দিল্লী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰা কিয় আঁতৰাই দিয়া হ’ল মহাশ্বেতা দেৱীৰ বহু চৰ্চিত চুটিগল্প “দ্ৰৌপদী”?

Share This Article

মহাশ্বেতা দেৱীৰ বহু চৰ্চিত চুটিগল্প দ্ৰৌপদীক লৈ এতিয়া দেশত সৃষ্টি হৈছে বিতৰ্কৰ। প্ৰাপ্ত তথ্য অনুযায়ী দিল্লী বিশ্ববিদ্যালয় শৈক্ষিক পৰিষদে BA (Honours) ইংৰাজীৰ পাঠ্যক্ৰমৰ পৰা আঁতৰাই দিলে দ্ৰৌপদী নামৰ চুটিগল্পটো। গল্পটোত পুৰুষৰ অত্যাচাৰৰ বিৰুদ্ধে মূৰ ডাঙি যুঁজ দিয়া এগৰাকী মহিলাৰ কাহিনী বৰ্ণনা কৰা হৈছে। ঘটনা অনুসৰি এগৰাকী মহিলাক এজন পুৰুষ বিষয়াৰ সন্মুখত অমান্য কৰা হৈছিল যিগৰাকী পুৰুষ বিষয়াই আন বিষয়াসকলক ধৰ্ষণ কৰি আছিল। পুৰুষতান্ত্ৰিক সমাজক প্ৰত্যাহ্বান জনাই এগৰাকী জনজাতীয় মহিলাই কিদৰে ক্ষমতাশালী জমিদাৰৰ বিৰুদ্ধে থিয় দিছিল সেয়াই হৈছে গল্পটোৰ মূল আধাৰ। মহাভাৰতৰ দ্ৰৌপদীক সুৰক্ষা দিবলৈ স্বয়ং ঈশ্বৰ আহি পাইছিল কিন্তু এইগৰাকী দ্ৰৌপদীয়ে নিজেই নিজৰ বাবে যুঁজ দিছিল।
দ্ৰৌপদী মূলতঃ বাংলাভাষাত মহাশ্বেতা দেৱীৰ দ্বাৰা ৰচিত এটা চুটি গল্প। গল্পটো গায়ত্ৰী চক্ৰৱৰ্তী স্পিৱাকে ইংৰাজীলৈ অনুবাদ কৰিছে। প্ৰায় ২০ পৃষ্ঠাৰ এই চুটি গল্পটোৰ শৈলী নাৰীবাদী। নাৰীবাদী শৈলীৰে নাৰীৰ সৱলীকৰণ কিম্বা মহিলাৰ সৈতে সম্পৰ্কিত বিষয়বোৰ সম্পৰ্কে গল্পটোত আলোচনা কৰা হৈছে।
শৈক্ষিক পৰিষদৰ বৈঠকত ইয়াৰ ১৫ গৰাকীকৈ সদস্যই পৰ্যৱেক্ষণ সমিতিৰ কাৰ্যকলাপৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে। সদস্য সকলে অভিযোগ কৰিছে যে ইংৰাজী পাঠ্যক্ৰমত যথেষ্ট খেলিমেলিৰ সৃষ্টি হৈছে। তদুপৰি ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি ইয়াৰ পূৰ্বেও অভাৰচাইট কমিটিয়ে প্ৰথমে দুজন দলিত লেখক – বামা আৰু সুখৰথৰুণীক আঁতৰাই তাৰ ঠাইত উচ্চ বৰ্ণৰ লেখক ৰামবাইক অন্তৰ্ভুক্ত কৰিছিল । মহাশ্বেতা দেৱীৰ দ্ৰৌপদী পাঠ্যক্ৰমৰ পৰা আঁতৰ কৰাৰ সিদ্ধান্তৰ বিপৰীতে বহু লোকে এই কাম কৰাৰ কোনো শৈক্ষিক যুক্তি নাই বুলি মত পোষণ কৰিছে।
একাডেমিক কাউন্সিলৰ সদস্যৰ পৰা সংগ্ৰহ কৰা তথ্য অনুসৰি ১৯৯৯ চনৰ পৰা দ্ৰৌপদী দিল্লী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈ আছে। কিন্তু বিশ্ববিদ্যালয়ত গল্পটো একেবাৰে শিকোৱা হোৱা নাছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.