সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰাম মন্দিৰ মুকলিৰ পূৰ্বে কোনে চ’ছিয়েল মিডিয়াত আপলোড কৰিলে সংবিধানৰ প্ৰস্তাৱনা ?

সোমবাৰে অযোধ্যাত বহু প্ৰত্যাশিত ৰাম মন্দিৰ মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই অনুষ্ঠানত অংশ লয় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱত, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধৰি ৭০০০ নিমন্ত্ৰিত অতিথি।এই অনুষ্ঠানত উপস্থিত থাকে বিকি কৌশল, মাধুৰী দীক্ষিত, আলিয়া ভাট, ৰাজকুমাৰ হিৰানী, ৰোহিত চেট্টিকে ধৰি কেইবাগৰাকীও বলিউডৰ তাৰকা। কিন্তু ইয়াৰ বিপৰীত দৃশ্য দেখিবলৈ পোৱা গ’ল।মালায়ালম চিনেমাৰ অভিনেতা-অভিনেত্ৰীসকলৰ ক্ষেত্ৰত। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা আৰম্ভ হোৱাৰ আগৰে পৰা মালায়ালম অভিনেতা আৰু পৰিচালক সকলে নিজৰ চ’ছিয়েল মিডিয়া একাউণ্টত আপলোড কৰে সংবিধানৰ প্ৰস্তাৱনা। এগৰাকী দুগৰাকী নহয়, কেইবাগৰাকীও অভিনেতা আৰু পৰিচালকে শ্বেয়াৰ কৰিছে সংবিধানৰ প্ৰস্তাৱনাটো। য’ত লিখা থাকে- ”আমি, ভাৰতবৰ্ষৰ জনসাধাৰণে, ভাৰতবৰ্ষক এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্ম নিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য ৰূপে গঠন কৰিবলৈ আৰু ইয়াৰ সকলো জনসাধাৰণৰ বাবে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, মতপ্ৰকাশ, বিশ্বাস, আস্থা আৰু উপাসনাৰ স্বাধীনতা, মৰ্যাদা আৰু সুযোগৰ সমতা নিশ্চিত কৰিবলৈ আৰু তেওঁলোক সকলোৰে মাজত ভাতৃত্ববোধ, ব্যক্তিসন্মান আৰু ৰাষ্ট্ৰীয় ঐক্য আৰু অখণ্ডতাৰ প্ৰসাৰ কৰাৰ অৰ্থে পবিত্ৰ অন্তঃকৰণেৰে সংকল্পবদ্ধ হৈ, আমাৰ ভাৰতীয় গণতন্ত্ৰত আজি ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে ইয়াৰ দ্বাৰা আমি গ্ৰহণ আৰু বিধিবদ্ধ কৰি নিজৰ প্ৰতি এই সংবিধান উছৰ্গা কৰিলোঁ।”ৰাম মন্দিৰ নিৰ্মাণ কাৰ্য আছিল কঠোৰ হিন্দুত্ববাদী দল বিজেপিৰ এক মুখ্য প্ৰতিশ্ৰুতি আৰু নিৰ্বাচনী শ্ল’গান। ন্যায়িক যুঁজৰ আৰম্ভণিৰ পৰা অন্তিম ৰায়দানলৈ ৰাম মন্দিৰক লৈ বহু বাক-বিতণ্ডা, উগ্ৰ আৰু হিংসাত্মক কাৰ্য সংঘটিত হৈছিল।এতিয়া ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত দেশৰ ঠায়ে ঠায়ে বিভিন্ন দল-সংগঠনে বিভিন্ন কাৰ্যসূচী পালন কৰিছে। এই দল-সংগঠনসমূহে অত্যুৎসাহেৰে ৰামৰ জয়ধ্বনিৰে গাঁও- চহৰ,ৰাজপথ আদি সকলো উত্তাল কৰি তুলিছে। এই শুভ মুহূৰ্তৰ সময়ত যাতে কোনো লোক আক্ৰমণ আৰু আক্ৰোশৰ বলি নহয়, কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি নহয় তাকে সোঁৱৰাই দিবলৈ মালায়ালম চিনেমাৰ অভিনেতা-পৰিচালক সকলে সংবিধানৰ প্ৰস্তাৱনাক উৎকৃষ্ট মাধ্যম হিচাপে লৈছে। মালায়ালম শিল্পীসকলৰ এই পদক্ষেপে সংবিধানত সন্নিৱিষ্ট ধৰ্মনিৰপেক্ষ, সমাজবাদী আৰু গণতান্ত্ৰিক মূল্যবোধৰ প্রতি থকা তেওঁলোকৰ সচেতনতাও প্ৰকাশ কৰিছে।

- Donation -

 

 

 

 

 

 

 

Leave A Reply

Your email address will not be published.