিনাই হৈ পৰিল ভূস্বৰ্গ!

অদূৰৈত মানে ১ কিঃমিঃ দূৰত খৰখৰী আৰু কলহী নদী | ইয়াৰে কলহী নদীত বিলুপ্তপ্ৰায় শিহুৰ জলকেলি বিদ্যমান | পাটোৱাৰী বা ঔদ্যোগিক কতৃপক্ষৰ যেন সেইফালে চকু নাই, অন্ধ | ফৰেষ্ট বিভাগৰ ইতিমধ্যে হাগেনি হৈছে | সাধুৰ দৰে কাহিনী- জামবাৰীৰ ল’ৰাই বামুণীগাঁও বন সংমণ্ডলত অফিচাৰক তলা লগাই গছ কাটে | অফিচাৰে ভয়ত কঁপি থাকে | কানি কাপুৰে হাগে | শান্তিপুৰ হৈ আহিয়ে থাকে উকিয়াম পাহাৰৰ বিশাল বিশাল শাল, চেগুণ |

মানুহমাখাৰ মুখে মুখে, বতাহত ক’মোৱা তুলা উৰাৰ দৰে উৰি থাকিল এটা কথা – “আমাৰ এতে মদৰ ইণ্ডাষ্ট্ৰি হ’ব!”

ইতিমধ্যে ‘মেগি’ প্ৰস্তুত হৈছিল | মেগিৰ আৱৰ্জনাই সুঁতি এটা আৰু কাষৰীয়া পথাৰক আঘাত কৰিছিল | লাহে লাহে মানুহবোৰৰ তেজ উতলি অহা কৰিছিল |

জামবাৰীৰ আকাশত ক’লা ছাই আৰু দুৰ্গন্ধ দুই কিলোমিটাৰ দূৰলৈ বিয়পি পৰিছিল |

মানুহবোৰৰ অসহ্য লাগিছিল |

নাকত সোপা দি তিনি সাজ ভাত কেনেকৈ খাব? দিন ৰাতি কেৱল গোন্ধ, অকট্য দুৰ্গন্ধ!

কোনোবা এটাই কোনোবা এটাক উচতাইছিল | সেইজনে আৰু কোনোবা এটাক | লাহে লাহে গাঁওবোৰ জাগি উঠিছিল | অখিল গগৈলৈকো কেবাবাৰো খবৰ গৈছিল | নাহিল | মানুহবোৰৰ ধৈৰ্য্যৰ সীমা পাৰ হৈ গৈছিল |

ইণ্ডাষ্ট্ৰিৰ ঘৰত কোনোবাই তেল ঢালিছিল | কোনোবাই লাইটাৰ জ্বলাইছিল | কোনোবাই চিলিণ্ডাৰ নল খুলিছিল |

দপ দপ

দপ দপ

দপদপকৈ বিশাল জুই একুৰা নিমিষতে জ্বলি উঠিছিল |

ফায়াৰ ব্ৰিগেডলৈ ফোন কৰিবলৈ তাত কোনো নাছিল | সকলো আছিল অতীষ্ঠ জনসাধাৰণ!

১০

গুলি ফুটিছিল, তেজ বৈছিল |

পুলিচৰ গাড়ীয়ে জামবাৰী- আন্ধেৰিটাৰীত পিয়াপি দি ফুৰিছিল | ডেকাল’ৰাবোৰ ঘৰৰ পৰা পলাইছিল | কাৰোবাক কাৰোবাক পুলিছে চোঁচৰাই জেললৈ নিছিল |

ঘোপমৰা অন্ধকাৰ | পোহৰ হ’বলৈ বহুপৰ লাগিছিল |

কোনে কোনে ইয়াত ইণ্ডাষ্ট্ৰি বহাবলৈ NOC দিছিল? যিসকলে দিছিল, কেবামাহো সিহঁতে গাঁৱৰ পৰা পলাইছিল |

গাঁৱৰ গাড্ডাৰ!

সন্তানৰ গাড্ডাৰ!

সন্তানহঁতক কি গাওঁখনক বেচি গুৱাহাটীত মাটি কিনি দি যাবি?

