সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মিছন বসুন্ধৰা সফল হ’বলৈ কৃষকৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ক

বসুন্ধৰা জয়ৰথ, অধ্যাপক, IIT, গুৱাহাটী

অসম চৰকাৰৰ তুমি নিয়মীয়াকৰণৰ অভিলাষী আঁচনি ’মিছন বসুন্ধৰা’ ৰাজ্যখনৰ সৰ্বস্তৰৰ ভূমি সমস্যাৰ একমাত্ৰ সমাধানৰ সূত্ৰ হিচাপে ৰাইজৰ মাজত প্ৰচাৰ কৰা হৈছে৷ কিন্তু বিগত ৮ ফেব্ৰুৱাৰী, ২০২৪ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰা এটা ঘোষণাই ‘মিছন বসুন্ধৰা’ আঁচনিখনে যে তেনে কোনো সমাধান সূত্ৰৰ স্বাক্ষৰ বহন নকৰে, তাৰ বহুলাংশে প্ৰতিপন্ন কৰিলে৷ মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছিল যে আঁচনিখন অসমৰ খিলঞ্জীয়া লোকসকল অৰ্থাৎ ৰাজ্যখনৰ আদিম অধিবাসী সকলৰ বাবেহে, নাগৰিক (citizen) সকলৰ বাবে নহয়৷ তেনে ক্ষেত্ৰত, মুখ্যমন্ত্ৰীগৰাকীৰ মতে আঁচনিখন বেংগলী মুছলমান বা মিঞা সম্প্ৰদায় বা অন্য বিহাৰী, মাৰোৱাৰী লোকসকলৰ উদ্দেশ্যে নহয়৷

পোনতে আমি এই কথা স্পষ্ট কৰি দিব খোজোঁ যে, চৰকাৰী ৱেবছাইটত বৰ্ণনা কৰা অনুসবি ‘মিছন বসুন্ধৰা’ এখন নাগৰিককেন্দ্ৰিক আঁচনি৷ আঁচনিখনে ভূমি সম্পৰ্কিত চৰকাৰী সেৱাসমূহ সুবিন্যাসিত কৰি নাগৰিকৰ বাবে সহজতে দ্ৰুতভাৱে উপলব্ধ কৰি তোলাৰ কথা কৈছে৷

- Donation -

‘মিছন বসুন্ধৰা’ আঁচনিখন কোনো affirmative action policy ৰ দৰে সমাজৰ বিশেষ গোট বা সম্প্ৰদায়ক উদ্দেশ্য কৰি প্ৰৱৰ্তন কৰা হোৱা নাই৷ ভূমি খতিয়ান আৰু খাজানা পৰিচালনা সুবিন্যাসিত কৰি তোলাহে এই আঁচনিখনৰ মূল উদ্দেশ্য৷ তেনে ক্ষেত্ৰত, আঁচনিখন বিশেষ গোট বা সম্প্ৰদায়কেন্দ্ৰিক হোৱাটোতো দূৰৰে কথা, ইয়াক খিলঞ্জীয়াৰ দৰে আইন বহিৰ্ভূত আৰু অসাংবিধানিক অভিধা এটাৰ লগতো সংপৃক্ত কৰি দিয়া অনুচিত৷ ভাৰত ৰাষ্ট্ৰই ভাৰতবৰ্ষৰ সকলো মানুহকে খিলঞ্জীয়া বুলি সামৰি লোৱা হেতুকে, আন্তৰ্জাতিকভাৱে স্বীকৃত ‘খিলঞ্জীয়া’ মানুহৰ ৰাজনৈতিক অভিধাৰ ভাৰত ৰাষ্ট্ৰই স্বীকৃতি প্ৰদান কৰা নাই৷ তদুপৰি ‘মিছন বসুন্ধৰা’ৰ দৰে আঁচনি এখনৰ যোগেদি অসমৰ মাটিৰ প্ৰশ্ন সমাধান কৰিব বিচৰাৰ অন্তৰালৰ মাটি বন্দোবস্তিৰ ৰাজনীতিও আমি গভীৰভাৱে অনুধাৱন কৰি চাব লাগিব৷

মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ৰ ৭টাকে কাৰ্যসূচী ৰূপায়ণৰ কথা কোৱা হৈছে৷ যিবোৰৰ বেছিভাগেই মাটিপট্টাহীন কৃষকৰ মাটি নিয়মীয়াকৰণৰ লগত জড়িত বিষয়৷ এইখিনিতে আমি এই কথাও উল্লেখ কৰিব খোজোঁ যে, ঔপনিৱেশিক সময়তেই ৩০ বছৰৰ বাবে মাটি বন্দোবস্তি কৰাৰ নিয়ম সম্প্ৰতি দেশৰ প্ৰায়বোৰ ৰাজ্যতেই ১৯৬০ৰ দশকৰ পিছত বাদ দিয়া হৈছে৷ মুঠতে এই আঁচনিখনে ইয়াৰ বহল পৰিসৰত বৰ্তমান সময়ত বৈধভাৱে মাটিৰ ভোগ-দখল কৰি থকা লোকসকলৰ মাটিৰ খতিয়ান মাটি বন্দোবস্তিৰ জৰিয়তে অত্যাধুনিক কৰি তোলাৰ কথা কয়৷ গতিকে আঁচনিখন কেৱল মাত্ৰ কোনো বিশেষ কৃষক গোট বা সম্প্ৰদায়কেন্দ্ৰিক নহয় বৰঞ্চ ঐতিহাসিকভাৱে মাটিৰ অধিকাৰৰ পৰা বঞ্চিত সমাজিক গোটবোৰ যেনে ভাৰতৰ অনুসূচীত জনজাতিৰ ভিতৰুৱা লোকসকলৰ মাটিৰ সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ লোৱাৰ কথাটোতহে এই আঁচনিখনে জোৰ দিয়া উচিত৷ তৎসত্ত্বেও, আঁচনিখন কেৱল মাত্ৰ অনুসূচীত জনজাতিৰ মাটি বন্দোবস্তিতে সীমাবদ্ধ থকা অনুচিত৷ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্যমতে মিছন বসুন্ধৰা ২.০খিলঞ্জীয়া, ভূমিহীন দুখীয়া কৃষকৰ বাবেহে৷ কিন্তু খিলঞ্জীয়াৰ সৈতে মাটি বন্দোবস্ত কৰা আইনগতভাৱে অসম্ভৱ৷ যিহেতু অসমত খিলঞ্জীয়া কোন তাৰ কোনো সৰ্বসম্মত আইনী সংজ্ঞা এতিয়ালৈকে হোৱা নাই৷ এই বিশেষ কাৰণৰ বাবেই চৰকাৰে কিছুমান নীতিবৰ্হিভূত মাপকাঠিৰে খিলঞ্জীয়াৰ সংজ্ঞা দি আঁচনিখন ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে৷

এনেক্ষেত্ৰত খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপন কৰিবলৈ চৰকাৰে Forest Right Act খনৰ অধীনৰ অন্য পৰম্পৰাগত বনাঞ্চল নিবাসী নিৰূপনৰ অভিধাৰ আশ্ৰয় লৈছে৷ অথচ যিটো অভিধাৰ খিলঞ্জীয়াৰ ধাৰণাৰ সৈতে কোনো সম্পৰ্কই নাই৷ উক্ত অভিধানতে কোনো লোকে স্বাভাৱিকভাৱে তিনিটা প্ৰজন্ম বা ৭৫ বছৰ ধৰি মাটিত ভোগ-দখল কৰি থকাৰ কথা সাব্যস্ত কৰিব লাগে৷ এই সংজ্ঞা মতে যদিও বহু বেংগলী মুছলমান লোক মাটি বন্দোবস্তিৰ বাবে সক্ষম হ’ব, জনজাতীয় আৰু অসমীয়া কৃষকৰ বহু অংশই মাটি বন্দোবস্তিৰ পৰা বাদ পৰি ৰ’ব৷

