সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘সমষ্টি পুনৰ নিৰ্ধাৰণ অসমীয়াৰ পৰিপন্থী ‘ !

অসমৰ বিধান সভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ বাবে চৰকাৰে যি সিদ্ধান্ত লৈছে সেয়া অযুক্তিকৰ আৰু অসম তথা অসমীয়া জাতিৰ স্বাৰ্থৰ পৰিপন্থী এক অপচয়মূলক সিদ্ধান্ত বুলি অভিহিত কৰিছে চিপিআই(এম-এল)দলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে। ইয়াৰ আগত বিজেপি সহ অসমৰ সকলো দল সংগঠনে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ চূড়ান্ত নোহোৱাকৈ অসমত সমষ্টি পুনৰ্নিদ্ধাৰণ হ’ব নেলাগে বুলি ঐক্যমত পোষণ কৰিছিল। তেনে ক্ষেত্ৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত নোহোৱাকৈ বৰ্তমান কি যুক্তিত চৰকাৰে সমষ্টিসমূহৰ সীমা পুনৰ্নিদ্ধাৰণৰ বাবে সিদ্ধান্ত লৈছে সেয়া ৰহস্যজনক। তাৰোপৰি ২০০১ চনৰ লোকপিয়লৰ ওপৰত ভিত্তি কৰি ২০২৩ চনত সমষ্টিসমূহৰৰ সীমা পুনৰ্নিদ্ধাৰণ কৰিবলৈ চৰকাৰে যি সিদ্ধান্ত লৈছে সেইটোও সম্পূর্ণ অবিবেচক, অপচয়মূলক উদ্দেশ্যপ্ৰণোদিত কিয়নো সমষ্টি পুনৰ্নিদ্ধাৰণৰ উদ্দেশ্যই হৈছে বৰ্দ্ধিত জনগণ আৰু সমষ্টিৰ মাজৰ আনুপাতিক সমতা ৰক্ষা কৰা আৰু জনগণৰ বিভিন্ন অংশৰ স্বকীয়তাৰ ৰক্ষা কৰা। কিন্তু এই ক্ষেত্ৰত দুটা দশকৰ জনসংখ্যা বাদ দি চৰকাৰে সমষ্টি পুনৰ্নিদ্ধাৰণ কৰিবলৈ লোৱা সিদ্ধান্তটোৱে পুনৰ্নিদ্ধাৰণৰ উদ্দেশ্যটোকে অৰ্থহীন কৰি পেলোৱাৰ লগতে কিবা গোপন অভিসন্ধি থকাৰ সন্দেহ ঘনীভূত কৰিছে বুলি বিবৃতিত মত প্ৰকাশ কৰে।তাৰোপৰি এই সমষ্টি পুনৰ্নিদ্ধাৰণ প্ৰক্ৰিয়াত জনজাতিৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা হ্ৰাস পাব বুলি এজন জনজাতি নেতাই অনা অভিযোগৰ উত্তৰ দিবলৈও চৰকাৰৰ ওচৰত দাবী জনাইছে চিপিআই(এম-এল)দলে। দাসে কয় যে সমষ্টি পুনৰ্নিদ্ধাৰণৰ আগত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ জৰুৰী আছিল কিন্তু চৰকাৰে এই জৰুৰী দাবীটোকো নস্যাৎ কৰিলে।সমষ্টি পুনৰ্নিদ্ধাৰণৰ দৰে এটা ৰাষ্ট্ৰীয় কৰ্তব্য ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বিৰোধী ৰাজনৈতিক দলসমূহৰ মতামত অত্যাৱশ্যকীয় আৰু অপৰিহাৰ্য।কিন্তু বিজেপি চৰকাৰে সেই নীতি গ্ৰহণ কৰা নাই, বৰং সাংবিধানিক গনতন্ত্ৰক সম্পূৰ্ণ সংকুচিত কৰিছে আৰু নিজৰ সাম্প্ৰদায়িক কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবেই খৰতকীয়াকৈ আৰু পূৰ্বৰ নিজৰেই যুক্তি ভৰিৰে গচকি সমষ্টি পুনৰ্নিদ্ধাৰণৰ কাম হাতত লৈছে বুলি বিবৃতিত উল্লেখ কৰি চিপিআই(এম-এল)দলে সমষ্টি পুনৰ্নিদ্ধাৰণ সিদ্ধান্ত স্থগিত ৰাখিবলৈ দাবী জনাইছে।

Leave A Reply

Your email address will not be published.