সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সীমাতেই লাগিব নেকি কেণা?

উল্লেখ্য যে উজনি অসমৰ প্ৰায়বোৰ সমষ্টিতেই ভোটাৰৰ সংখ্যা নামনি অসমৰ তুলনাত কম৷উজনি অসমত এনে কিছুসংখ্যক সমষ্টি আছে যিবোৰত ভোটাৰৰ সংখ্যা এক লাখৰ আশেপাশে ।তেনে কিছুমান সমষ্টি ক্ৰমে থাওৰা য’ত ভোটাৰৰ সংখ্যা মাত্ৰ ১,১৫,৩৬৪ জন।ঠিক সেইদৰে মৰিয়নী সমষ্টিত ভোটাৰৰ সংখ্যা ১,২৩,৫৬৪ জন।টীয়ক সমষ্টিত ভোটাৰৰ সংখ্যা ১,১৮,৩৭৪ জন৷বিহপুৰীয়া সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৩১,২৬৭ জন।শিৱসাগৰ সমষ্টিত মুুঠ ভোটাৰৰ সংখ্যা ১,৩৮,২২৪ জন৷খুমটাই সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,২০,২৮৩ জন,দেৰগাঁও মুঠ ভোটাৰ ১,৪৬,৪৮৬ জন !এক কথাত উজনি অসমৰ প্ৰায় গৰিষ্ঠসংখ্যক সমষ্টিৰ ভোটাৰৰ সংখ্যা ২ লাখতকৈ কম৷ আনহাতে,
শিলচৰ সমষ্টিত ২,০৮৪,০৯ জন, সৰুপথাৰ সমষ্টিৰ ভোটাৰৰ সংখ্যা ২,২৬,০৮০,ধেমাজিত ২,১০,৮৬৫ জন,জোনাইত ২,৫১,৭৯২ জন ।তদুপৰি কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলাৰ ৫ টা সমষ্টিৰ কোনোটোতেই ভোটাৰৰ সংখ্যা ২ লাখৰ ওপৰ নহয়৷ডিফু আৰু বৈঠালাংচুক বাদ দি বাকী ৩ টা সমষ্টিতেই ভোটাৰৰ সংখ্যা ১লাখ ৩০ হাজাৰতকৈও কম।নববৰ্ষৰ প্ৰথম দিনটোতেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সমষ্টি পুনৰ নিৰ্দ্ধাৰণ সম্পৰ্কত মন্তব্য দি কয় যে প্ৰতিটো সমষ্টিত ভোটাৰৰ সংখ্যা অতি কমেও ২ লাখ ১১ হাজাৰৰ ওপৰ হ’ব লাগিব।যদি সেয়াই হয় উজনি অসমৰ থাওৰা,মৰিয়নী,দেৰগাঁও,খুমটাই,শিৱসাগৰ সমষ্টিত পুনৰ নিৰ্ধাৰণৰ জৰিয়তে কিছুসংখ্যক নতুন এলেকা অন্তৰ্ভুক্ত হ’ব।এই এলেকাবোৰৰ জনগাঁথনি আৰু আগৰ ভোটৰ পেটাৰ্ণ চাই যদি সমষ্টি পুনৰ গঠন কৰে তেন্তে এই প্ৰক্ৰিয়াৰ জৰিয়তে শাসক দল লাভান্বিত হোৱাটো নিশ্চিত।বিৰোধী দলে আশংকা প্ৰকাশ কৰিছে যে সমষ্টি পুনৰ গঠনৰ জৰিয়তে বিজেপি দলে আন বিৰোধী দলৰ ভোটবেংকবোৰ বিভাজিত কৰিব বিচাৰিছে যাৰ ফলত লাভান্বিত হ’ব শাসক দল।এই সমষ্টি পুনৰ গঠনৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত যিহেতু ভাৰতৰ নিৰ্বাচন আয়োগ জড়িত গতিকে কেন্দ্ৰীয় চৰকাৰক লোকসভা নিৰ্বাচনত লাভান্বিত কৰিব পৰাকৈ এই প্ৰক্ৰিয়া সমাপন কৰিব বুলিও বিৰোধী দলবোৰে আশংকা ব্যক্ত কৰিছে।আনহাতে,মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া সংবাদমাধ্যমত প্ৰকাশ পাই থকা তালিকাবোৰৰ কোনো ভিত্তি নাই বুলিও দোহাৰে।

Leave A Reply

Your email address will not be published.