গতিকে, মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰ দৰে মিছন বসুন্ধৰা আঁচনিখন যে বেংগলী মুছলমান লোকৰ বাবে নহয় সেই কথাৰ তিলমানো সত্যতা নাই৷ তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ জনজাতীয় আৰু অন্যান্য থলুৱা লোকসকলক মুখ্য কৰিহে এই আঁচনি যুগুত কৰা বুলি কৈ থাকিলেও অসমৰ বহু জনজাতীয় আৰু অন্যান্য থলুৱা লোকসকল এই কথাত পতিয়ন নোযোৱাটো স্বাভাৱিক৷ চৰকাৰীভাৱে নিৰূপিত মাপকাঠি আৰু মাটি ৰখাৰ উৰ্ধ্বসীমা নিৰ্ণয়ে জনজাতীয় আৰু থলুৱালোকে কিমান পৰিমাণৰ মাটিৰ আইনী অধিকাৰ লাভ কৰিব সেই কথা সন্দেহৰ আৱৰ্তলৈ ঠেলি দিছে৷ উদাহৰণস্বৰূপে PGR বা VGRৰ অন্তৰ্গত মাটিত কোনো লোকে সৰ্বোচ্চ এক বিঘালৈকেহে বস্তি মাটি লাভ কৰিব৷ আকৌ কোনো ভূমিহীন লোকে চৰকাৰী বা খাচ মাটিত ৭ বিঘালেকে খেতি মাটি লাভ কৰাৰ কথা কোৱা হৈছে৷

এক চতুৰ নীতিৰে চৰকাৰে মাটি বন্দোবস্তিক মাটি পুনঃবিতৰণৰ সৈতে একাকাৰ কৰি পেলাইছে৷ অথচ মাটি বন্দোবস্তি আৰু মাটি পুনঃবিতৰণ দুটা সম্পূৰ্ণ পৃথক বিষয়৷ মাটি বন্দোবস্তিয়ে মাটিৰ বৈধ ভোগ দখলকাৰীৰ সৈতে মাটি নিয়মীয়াকৰণক সূচায়৷ আনহাতে মাটি পুনঃবিতৰণে মাটিহীনলৈ মাটি প্ৰদান কৰাৰ কথা সূচায়৷ দুয়োটা প্ৰক্ৰিয়াতেই সুকীয়া সুকীয়া লোকসমষ্টি জড়িত হ’লেও কিছুমান ক্ষেত্ৰত এইসমূহ একেলগে আহি পাবে৷ কেৱল মাত্ৰ মাটিহীন লোকৰ সৈতে মাটি বন্দোবস্তি সীমাবদ্ধ কৰি ৰাখি ৰাষ্ট্ৰই নিজকে এটা সুবিধাজনক স্থিতিত থিয় কৰায়, যাৰ দ্বাৰা ৰাষ্ট্ৰই কৃষক শ্ৰেণীৰ হাতত থকা বহু মাটি নিজৰ হাতলৈ লৈ অনাৰ পাং পাতে৷

মুঠতে মিছন বসুন্ধৰা ২.০ৰ জৰিয়তে চৰকাৰে নিৰ্দিষ্ট সীমা আৰু মাপকাঠি নিৰ্ণয় কৰি কৃষক থলুৱা জনজাতীয় লোকৰ হাজাৰ হাজাৰ বিঘা খেটিমাটি নিজৰ দখললৈ লৈ অনাৰ পথ প্ৰশস্ত কৰিছে৷ এই গোটেই প্ৰক্ৰিয়াটোৰেই সম্প্ৰতি ভাৰতবৰ্ষত দেখা পোৱা গৈছে৷ য’ত ২০১৩ চনৰ ভূমি অধিগ্ৰহণ আইনখনৰ বিভিন্ন নীতি-নিৰ্দেশনা আওকান কৰি তথাকথিত বিভিন্ন উন্নয়নমূলক আঁচনিৰ বাবে বৃহৎ পৰিমাণৰ মাটি  state land bank বোৰত কুক্ষিগত কৰা হৈ আছে৷ অসমৰ খিলঞ্জীয়া লোকৰ মাটিৰ অধিকাৰৰ হকে মাত মতা মানুহে সেয়েহে এই প্ৰক্ৰিয়াটোৰ প্ৰতি সচেষ্ট হোৱা উচিত আৰু বুজা উচিত কেনেকৈ ৰাষ্ট্ৰই কেৱল মাত্ৰ নিজৰ স্বাৰ্থতহে মাটি বন্দোবস্তৰ দৰে অভিলাষী আঁচনি ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে৷

