সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

হাতীয়ে ঘটালে অঘটন

গুৱাহাটীৰ নাৰেংগীৰ সেনা শিবিৰত সংঘটিত এই ভয়ংকৰ ঘটনা ।শনিবাৰে নিশাৰ ভাগত হাতীয়ে আক্ৰমণ কৰে সেনা জোৱানজনক।আহত সেনা জনক আৰ্মি হস্পিতাললৈ নিয়া হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।মৃত জোৱান খামলিয়াং খাপৰ ঘৰ নাগালেণ্ডৰ ডিমাপুৰত।আমচাং অভয়াৰণ্যৰ হাতীয়ে প্ৰায়ে উপদ্ৰৱ চলাই নাৰেংগী-চন্দ্ৰপুৰ অঞ্চলত।চলিত মাহৰ প্ৰথম ভাগতে চন্দ্ৰপুৰ অঞ্চলত এগৰাকী অধিবক্তাক গচকি হত্যা কৰিছিল হাতীয়ে।নাৰেংগীৰ সেনা ছাউনী এসময়ত হস্তীৰ কৰিডৰ আছিল।২০১৯ চনৰ নবেম্বৰ মাহত এটা বনৰীয়া হাতীয়ে সেনা ছাউনীৰ কেণ্টিনত প্ৰৱেশ কৰি কেণ্টিনৰ যথেষ্ট ক্ষতিসাধন কৰিছিল।বিগত বৰ্ষৰ অক্টোবৰ মাহত এটা বনৰীয়া হাতীয়ে সেনা ছাউনীৰ খেলপথাৰত খেলাধূলা কৰাৰ দৃশ্যও ভাইৰেল হৈছিল।

Leave A Reply

Your email address will not be published.