সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰণক্ষেত্ৰ এৰি ছত্ৰভঙ্গ দিছে বিজেপি নেতাই !

যোৰহাট বিজেপিৰ খহনীয়া আজিও অব্যাহত। দলটো এফালৰ পৰা মথাউৰী ভঙাদি ভাঙি গৈয়েই আছে।চৰকাৰ-দল-প্ৰশাসন একাকাৰ হৈ যোৱাৰ অভিযোগৰ সময়তেই অহংকাৰৰ পতন ঘটিল যেন যোৰহাট জিলা বিজেপিৰ মাজত। যোৰহাট জিলা বিজেপিৰ এই সংঘাতে এনে ৰূপ লৈছেগৈ যে ধাৰাবাহিকভাৱে পদত্যাগৰ খবৰ আহিয়েই আছে।প্ৰথম পৰ্যায়ত যোৰহাট জিলা আই টি চেলৰ আহ্বায়ককে ধৰি নেতৃত্বৰ পদত্যাগ। পৰৱৰ্তী পৰ্যায়ত আকৌ তিনিজনকৈ নেতাৰ পদত্যাগ। এইবাৰ আকৌ তিতাবৰৰ পৌৰপতিয়ে এৰিলে দল। BJPৰ যোৰহাট জিলা সভাপতি হেমন্ত কলিতালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি দল এৰিলে।তিতাবৰৰ পৌৰপতি ৰূপা দত্ত শইকীয়াই এৰিলে BJPৰ সাধাৰণ সদস্য পদ ।
মূলতঃ যোৰহাট জিলাৰ বিজেপি সভাপতি হেমন্ত কলিতাৰ বিৰুদ্ধে দলীয় লোকৰ ক্ষোভ এই পৰ্যায়লৈ গৈছে যে এফালৰ পৰা যোৰহাট খহিয়েই আছে। জিলাখনৰ দলটোৰ সভাপতি হেমন্ত কলিতাৰ বিৰুদ্ধে ৰাজ্যিক বিজেপিত অভিযোগ দাখিল কৰিও একো লাভ হোৱা নাই যোৰহাটৰ বিদ্ৰোহী বিজেপিৰ। এটা গ্ৰন্থাগাৰক কেন্দ্ৰ কৰি আৰম্ভ হোৱা বিজেপিৰ ভিতৰচৰাৰ সংঘাতৰ পৰ্যায় এনে পাইছেগৈ যে দলটো খহিয়েই আছে। আৰু একেবাৰে শেহতীয়াকৈ ৰাজ্যিক BJPত পদত্যাগৰ ধাৰা অব্যাহত ৰাখি তিতাবৰৰ পৌৰপতি ৰূপা দত্ত শইকীয়াই এৰিলে সাধাৰণ সদস্যৰ পদ । BJPৰ যোৰহাট জিলা সভাপতি হেমন্ত কলিতালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি দল এৰিলে পৌৰপতিগৰাকীয়ে।অহংকাৰে মুৰত ধৰা বিজেপি পাৰ্টী নিজৰ খোৱা-কামোৰাৰ বাবেই শেষ হৈ যাব নেকি? যেন শনিহে লাগিছে বিজেপিৰ ভিতৰচৰাত।আজিৰে পৰা প্ৰায় ডেৰমাহ পূৰ্বে যোৰহাট জিলাত দলীয় নেতৃত্বৰ প্ৰতি ক্ষোভ মুকলিকৈ প্ৰকাশ কৰি দল এৰিছিল নেতা-কৰ্মীয়ে। কিয়নো ইয়াৰ পূৰ্বেও দলৰ আভ্যন্তৰীণ কন্দলৰ ফলতেই যোৰহাট বিজেপিৰ পৰা আঁতৰি গৈছিল বিজেপি আই টি চেলৰ নেতা-কৰ্মী। বিজেপিৰ ভিতৰচৰাত উমি-উমি জ্বলি থকা জুইকুৰাৰ বহিঃপ্ৰকাশ পুনৰ দেখিবলৈ পোৱা গ’ল যোৰহাট জিলাত। কিয়নো যোৰহাট জিলাত পুনৰ তিনি বিজেপি নেতাই কৰিছিল দলত্যাগ। দলীয় নেতৃত্বৰ প্ৰতি বিদ্ৰোহ ঘোষণা কৰিয়েই এই খং বিজেপি নেতাৰ। জিলাখনৰ তিনিজনকৈ জ্যেষ্ঠ বিজেপি নেতাৰ দলত্যাগে চিন্তিত কৰি তোলাৰ সময়তে আকৌ দল ত্যাগৰ খবৰ। প্ৰায় ডেৰমাহ পূৰ্বে যোৰহাট বিজেপিৰ ১৪ জনকৈ লোকে বিজেপিৰ পৰা দলত্যাগ কৰিছিল। যোৰহাট জিলা বিজেপিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ক্ৰমে বলিন বৰা, অনিল বৰা আৰু অবিভক্ত জিলাৰ সাধাৰণ সম্পাদক ৰবীন হাজৰিকাই বিজেপি ত্যাগ কৰি পত্ৰত লিখিছিল যে ‘বিজেপি এতিয়া মাথোঁ নেতাকেন্দ্ৰিক দল”।”বিজেপিত এতিয়া নাই একাত্ম মানৱতাবাদ”।সমুখত লোকসভাৰ নিৰ্বাচন। চৌদিশে ২০২৪ৰ ৰণডংকা বাজি উঠাৰ সময়তে অসম বিজেপিৰ ভিতৰচৰাত আৰম্ভ হোৱা অন্তঃকন্দলে বিপাঙত পেলাব পাৰে বিজেপিক।

Leave A Reply

Your email address will not be published.