১১

আৰক্ষী আউট পোষ্ট এটা ইণ্ডাষ্ট্ৰিত স্থাপন কৰা হ’ল |

ইণ্ডাষ্ট্ৰি আকৌ চলিল |

নীলা আকাশত উৰিবলৈ লোৱা চৰাইজাক দূৰলৈ গুছি গ’ল |

১২

পলাশবাৰী, উপৰহালী, ছাতাবাৰী, জামবাৰী ক্ৰমশ বাঢ়ি থাকিল ইণ্ডাষ্ট্ৰি | কুকুৰমাৰা, সৰু তেজপুৰ, খাৰাভাঙা… লাহে লাহে ইণ্ডাষ্ট্ৰিৰ পয়োভৰ হ’ল সকলোতে |

কৰ্মচাৰীৰ দৰমহা নাবাঢ়িল |

উত্তৰপ্ৰদেশ, বিহাৰৰ পৰা কৰ্মচাৰী আহিল | উজনি অসমৰ পৰা যি দুই এজন আহিল এমাহ কি দুমাহ থাকি গুছি গ’ল | ল’কেল আপা আপিবোৰৰো সেই একেই অৱস্থা | ঘৰৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া নহ’লে সাধৰণতে ইণ্ডাষ্ট্ৰিৰ কাম নকৰে | কিবা কাৰণত কৰিলেও ‘সন্তুষ্টি’ নাথাকে |

‘অসমীয়া মানুহে ইমান পৰিশ্ৰমেৰে ইমান কম ইনকাম নকৰে’!

তাতোকৈ চিকিউৰিটি গাৰ্ডেই ভাল, বহুতে ভাবে |

১৩

দোকান কিছুমান হ’ল | ১০০ কি ডেৰশ মানুহৰ উপাৰ্জনৰ পথ মুকলি হ’ল | সৰু সুৰা গধূলি বজাৰ একোখনৰো ঠাইবিশেষে আৰম্ভণি ঘটিল!

ভাৰা ঘৰৰ ‘আইডিয়া’ এটাও কিছুমানৰ মনলৈ আহিল | নতুন মানুহ, নতুন ভাৰা ঘৰ কিছুমান গাঁওবোৰত উৎপত্তি হ’ল |

গাঁৱৰ মানুহে আজিকালি গাঁৱৰ মানুহ চিনি নাপায় | বান্ধোন সুলকি পৰিল | পদপথত পুৱা গধূলি আপোন গাঁৱৰ ছোৱালীৰে নিৰাপত্তা নোহোৱা হ’ল |

১৪

মানুহবোৰে খেতি বাদ দিলে | বজাৰত জুই ছাই দাম বাঢ়িল |

ঘৰ ঘৰ, ঘৰ ঘৰকৈ ইণ্ডাষ্ট্ৰিৰ কাম চলি থাকিল |

১৫

পাটোৱাৰীয়ে ক’লে, আজিকালি ছয়গাঁৱৰ ছাটাবাৰী, জামবাৰীৰ মানুহ ধনী হ’ল | ইণ্ডাষ্ট্ৰিয়ে তেওঁলোকক ইনকাম দিলে |

হয় ধনী হ’ল, নগৰীয়া প্ৰভাৱ পৰিল | নদীবোৰ মৰি গ’ল | আৱৰ্জনা বৃদ্ধি পালে | চৰাইবোৰ নোহোৱা হ’ল |

কলহীৰ শিহু কেইটা অকৰ্মণ্য বন বিভাগে বধিবলৈ এৰি দিলে | পৰিৱেশ ধনী হ’ল | ধূলি ধোঁৱাৰে ধুসৰিত এখন পৃথিৱী |

পাটোৱাৰীয়ে হয়তো নাজানে, ‘ইণ্ডাষ্ট্ৰিবোৰত ‘ল’কেল মানুহে একেৰাহে ছমাহো কাম নকৰে, কৰিব নোৱাৰে | বেছিভাগ বাহিৰৰ মানুহে আহি ইণ্ডাষ্ট্ৰিত খোপনি পোতে |

গাঁওবোৰ মৰে

নদীবোৰ মৰে

শিহুবোৰ মৰে

চৰাইবোৰ নোহোৱা হয়

নীলা আকাশত ধূলি আৰু ধোঁৱা উৰে!

(যোৱা ২০ বছৰৰ আগৰ নদী, পাহাৰ আৰু আজিৰ নদী, পাহাৰৰ মাজৰ পাৰ্থক্য চালে বা ডাঙৰসকলক সুধিলে গম পাওঁ কিমান সংখ্যক বৃহৎ গছ ধবংস কৰা হ’ল, কিমান কৌটি টকাৰ বালি খান্দি নদীবোৰ মাৰি পেলালে! প্ৰথমে গছ কাটি, তাৰ পাছত বালি খান্দি এতিয়া ‘তথাকথিত ইণ্ডাষ্ট্ৰি’বোৰৰ নামত আমাৰ প্ৰকৃতি, আমাৰ জৈৱ বৈচিত্ৰ নিঃশেষ কৰা হ’ল | একো নাবাচে | আমিও নাবাচো | একো কৰিব নোৱাৰোঁ | উদ্যোগ লাগে কিন্তু জৈৱ বৈচিত্ৰ ধ্বংস কৰা উদ্যোগ আমাক নালাগে৷ )

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.