Reporting on
JIO বৰ্জন কৰিব কৃষকে।
কৃষি আইন বাতিলৰ দাবীত ১৪ ডিচেম্বৰত ৰাষ্ট্ৰজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব প্ৰতিবাদী কৃষকে। কৃষক আৰু চৰকাৰৰ মাজত হোৱা আলোচনাত কোনো সমাধান নোলোৱাৰ বাবেই ৰাষ্ট্ৰজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ কৃষকৰ। লগতে সমগ্ৰ দেশত JIO বর্জনৰ হুংকাৰ দিছে কৃষকে। আদানী, আম্বানী অধীনষ্ট পেট্ৰ’ল পাম্প, শ্বপিং মল আদি বয়কটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৃষকে। লগতে টোলগেট সমূহতো প্ৰতিবাদ সাব্যস্ত কৰিব কৃষকসকলে। উল্লেখ্য যে JIO বর্জনৰ হুংকাৰৰ পাছতেই আদানী- আম্বানীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে কৃষকৰ পৰা কোনো কাৰণতে লোৱা নহয় কৃষিজাত সামগ্ৰী।
