সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

২০২৪ৰ আমৰিকাৰ ভোটযুদ্ধঃ কিয় সাক্ষাৎ নহ’ল ড’নাল্ড ট্ৰাম্প-নৰেন্দ্ৰ মোদীৰ?

  • ২০১৯ ত মোদীয়ে দিছিল ‘ অব কী বাৰ ট্ৰাম্প চৰকাৰ’ শ্ল’গান
  • ২০২০ ত আহমেদাবাদত ট্ৰাম্পক মোদীয়ে জনাইছিল উষ্ম আদৰণি
  • ২০২৪ ত কিয় ট্ৰাম্পৰ ওচৰ নাচাপিল নৰেন্দ্ৰ মোদী

অহা ৫ নৱেম্বৰত অনুষ্ঠিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ৷ ২০২৫ চনৰ জানুৱাৰী মাহত শপতগ্ৰহণ কৰিব নতুন মাৰ্কিন ৰাষ্ট্ৰপতিয়ে৷ তাৰ পূৰ্বে ডেম’ক্ৰেটিক আৰু ৰিপাব্লিকান দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে৷ প্ৰচাৰ চলি থকাৰ মাজতেই ৰিপাব্লিকান প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে ৰাজহুৱাকৈ মন্তব্য কৰিছিল যে শীঘ্ৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁ অতি সোনকালেই লগ পাব৷ এই মন্তব্যৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিলে৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনকে ধৰি বহুকেইখন দেশৰ মুৰব্বীকো সাক্ষাত্ কৰিলে৷

- Donation -

ভ্ৰমণ সামৰি নৰেন্দ্ৰ মোদী ভাৰতলৈ উভতি আহিল৷ কিন্তু ড’নাল্ড ট্ৰাম্পে কোৱা ধৰণে নৰেন্দ্ৰ মোদী আৰু তেওঁৰ সাক্ষাত নকৰিলে৷ কিন্তু কিয়? এই প্ৰশ্ন এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সমান্তৰালভাৱে গুৰুত্বপূৰ্ণ হৈ পৰিছে৷

নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ পূৰ্বে চৰ্চা চলিছিল যে নিউয়ৰ্ক বা আইলেণ্ডত ভাৰতীয় প্ৰবাসীৰ সৈতে নৰেন্দ্ৰ মোদীৰ সাক্ষাত্ অনুষ্ঠানলৈ ড’নাল্ড ট্ৰাম্পক নিমন্ত্রণ জনোৱা হ’ব পাৰে৷২০১৯ চনত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকালৈ গৈছিল, তাত হিউষ্টনত অনুষ্ঠিত হাউদী মোদী ৰেলীলৈ ট্ৰাম্পক আমন্ত্ৰণ জনোৱা হৈছিল৷ প্ৰবাসী ভাৰতীয়ৰ সন্মুখত তেওঁ ‘অৱ কীবাৰ ট্ৰাম্প চৰকাৰ’ শ্ল’গানো দিছিল৷ তাৰ পাছত আহমেদাবাদত ড’নাল্ড ট্ৰাম্পৰ সম্ভাষণৰ বাবে বিশাল অনুষ্ঠানৰো আয়োজন কৰিছিল৷ তেনেহ’লে ২০২৪ চনত এনে কি হ’ল যে বন্ধু বুলি কোৱাৰ পাছতো ড’নাল্ড ট্ৰাম্পক মোদীয়ে সাক্ষাৎ নকৰিলে!

এই লৈ এতিয়া দুয়োখন দেশতে চৰ্চা আৰম্ভ হৈছে৷ আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলৰ মতে নৰেন্দ্ৰ মোদীয়ে সাক্ষাত কৰিবলগীয়া হ’লে কমলা হেৰিছ আৰু ড’নাল্ড ট্ৰাম্পক দুয়োজনকে সাক্ষাত্ কৰিবলগীয়া হ’লহেঁতেন৷ যিকোনো এজন প্ৰাৰ্থীক সাক্ষাত কৰিলে দুয়োখন দেশৰ বৈদেশিক সম্পৰ্ক বিঘ্নিত হোৱাৰ আশংকা থাকে৷ তদুপৰি আমেৰিকাৰ ৰাজনীতিত ২০১৯ চনত ড’নাল্ড ট্ৰাম্পৰ হৈ প্ৰচাৰ চলাবলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ঘৰুৱা ৰাজনীতিতো হস্তক্ষেপ কৰিছিল৷ যাক লৈ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল ৷ সেইবাবেই এইবাৰ ড’নাল্ড ট্ৰাম্প আৰু কমলা হেৰিছ দুয়োজনকে সাক্ষাত কৰাৰ পৰিকল্পনা কৰা হৈছিল৷ সেয়া সম্ভৱ হৈ নুঠা বাবেই হয়তো ড’নাল্ড ট্ৰাম্পক সাক্ষাত্ কৰাৰ পৰিকল্পনাও শেষ মুহূৰ্তত বাতিল কৰা হ’ল৷

ইফালে বিগত কেইটামান বছৰত ভাৰতৰ কূটনৈতিক নীতিৰো সলনি হৈছে৷ এই সলনিৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনেস্কিকো সাক্ষাত্ কৰিছিল৷ তাৰ পৰা স্পষ্ট ইংগিত দিব বিচাৰিছিল যে যুদ্ধৰ সামৰণিৰ ক্ষেত্ৰত ভাৰতে নিজৰ ভূমিকা পালন কৰিবলৈ সাজু ৷ ইয়াৰ আগলৈকে ভাৰত ৰাছিয়াৰ পক্ষত  থকাৰ দৰে এটা ধাৰণাৰ সৃষ্টি হৈছিল৷ সেই ধাৰণাৰ যতি পেলাবলৈকে নৰেন্দ্ৰ মোদীয়ে জেলেনেস্কিক সাক্ষাত কৰাৰ সিদ্ধান্ত লয়৷

ইফালে, ভাৰতৰ প্ৰতি চীন যিমানেই আক্ৰমণাত্মক হৈ আছে, সিমানেই ভাৰতক আমেৰিকাৰ সমৰ্থনৰ প্ৰয়োজন বাঢ়ি গৈ আছে৷আমেৰিকাৰ লগতে পশ্চিমীয়া দেশসমূহৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় কৰাটো ভাৰতৰ বাবে একপ্ৰকাৰ কূটনৈতিক বাধ্যবাধকতাও হৈ পৰিছ৷ সেইবাবেই অনিশ্চয়তাৰ মাজত সোমাই পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পক সাক্ষাতৰ পৰা বিৰত থাকে নৰেন্দ্ৰ মোদী৷ কাৰণ, বিগত নিৰ্বাচনত ট্ৰাম্পৰ সমৰ্থনত মুকলিকৈ প্ৰচাৰ চলোৱাৰ পাছতো ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল জ’ বাইডেন৷ সেইবাবেই এইবাৰ তেনে ভূমিকা লোৱাৰ পৰা বিৰত থাকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

Leave A Reply

Your email address will not be published.