আমি দেখা পাওঁ যে, এই আঁচনিৰ জৰিয়তে সম্পত্তিৰ অধিকাৰ সুবিন্যাসিত কৰাৰ উপৰিও ব্যৱসায় আদিৰ বাবে মাটিৰ আদান প্ৰদান সুবিধাজনক আৰু উজু কৰিবলৈ লোৱা হৈছে৷ ইয়াৰ জৰিয়তে মাটি বণিয়াশ্ৰেণী আৰু বৃহৎ ব্যৱসায় গোষ্ঠীক গতাই দিয়াৰ যো-জা কৰা হৈছে৷ নগাঁও জিলাৰ মিকিৰ বামুণীৰ খেতি মাটি Azure Power Forty Private Ltd.ৰ হাতত কুক্ষিগত হোৱা কথাই এই প্ৰসংগত আমি উল্লেখ কৰিব পাৰোঁ৷ কোৱা বাহুল্য যে পুঁজিপতিৰ হাতত মিকিৰ বামুণীৰ মাটি গতাই দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ সকলোবিলাক যন্ত্ৰই সক্ৰিয় ভূমিকা লৈছিল আৰু আধি খেতিয়কৰ সকলোবিলাক অধিকাৰ কৰি মাটি পুঁজিপতিৰ হাতত তুলি দিয়া হৈছিল৷

এই সংক্ৰান্ততে, মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাত উল্লেখ কৰা আৰু এটা কথা মন কৰিবলগীয়া৷ তেওঁ উল্লেখ কৰিছিল যে, মানুহে মাটিৰ বাবে আবেদন কৰিলেই মাটি প্ৰদান কৰিব পৰা নাযায়৷ এইক্ষেত্ৰত ৰাষ্ট্ৰইহে নিৰ্ধাৰণ কৰিব কোনবোৰ লোকক মাটি প্ৰদান কৰা হ’ব বা নহ’ব৷ তেওঁ এই বুলিও কৈছিল যে তেওঁৰ নিজৰ সমষ্টিৰ অন্তগত আমিনগাঁও আদি অঞ্চলত কোনো লোকক মাটিৰ পট্টা প্ৰদান কৰা নাই। কিয়নো তাৰ মাটিবোৰ চৰকাৰী আৰু মূল্যৱান৷ শুৱালকুছি, পলাশবাৰী, ৰঙিয়া আদি অঞ্চলৰ কথাও তদ্ৰুপ৷ এই অঞ্চলবিলাকৰ বহু ঠাই গুৱাহাটী মহানগৰীৰ সম্প্ৰসাৰণৰ বাবে নিৰ্ধাৰণ কৰা হৈছে৷ এনেবোৰ প্ৰেক্ষাপটতেই কেতবোৰ কথা জল জল পট পট হৈ উঠিছে৷ যদিও অসমৰ খিলঞ্জীয়াৰ মাটিৰ অধিকাৰৰ দাবীৰ সৱল ৰাজনৈতিক গুৰুত্ব আছে, মিছন বসুন্ধৰা আঁচনিখন আচলতে ভূমিবিহ্বল/মাটিখোৰ ৰাষ্ট্ৰৰ মাটি কুক্ষিগত কৰাৰহে অভিসন্ধি৷ এই গোটেই প্ৰক্ৰিয়াটোতেই কৃষক আৰু উপান্ত খেতিয়ক ৰাইজহে ক্ষতিগ্ৰস্ত হ’ব৷ একে সময়তে এই আঁচনিয়ে বহু বেংগলী মুছলমান সম্প্ৰদায়ৰ লোকক মাটিৰ অধিকাৰৰ পৰা বিৰত ৰাখি এক ৰাজনৈতিকভাৱে বিভেদকামী বাতাবৰণৰ সৃষ্টি কৰিব৷

