“…মঙলদৈৰ সোণটি বাচাহে ধনটি মোজাম্মিল
মোজাম্মিলৰ ৰক্তে পাই ভাষা জিলমিল
- Donation -
মঙলদৈ তোমাৰ নাম হওক মংগল তোমাৰ৷…” (ড° ভূপেন হাজৰিকা)
আমি সকলোৱে জানো যে অসমত ১৯৭২ চনত যি মাধ্যম আন্দোলন আৰম্ভ হৈছিল এই আন্দোলনৰ প্রভাৱ দৰঙৰ মঙলদৈতো পৰিল৷ ১৯৭২ চনৰ ৫ অক্টোবৰ, অসম ছাত্র সন্থাৰ আহবান মর্মে সেইদিনা মঙলদৈ চৰকাৰী উচচতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্রেণীৰ ছাত্র ফুলকুমলীয়া মোজাম্মিল হকেও আন স্কুলীয়া স্বেচছাসেৱকৰ লগত ১৮ কিঃমিঃ আঁতৰৰ খাৰুপেটীয়াত পিকেটিং কৰিবলৈ গৈছিল৷ তাতেই এচাম বঙালী দুর্বৃত্তৰ হাতত বৰ বেয়াকৈ প্রহূত হৈ ৬ অক্টোবৰৰ দিনা সকলোকে কন্দুৱাই মোজাম্মিল গুচি গৈছিল অচিন-অজান দেশলৈ৷ মাত্র ১৫ বছৰ বয়সত চিৰ চেনেহী ভাষা জননীৰ পূজাৰ বেদীত প্রাণ আহুতি দিয়া মঙলদৈবাসীৰ হিয়াৰ আমঠু, হৃদয় জুৰোৱা এমোকোৰা মিঠা হাঁহিৰে সকলোকে সহজতে আপোন কৰা সুশ্রী, অমায়িক, সৎ চৰিত্রৱান, সম্ভাৱনাপূর্ণ কিশোৰ শিল্পী ‘৭২ৰ মাধ্যম আন্দোলনৰ প্রথম শ্বহীদ ৰূপে খ্যাত৷ ১৯৫৭ চনৰ ১৪ জুনত মঙলদৈৰ এটি সংস্কৃতিৱান সম্ভ্রান্ত পৰিয়ালত সমাজসেৱী সৰবৰহী ব্যক্তি নাছিৰুদ্দিন আহমেদৰ ঔৰসত আৰু ধর্মপৰায়ণা মহিলা হামিদা বেগমৰ গর্ভত মোজাম্মিল হকৰ জন্ম হয়৷ মাক-দেউতাক, ককাক উচচ শিক্ষিত, সমাজসেৱক, ৰাজনীতিৰ সৈতে জড়িত৷ অসমীয়া ভাষা-জাতি-সমাজ-সংস্কৃতিৰ হকে সেৱা আগবঢ়াই অহা আদর্শ পৰিয়ালত জন্মগ্রহণ কৰা মোজাম্মিল শৈশৱত পৰিয়ালৰ পৰাই সমাজ সেৱা আৰু দেশ-মাতৃৰ সেৱাৰ মনোভাব অর্জন কৰিছিল৷ পৰিয়ালৰকৰিছিল৷ পৰিয়ালৰ পৰম্পৰাগত দেশ সেৱাৰ তেজেৰে গঢ়ি উঠা মোজাম্মিলৰ অন্তৰত অংকুৰিত হৈছিল প্রতিশ্রুতিপূর্ণ প্রতিভা৷ পাঁচগৰাকী ভাই-ককাইৰ ভিতৰত তেওঁ আছিল তৃতীয়৷ চিৰ চেনেহী মোৰ ভাষা জননীক অকৃত্রিমভাৱে ভালপোৱা মোজাম্মিল হকে বিশিষ্ট গীতিকাৰ, সুৰকাৰ মুকুল বৰুৱাৰ ৰচিত ড° ভূপেন হাজৰিকাৰ কণ্ঠেৰে নিগৰা ‘আই তোক কিহেৰে পূজিমে….’ শীর্ষক গীতটি প্রাণভৰি ভাল পাইছিল, গুণগুণাইছিল আৰু তেওঁৰ অতি প্রিয় সংগী বেঞ্জুখনত গীতটিৰ অমিয়া সুৰৰ লহৰ তুলিছিল৷ জননী জন্মভূমি আৰু ভাষা জননীৰ প্রেমত মচগুল কোমলমতি মোজাম্মিলে সেইবাবেই হয়তো ১৯৭২ চনৰ ৫ অক্টোবৰত ‘অসম ছাত্র সন্থা’ই মাতৃভাষাক মাধ্যম হিচাপে প্রতিষ্ঠাৰ দাবীত পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ আহবান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ এগৰাকী স্বেচছাসেৱক হিচাপে অন্যান্য সমবয়সীয়া ছাত্র বন্ধুৰ লগত এখন ট্রাকত উঠি বন্ধ অমান্য কৰি খাৰুপেটীয়াত খোলা অৱস্থাত ৰখা একাংশ দোকান-পোহাৰ, অনুষ্ঠান-প্রতিষ্ঠান বন্ধ কৰাৰ উদ্দেশ্যে অনুৰোধ জনাবলৈ ঢাপলি মেলে৷ দেশমাতৃৰ সেৱাত নিজৰ জীৱনকো তুচছ জ্ঞান কৰা বীৰ-বীৰাংগনাসকলৰ দৰেই মোজাম্মিলেও মনতে সংকল্প লৈ আগবাঢ়িছিল৷ কিন্তু সিদিনা হয়তো মোজাম্মিলৰ ভাগ্য বেয়া আছিল৷ অসম বন্ধৰ প্রতি সঁহাৰি জনাই ভালেমান শিক্ষানুষ্ঠান, দোকান, বজাৰ খাৰুপেটীয়াত বন্ধ ৰখা হৈছিল যদিও অসমীয়া বিদ্বেষী এচাম লোকে বন্ধ পালন নকৰিবলৈ আগতীয়াকৈ ব্যৱস্থা গ্রহণ কৰি উদ্দেশ্যপ্রণোদিতভাৱে দোকান-বজাৰ খুলি সষ্টম হৈ আছিল৷ মঙলদৈৰ পৰা যোৱা স্বেচছাসেৱী পিকেটিংকাৰীৰ দলটোৱে বুজা নাছিল তেওঁলোকৰ কু-অভিসন্ধিৰ কথা৷ তেওঁলোকে বিনীতভাৱে দোকানী-পোহাৰীসকলক বুজাই-বঢ়াই দোকান বন্ধ কৰিবলৈ অনুৰোধ কৰি গৈছিল৷ কিন্তু পূর্বৰে পৰা সজ্জিত হৈ থকা বন্ধ-বিৰোধী দলটোৱে যাঠি, জোং, ৰড, ইটাৰ টুকুৰা, শিলগুটি, ডেগাৰ আদিৰে ১৪-১৫ৰ পৰা ১৯-২০ বছৰীয়া ফুলকুমলীয়া স্বেচছাসেৱকৰ দলটিৰ ওপৰত অতর্কিতে আক্রমণ কৰিবলৈ ধৰাত স্বেচছাসেৱী দলটো ছেদেলি-ভেদেলি হৈ যেনি-তেনি দৌৰিবলৈ ধৰে৷ দুর্বৃত্তহঁতে তেতিয়াও খেদি খেদি ফুলকুমলীয়া বিচাৰ-বুদ্ধিত অপৈণত কিশোৰসকলৰ ওপৰত পাশৱিক আৰু অমানৱীয় অত্যাচাৰ চলাই গ’ল৷ খাৰুপেটীয়াৰ আৰক্ষী, কর্মৰত দণ্ডাধীশে পৰিস্থিতি চম্ভালাত চৰম ব্যর্থতা প্রদর্শন কৰিলে৷ ৪৪ জনকৈ স্বেচছাসেৱক দানৱীয় আক্রমণত আহত হৈ হোটেল, মন্দিৰ, মছজিদত আশ্রয় ল’বলৈ চেষ্টা কৰিলে৷ আঘাতপ্রাপ্ত ‘ধনটি’ মোজাম্মিল দৌৰি গৈ মছজিদত সোমায়৷ দয়া- মায়াহীন পাষণ্ডহঁতে মছজিদৰ পৱিত্রতা বিনষ্ট কৰি তাৰ পৰা তেওঁক ধৰি আনি লোহাৰ ৰড আৰু লাঠী আদিৰে নির্মমভাৱে মৰিয়াই সংকটজনক অৱস্থাত পেলাই থৈ যায়৷ কেঁকনি আৰু আর্তনাদ শুনি কেইজনমান ছাত্র আৰু স্থানীয় লোকে খাৰুপেটীয়াৰ হস্পিটেললৈ লৈ যায়৷ প্রাথমিক চিকিৎসাৰ পিছত তাৰ পৰা মঙলদৈ অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়৷ মঙলদৈৰ চিকিৎসকসকলৰ পৰামর্শ মতে অতি সংকটজনক অৱস্থাত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত সেইদিনা ভর্তি কৰা হ’ল যদিও পিছদিনা অর্থাৎ ১৯৭২ চনৰ ৬ অক্টোবৰৰ পুৱা ১০:৩০মান বজাত মাধ্যম আন্দোলনৰ ‘প্রথম শ্বহীদ’ ৰূপে খ্যাতি অর্জন কৰি ভাষা জননীৰ পূজাৰ বেদীত এপাহি পুষ্পাঞ্জলি হৈ মোজাম্মিল হকে চিৰদিনৰ বাবে চকু মুদিলে৷ দেউতাক নাছিৰুদ্দিন আহমেদ আৰু মাক হামিদা বেগমৰ বুকু উদং হ’ল, মঙলদৈত এক বিশাদৰ ইতিহাস ৰচনা হ’ল৷ ‘মাধ্যম’ আন্দোলন সমগ্র অসমত শ্বহীদ মোজাম্মিলৰ বাবেই দ্রুতগতিত আগবাঢ়িল৷ মোজাম্মিলৰ প্রতি শ্রদ্ধা জনাই মৌন সমদল উলিয়াবলৈ হোজাইলৈ গৈ ভোটাই ডেকাৰ সাহসেৰে অনুপ্রাণিত হোৱা অনিল বৰায়ো অকালতে দুর্বৃত্তৰ হাতত নিষ্ঠুৰভাৱে প্রাণ হেৰুৱালে৷ ঠিক তেনেকৈ প্রাণ হেৰুৱালে আর্থিক দুৰৱস্থাৰে জর্জৰিত পিতৃহীন নামৰূপৰ নিগম গাঁৱৰ প্রমোদ বৰা৷ ইয়াৰ পাছত শ্বহীদ কুশল কোঁৱৰৰ গাঁও স্বদেশৰ কাৰণে, ভাষাৰ কাৰণে শান্তিৰে শুই থাকিব নোৱাৰিলে৷ সদায় সংগঠনৰ কামত আগৰণুৱা কুশল কোঁৱৰ হাইস্কুলৰ সাধাৰণ সম্পাদক তথা কুশল কোঁৱৰ গাঁৱৰ বলীন ৰাজখোৱা, কলিয়াবৰৰ কলংপৰীয়া সাহসীপুৰুষ শ্যামকানু সত্রৰ শিক্ষাগুৰু নৰেন্দ্র নাথ আদি মাধ্যম আন্দোলনৰ কাৰণে, মাতৃভাষা ৰক্ষাৰ যুঁজত অমৰ হ’ল এইসকল বীৰ পুৰুষ৷ লাহে লাহে কালৰ সোঁতত এওঁলোকৰ স্মৃতি আমিও পাহৰি গ’লোঁ৷ আনকি সদৌ অসম ছাত্র সন্থাৰ দৰে জাতীয় অনুষ্ঠানসমূহেও শ্বহীদ মোজাম্মিল, অনিল, বলীন, নৰেনহতঁৰ ত্যাগৰ কথা স্মৰণ কৰা দেখা নাপালোঁ, ফলত এওঁলোক অতীত হৈ পৰিল৷ পৰিতাপৰ কথা যে আকৌ জাতিৰ অস্তিত্বৰ সংকট সমাগত৷ মাতৃভাষাৰ প্রতি অহা ভাবুকিত আমি শংকিত হৈছোঁ৷ অসম সাহিত্য সভাই মাতৃভাষা ৰক্ষার্থে শেহতীয়াকৈ এক আন্দোলনত নামি পৰিছে৷ সেয়ে আমিও আকৌ সংকল্পবদ্ধ হওঁ আহক– ‘মাতৃভূমি ৰক্ষা কৰিবলৈ, মাতৃভাষাক ৰক্ষা কৰিবলৈ৷’
Source: এম হাফিজ আলি