সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

হিটলাৰেও দিছিল ১৪ বছৰত নোহোৱা কাম ৪ বছৰত কৰাৰ প্ৰতিশ্ৰুতি

‘অচ্ছে দিন’ৰ সপোন দেখুৱাই ক্ষমতা দখল কৰাটো কোনো নতুন ৰাজনৈতিক কৌশল নহয় ।  বিশ্ব ইতিহাসৰ কুখ্যাত শাসক হিটলাৰেও দিছিল ‘অচ্ছে দিন’ৰ শ্ল’গান । অৰ্থাৎ ভাল দিনৰ সপোন দেখুৱাই শাসনলৈ আহিছিল এডল্ফ হিটলাৰ । আজিৰ কোনো কোনো নেতাই যিদৰে ৬০ বছৰৰ বিপৰীতে কাম কৰিবলৈ ৬০ মাহ বিচাৰিছিল , তেনেকৈয়ে হিটলাৰেও ১৪ বছৰৰ বিপৰীতে ৪ বছৰত জাৰ্মানীৰ দুখ দুৰ্দশা আঁতৰোৱাৰ প্ৰতিশ্ৰুতি দিছিল ।১৯৩৩ চনৰ ৩০ জানুৱাৰী ৷ সেই দিনটোতেই জাৰ্মানীৰ চেঞ্চেলৰ পদত অধিষ্ঠিত হৈছিল এডল্ফ হিটলাৰ । হিটলাৰৰ ক্ষমতাত আৰোহণক লৈ উল্লাসৰ শেষ নাছিল নাজী বাহিনীৰ সদস্যসকলৰ মাজত । হিটলাৰ চেঞ্চেলৰ হোৱাৰ দিনাই বাৰ্লিনৰ ৰাজপথত ওলাইছিল হিটলাৰৰ সমৰ্থকসকলৰ বিশাল সমদল । হাতে হাতে জোৰ লৈ উলিওৱা এই সমদলত যোগ দিছিল খোদ জাৰ্মান প্ৰেছিডেণ্ট পল ভন হিণ্ডেনবাৰ্গে । এই সমদল উলিওৱা পথৰ কাষতে আছিল ফ্ৰান্স এম্বেছীৰ কাৰ্যালয় । হিটলাৰক লৈ এই উৎসাহ দেখি ফ্ৰান্স এম্বেছেদৰে লিখিছিল এইদৰে –‘’…চহৰৰ হৃদপিণ্ডৰ মাজেৰে ওলোৱা সেই সমদল জুইৰ এখন নদীৰ দৰে দেখা গৈছিল । খাকী পোছাক আৰু জোতা পিন্ধা লোকসকলে সম্পূৰ্ণ অনুশাসন মানি সমদল আগবঢ়াই নিছিল । তেওঁলোকে উচ্চস্বৰত গাইছিল যুদ্ধৰ দৰে সংগীত । সেই উৎসাহ আছিল অসাধাৰণ …’’ জাৰ্মান ৰেডিওত প্ৰচাৰ হৈছিল সেই সমদলৰ খবৰ ।নাজী সমৰ্থকেই নহয় , জাৰ্মানবাসীয়ে বহু দশকলৈ মনত ৰাখিছিল হিটলাৰৰ ক্ষমতাত আৰোহণৰ দিনৰ সেই উৎসাহ আৰু আনন্দক । চেঞ্চেলৰ পদত অধিষ্ঠিত হোৱাৰ পাছদিনা অৰ্থাৎ ১ ফেব্ৰুৱাৰীৰ দিনা হিটলাৰে ৰেডিওৰ জড়িয়তে জাৰ্মানবাসীক সম্বোধন কৰিছিল । আমাৰ দেশত যিদৰে মাত্ৰ ৬০ মাহৰ সময় বিচৰা হৈছিল , তেনেকৈয়ে হিটলাৰে বিচাৰিছিল মাত্ৰ ৪ বছৰ । ১৪ বছৰত নোহোৱা কাম চাৰি বছৰত কৰি দেখুওৱাৰ প্ৰতিশ্ৰুতি দি হিটলাৰে ক’লে এইদৰে – ‘’নাজী চৰকাৰে কাম কৰিব বিচাৰে আৰু কাম কৰি দেখুৱাব । নাজী চৰকাৰে জাৰ্মানীক শিখৰলৈ লৈ যাব বিচাৰে । বিগত ১৪ বছৰত হোৱা জাৰ্মানীৰ ক্ষয় ক্ষতিৰ মোকাবিলা চাৰি বছৰত কৰিবলৈ নাজী চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ । মাৰ্ক্সবাদী , সমাজবাদী আৰু তেওঁলোকৰ সহযোগীসকলক আপোনালোকে ১৪ বছৰ সুযোগ দিলে । তাৰ পৰিণতিত জাৰ্মানী ধ্বংস হৈ গ’ল ৷ জাৰ্মানবাসীয়ে এতিয়া আমাক মাত্ৰ চাৰি বছৰ সময় দিয়ক আৰু তাৰ পাছত আমাৰ মূল্যায়ন কৰক । আমি নিজৰ বাবে নহয় , আমি কাম কৰিম কেৱল জাৰ্মানীৰ বাবে ।