সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰাজস্থানত ২৫ ৰ পৰা ৭০ লৈ কেনেকৈ বাঢ়িল আসন?

ৰাজস্থানৰ পৰম্পৰা অনুসৰি ৰাজ্যখনত এইবাৰ বিজেপিৰ চৰকাৰ শাসনলৈ অহাৰ সম্ভাৱনা প্ৰবল । কিয়নো ৰাজ্যখনত প্ৰতি ৫ বছৰৰ মূৰত সলনি হয় ৰাজস্থানৰ চৰকাৰ।আজিৰ পৰা এটা বছৰ আগতে চলোৱা বিভিন্ন সমীক্ষাত ৰাজস্থানত কংগ্ৰেছ চৰকাৰৰ অৱস্থা শোচনীয় হিচাপে ধৰা পৰিছিল। বহুবোৰ সমীক্ষাত ৰাজস্থানত কংগ্ৰেছে মাত্ৰ ২৫ খন আসন লাভ কৰিব বুলিহে তথ্য প্ৰকাশ পাইছিল । কিন্তু শেহতীয়া সমীক্ষাবোৰত প্ৰায় প্ৰতিটো সমীক্ষাই কংগ্ৰেছ দলটোক ৭০ ৰ পৰা ১০৫ খনলৈকে আসন দিছে। কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ’ল ৰাজস্থানত চলি আছে কংগ্ৰেছ চৰকাৰ । সাধাৰণতে যি দলৰে চৰকাৰ চলি থাকে সেই দলৰ বিৰুদ্ধে প্ৰতিষ্ঠানবিৰোধী ঢৌৰ প্ৰৱণতা বেছি দেখা যায় । কিন্তু বিগত বৰ্ষলৈকে কংগ্ৰেছৰ জনসমৰ্থন হ্ৰাস হোৱাৰ উমান পোৱা সংস্থাবোৰে কেনেকৈ পুনৰ কংগ্ৰেছৰ উত্থানৰ ইংগিত পালে?প্ৰকৃততে ইয়াৰ অন্তৰালত লুকাই আছে ৰাজস্থানৰ গেহলট চৰকাৰৰ বিভিন্ন সামাজিক আঁচনি । গেহলট চৰকাৰক এই ক্ষেত্ৰত সকলোতকৈ বেছি সুযোগ আনি দিলে চিৰঞ্জীৱী স্বাস্থ্য যোজনাই । এই যোজনাৰ জৰিয়তে ২৫ লাখ টকালৈকে স্বাস্থ্য বীমাৰ সুবিধা আগবঢ়াই আহিছে চৰকাৰে । তদুপৰি সমগ্ৰ দেশত চিলিণ্ডাৰৰ মূল্য ১০০০ টকাৰো অধিক হোৱাৰ সময়ত ৰাজস্থানত ৫০০ টকাত চিলিণ্ডাৰ প্ৰদান কৰাটোৱেও চৰকাৰৰ প্ৰতি জনসমৰ্থন বৃদ্ধি কৰাত সহায় কৰিছে। আনহাতে,কংগ্ৰেছ চৰকাৰৰ বেয়া দিনৰ সুযোগ সুন্দৰভাৱে গ্ৰহণ কৰিব পাৰিলেহেঁতেন বিজেপিয়ে । এটা বছৰৰ আগৰ সমীক্ষাবোৰ দেখি বিজেপি দলে তেওঁলোকৰ সপক্ষেই বতাহ বলি থকা বুলি অনুমান কৰিছিল । সেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এটা স্পষ্ট ধাৰণা লৈ লৈছিল যে যিহেতু বিজেপি দল ৰাজস্থানত ক্ষমতালৈ অহাটো নিশ্চিত তেওঁ সেই ক্ৰেডিট প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেত্ৰী বসুন্ধৰা ৰাজেক ল’বলৈ নিদিয়ে । সেয়ে প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেক প্ৰত্যক্ষভাৱে গুৰুত্বহীন কৰি ৰাজস্থানৰ কেইবাখনো জনসভাত অংশ ল’লে ।ৰাজস্থানত অনুষ্ঠিত জয়পুৰ ৰেলীতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঞ্চতেই অৱজ্ঞা কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক। সিন্ধেই জনোৱা নমস্কাৰৰ প্ৰতি নমস্কাৰ নজনোৱা,মঞ্চত উপস্থিত থকাৰ পিছতো সম্বোধন নকৰা আদি আচৰণৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে বসুন্ধৰা ৰাজেক অৱহেলা কৰি আহিছে . তদুপৰি বিজেপিয়ে কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ ৰাজস্থানত আৰম্ভ হোৱা তালিবানী সংস্কৃতি বজৰংগ বলীৰ গদাৰে নিঃশেষ কৰিব বুলি প্ৰচাৰ চলাই আহিছে। বিজেপি দলৰ এই দুই কাৰ্যপন্থাত অত্যন্ত অসন্তুষ্ট হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ RSS. RSS এ এই কথা স্পষ্ট কৰি দিছে যে বসুন্ধৰা ৰাজেক বাদ দি ৰাজস্থানত বিজেপিৰ উত্থান অসম্ভৱ । তদুপৰি ৰাজস্থানৰ প্ৰায় ৭০ টা সমষ্টিত আছে ৰাজপুত আৰু জাঠ সম্প্ৰদায়ৰ প্ৰভাৱ । বসুন্ধৰা ৰাজেই ৰাজপুত সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে। তদুপৰি ৰাজস্থানৰ যুৱপ্ৰজন্মই প্ৰধানমন্ত্ৰী মোডীৰ ২ কোটি কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰুতি ভুৱা প্ৰতিপন্ন হোৱাত প্ৰধানমন্ত্ৰীৰ ওপৰত থকা বিশ্বাসযোগ্যতা হেৰুবাইছে । তেওঁলোকে এতিয়া বজৰংবলীৰ নাম লৈ কৰা ধৰ্মৰ ৰাজনীতিক গুৰুত্ব নিদিয়ে । বজৰংবলীৰ কথা কৈ কৰ্ণাটকতো ভোট বিচাৰিছিল বিজেপিয়ে ।কিন্তু কৰ্ণাটকৰ ৮৬% হিন্দু ভোটাৰে প্ৰধানমন্ত্ৰী মোডী সহিতে বিজেপি নেতৃত্বৰ এই বজৰংবলীক লৈ দিয়া শ্লোগান আওকান কৰিলে।
ৰাজস্থানত বিজেপি -কংগ্ৰেছৰ মাজত সমান সমান সম্ভাৱনীয়তা আছে যদিও কিন্তু কংগ্ৰেছৰ পাল্লা যথেষ্ট ভাৰী দেখা গৈছে।

Leave A Reply

Your email address will not be published.