মুখ্যমন্ত্ৰীগৰাকীয়ে আন এক চাতুৰ্যৰে ভৰা বক্তব্যৰে চৰাঞ্চলৰ সামন্তবাদী মাতব্বৰ শ্ৰেণীৰ লোকক আক্ৰমণৰ লক্ষ্য বাচি লৈছে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে চৰাঞ্চলৰ সামন্তীয় মাতব্বৰ শ্ৰেণীৰ মাটি নিয়ন্ত্ৰণৰ কথা উনুকিয়াওঁতে আৰু সেই মাটি আঁচনিখনৰ আওতালৈ লৈ অনাৰ কথা উল্লেখ কৰোঁতে, চৰাঞ্চলৰ মাটিও যে ক্ৰমাগতভাৱে ৰাষ্ট্ৰৰ কুক্ষিগত হ’ব সেই কথাৰ উমান পোৱা গৈছে৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু মাতব্বৰ শ্ৰেণীৰ অধীনত আধিখেতি কৰা লোকসকলৰ কথা উল্লেখ কৰা নাই৷ ভূমি সংস্কাৰ নীতিৰ আধাৰত আধি খেতিয়কসকলহে মাটিৰ প্ৰকৃত ন্যায়গত গৰাকী৷ মুখ্যমন্ত্ৰীয়ে সামন্তীয় মাতব্বৰ শ্ৰেণীৰ আক্ৰমণৰ লক্ষ্য বাচি লৈছে সঁচা, কিন্তু ‘মিছন বসুন্ধৰা’ আঁচনিখন তেওঁ যেতিয়া অসমৰ পুৰণি অধিবাসী সকলৰ বাবে এক বিশেষ ’উপহাৰ’ বুলি কৈছে, তেওঁৰ নিজৰেই সামন্তীয় ধ্যান ধাৰণা প্ৰকট হৈ উঠিছে৷ এখন গণতান্ত্ৰিক দেশত অধিকাৰ ’উপহাৰ’ হিচাপে প্ৰদান কৰা নহয়৷ নাগৰিকতাৰ ভিত্তিত অথবা সাংবিধানিক বিশেষাধিকাৰৰ গণ্ডীতহে গণতান্ত্ৰিক দেশ এখনত অধিকাৰ প্ৰদান কৰা হয়৷ ৰজাইহে প্ৰজাক ‘উপহাৰ’ দিয়ে, ৰাষ্ট্ৰই নাগৰিকক উপহাৰ নিদিয়ে৷ ৰাজ্যৰ কৃষক শ্ৰেণীৰ স্বাৰ্থ আৰু প্ৰয়োজনতহে মাটি অধিকাৰ প্ৰদান কৰাৰ ভিত্তি হ’ব লাগে৷ সামন্তীয় কাৰকসমূহ যেনে সত্ৰ আৰু মাতব্বৰ শ্ৰেণীৰ লোকসকল, যিসকল বিভিন্ন ঐতিহাসিক কাৰণত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বৃহৎ মাটি-বাৰী, তেনেবোৰ কাৰকক প্ৰত্যাহ্বান জনোৱাই হৈছে মাটি অধিকাৰ প্ৰদানৰ মূল উদ্দেশ্য৷ কিন্তু মিছন বসুন্ধৰাৰ জৰিয়তে কৃষকৰ মাটিত অধিকাৰ সুনিশ্চিত কৰিবলৈ কৃষকৰ স্বাৰ্থ আঁচনিখনৰ মূল বিষয় কৰি ল’ব লাগিব, পুঁজিবাদী বা মুনাফাখোৰৰ স্বাৰ্থ নহয়৷ এক কথাত ক’বলৈ হ’লে- নাঙল যাৰ মাটি তালৈ, বণিয়াশ্ৰেণীৰ হাতলৈ নহয়৷

চৰকাৰৰ মাটি সম্পৰ্কীয় নীতি ব্যৱস্থাই অকল বেংগলী মুছলমান কৃষকলৈয়ে দুৰ্যোগ কঢ়িয়াই আনিব এনে নহয়, ই সমগ্ৰ অসমৰ কৃষক শ্ৰেণীৰ বাবেই ভয়াৱহ ভবিষ্যতৰ আগজাননী৷ ই মানুহৰ মাটিৰ অধিকাৰৰ হকে মাত মাতিবলৈ থকা সকলোবোৰ গণতান্ত্ৰিক পথ বন্ধ কৰি দিব আৰু সামন্তীয় ৰজাই নিজৰ পচন্দৰ লোকক উপহাৰ দিয়াৰ দৰে নতুন পৰিক্ৰমাৰ বাট মুকলি কৰি দিব৷

Leave A Reply

Your email address will not be published.