‘’দেশবাসীক কৰা সম্বোধনত হিটলাৰে অতীতৰ দিনবোৰক বেয়া বুলি অভিহিত কৰিছিল আৰু জাৰ্মানীৰ বাবে ভাল দিন লৈ অহাৰ প্ৰতিশ্ৰুতি দিছিল । হিটলাৰে নিজৰ ভাষণত জাৰ্মানবাসীক ভাল দিনৰ সপোন দেখুৱালৈ ধৰিলে । হিটলাৰে কৈ গ’ল – ‘’জাৰ্মান নাগৰিকক মনৰ পৰা আৰু তেওঁলোকৰ ইচ্ছাৰ দিশৰ পৰা ঐক্যবদ্ধ কৰাটো হ’ব এই চৰকাৰৰ প্ৰথম আৰু সৰ্ব্বোচ্চ কাম । আমাৰ জাতিটোৰ শক্তি যিবোৰ ভেটিৰ ওপৰত প্ৰতিষ্ঠিত , তাক সংৰক্ষণ আৰু ৰক্ষা কৰিব । খ্ৰীষ্টান ধৰ্ম হ’ব নৈতিকতাৰ ভিত্তি আৰু পৰিয়ালবোৰ হ’ব ৰাষ্ট্ৰৰ কেন্দ্ৰবিন্দু । জাৰ্মান যুৱক যুৱতীসকলৰ শিক্ষা হ’ব আমাৰ পুৰণি পৰম্পৰা আৰু গৰ্বৰ ওপৰত প্ৰতিষ্ঠিত ।..’’আমাৰ দেশত যেনেকৈ ২ কৌটি নিবনুৱাক সংস্থাপন দিয়াৰ কথা কোৱা হৈছিল , ঠিক তেনেদৰেই হিটলাৰেও চাৰি বছৰত জাৰ্মানীৰ পৰা নিবনুৱা সমস্যা দূৰ কৰাৰ কথা ঘোষণা কৰিলে । তেওঁ নিজৰ ভাষণত ক’লে – ‘’ৰাষ্ট্ৰীয় চৰকাৰে দুটা বৃহৎ চাৰিবছৰীয়া যোজনাৰ অধীনত দেশৰ অৰ্থব্যৱস্থাক পুনৰ গঠন কৰিব ৷ সেই দুখন আঁচনি হ’ল –খেতিয়ক সকলক ৰক্ষা কৰা , যিয়ে দেশৰ খাদ্যৰ অভাৱ দূৰ কৰিব আৰু জীৱন সুৰক্ষিত কৰিব । দ্বিতীয়তে নিবনুৱা সমস্যা নোহোৱা কৰি জাৰ্মান শ্ৰমিকসকলক ৰক্ষা কৰা ।বিগত ১৪ বছৰত ৰাজনৈতিক দলবোৰে জাৰ্মান শ্ৰমিকৰ জীৱন ধ্বংস কৰি পেলাইছে । চৈধ্য বছৰত লাখ লাখ নিবনুৱাৰ সৃষ্টি কৰিছে । নতুন চৰকাৰে সেই দুৰ্দিন আঁতৰাবলৈ এই দুই সংকল্পক দৃঢ়তাৰে ৰূপায়ন কৰিব ৷ চাৰি বছৰৰ ভিতৰত জাৰ্মান কৃষকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিব লাগিব ।চাৰি বছৰৰ ভিতৰত নিবনুৱা সমস্যা সম্পূৰ্ণৰূপে দূৰ কৰিব লাগিব । ‘’যিদৰে আমাৰ দেশত পদে পদে ঐতিহ্যৰ পুনৰ মন্থন কৰা হয় , ঐতিহ্যক লৈ গৰ্ব কৰিবলৈ কোৱা হয় , এক দেশ – এক পৰিচয়ৰ কথা কোৱা হয় , ঠিক সেইদৰে হিটলাৰেও ক্ষমতাত আৰোহন কৰিয়েই তেনে কেতবোৰ কথাই কৈছিল । তেওঁ কৈছিল – ‘’আমাৰ চৰকাৰ জাৰ্মানীৰ ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল এখন প্ৰকৃত ৰাষ্ট্ৰ গঢ়ি তুলিবলৈ দায়বদ্ধ ৷ যাতে আমি সামাজিক শ্ৰেণীসমূহৰ মাজত থকা সংঘাত পাহৰি যাব পাৰো । আমি কোনো সামাজিক শ্ৰেণীক স্বীকৃতি নিদিও , আমি স্বীকৃতি দিম কেৱল জাৰ্মান নাগৰিকক , ইয়াৰ লাখ লাখ কৃষক আৰু শ্ৰমিকক । যিয়ে ঐক্যবদ্ধ হৈ এই দুখৰ সময় পাৰ কৰিব । ‘’এনেকৈয়ে ক্ষমতালৈ আহিয়েই জাৰ্মানবাসীক হিটলাৰে দেখুৱাইছিল অচ্ছে দিনৰ মধুৰ সপোন ৷জাৰ্মানবাসীৰ পৰা বিচাৰিছিল মাত্ৰ ৪ বাছৰ সময় । কিন্তু তাৰ পাছত জাৰ্মানবাসীৰ দুখৰ দিন আঁতৰিলনে ? তৃতীয় খণ্ডত উল্লেখ কৰিব হিটলাৰ জাৰ্মানীৰ চেঞ্চেলৰ হোৱাৰ পাছত কি কি হ’বলৈ ধৰিলে জাৰ্মানীত ।

Leave A Reply

Your email address will not be published.