সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰাম মন্দিৰ আৰু ED মাজতে আছে BJP

কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বাবে এতিয়া ভগৱান ৰাম যিমান গুৰুত্বপূৰ্ণ সিমানেই গুৰুত্বপূৰ্ণ ED,CBI ৰ দৰে চৰকাৰী এজেন্সিসমূহ। দলটোৰ শীৰ্ষ নেতৃত্বই ক’ৰবাত যদি ED,CBI ৰ দৰে সংস্থাৰ সহায় লৈছে,ক’ৰবাত সহায় লৈছে ৰাম মন্দিৰৰ।মুঠতে বিগত প্ৰায় চাৰে ন টা বছৰে একো নকৰি এতিয়া তেওঁলোকৰ অৱস্থা পানীত পৰা মানুহৰ দৰে। খেৰ-কূটাকেই সাৰথি কৰি আগবাঢ়িব খুজিছে বিজেপি। ইমান দিনে ৰাহুল গান্ধীৰ উত্থানৰ কথা মনলৈয়ে অহা নাছিল দলৰ শীৰ্ষ নেতৃত্বৰ৷দলটোৱে ভাবিছিল ৰাহুল গান্ধীক কোটি কোটি টকা ব্যয় কৰি বনাই থোৱা পাপ্পু ভাৱমূৰ্ত্তিয়েই জনতাক নিৰুৎসাহী কৰিব৷কিন্তু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ভৱাৰ দৰে কথাবোৰ নহ’ল। ৰাহুল গান্ধীৰ জনপ্ৰিয়তা বৃদ্ধি পালে৷জ’মেট’ ডেলিভাৰী বয়,বাছ যাত্ৰী,ৰেল ষ্টেচনৰ কুলী,গেৰেজৰ মেকানিক,কৃষক সকলোৰে মনৰ বাতৰি ল’লে ৰাহুল গান্ধীয়ে৷আনকি কুলীৰ লগত নিজৰ মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ ল’লে। বিগত ৭ টা বছৰে মজুৰি নবঢ়া কুলীৰ মজুৰি বৃদ্ধি কৰিবলগীয়া হ’ল কেন্দ্ৰীয় ৰে’ল মন্ত্ৰালয়ে।ৰাহুল গান্ধীৰ শেহতীয়া নিৰ্বাচনী প্ৰচাৰে বিপদত পেলাইছে বিজেপিক।জাতি জনগণনাৰ পৰা আৰম্ভ কৰি নিবনুৱা সমস্যা,আদানি -মোডী সম্পৰ্ক প্ৰায় সকলো বিষয়েই সাঙুৰি লৈছে ৰাহুল গান্ধীয়ে।ইফালে লগত সংগী হিচাপে আছেই তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধী।দুই গান্ধীৰ আক্ৰমণত ধৰাশায়ী হৈছে বিজেপি।সেয়ে এইবাৰ পুনৰ ফাইল খুলিছে ৰাহুল আৰু ছোনিিয়া গান্ধীৰ।পুনৰ এইবাৰ শিৰোনাম দখল কৰিছে নেশ্যনেল হেৰাল্ড গোচৰে ইতিমধ্যে ED এ জব্দ কৰিছে ৭৫০ কোটিৰ সম্পত্তি।উল্লেখ্য যে ২০০৮ চনত বিজেপি সাংসদ সুব্ৰমণিয়াম স্বামীয়ে নেশ্যনেল হেৰাল্ড সম্পৰ্কত গোচৰ তৰিছিল।ইতিমধ্যে ED এ এই সম্পৰ্কত সোধাপোচাও কৰিছে ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীক।শেহতীয়াকৈ এই গোচৰটোৰ তদন্ত পুনৰ জোৰদাৰ গতিত আৰম্ভ হৈছে।বিৰোধী দল কংগ্ৰেছৰ মতে দেশৰ ৫ খন ৰাজ্যৰ ফলাফল যে বেয়া হ’ব সেই বিষয়টোত নিশ্চিত হৈছে বিজেপি৷সেয়ে কংগ্ৰেছ কৰ্মীৰ মনোবল হ্ৰাস কৰাৰ বাবে চৰকাৰে ED ক ব্যৱহাৰ কৰিছে। ৰাজস্থানৰ এক জনসভাত নিৰ্বাচনী সভাত অংশ লৈ ৰাহুল গান্ধীয়ে কয় যে মূল সুঁতিৰ মেডিয়াই কেতিয়াও আচল সমস্যাবোৰ নেদেখুৱায়৷সমাজৰ দৰিদ্ৰ জনতাৰ সমস্যাক নেদেখুৱায়।তেওঁলোকে মোডী-আদানি-অমিতাভ বচ্চনক দেখুৱাব।এই খন চৰকাৰৰ ৩গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ এজন প্ৰাৰ্থীয়ে একো একোটা সমষ্টিত প্ৰতিন্দন্দ্বিিতা আগবঢ়াবলগীয়া হৈছে। ED,CBI আৰু বিজেপি দলৰ প্ৰকৃত প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। ED,CBI যেনিবা অদৃশ্য ৰূপত থাকে বুলি উল্লেখ কৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেই।
মুঠতে যিমানে নিৰ্বাচনৰ ফলাফলৰ দিন কাষ চাপি আহিছে,সিমানেই বুকুৰ ধপধপনি বাঢ়িছে বিজেপি নেতৃত্বৰ।সেয়ে ৰাম মন্দিৰৰ নামত ভোট বিচাৰিছে আৰু ED,CBI ৰ ভয় দেখুৱাই বিৰোধীক ভয় খুৱাইছে ।

Leave A Reply

Your email address will not be published.