সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

শ্বিলঙলৈ নাযাব ।জাৰি হৈছে সান্ধ্য আইন ।কিন্তু কিয় ?

এজন প্ৰাক্তন বিদ্ৰোহী নেতাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে মেঘালয়ৰ ৰাজধানী শ্বিলং। উত্তপ্ত পৰিস্থিতিৰ মাজতে ৰাজ্যখনৰ ঠায়ে ঠায়ে সংঘটিত হৈছে কেইবাটাও হিংসাত্মক ঘটনা। দেওবাৰে আভ্যন্তৰীণ বিদ্ৰোহৰ ফলস্বৰূপে মেঘালয় অস্হিৰ হৈ থকাৰ সময়তে কোনো দুৰ্বৃত্তই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ব্যক্তিগত বাসগৃহলৈ পেট্ৰ’ল বোমা নিক্ষেপ কৰে।যাৰ ফলত পৰিস্থিতিৰ অধিক অৱনতি ঘটে আৰু শ্বিলঙত দুদিনীয়াকৈ জাৰি কৰা হৈছে কঠোৰ সান্ধ্য আইন। অৱশ্যে ঘটনাৰ সময়ত মুখ্যমন্ত্ৰীৰ বাসগৃহত কোনো লোক নথকাৰ বাবেই কথমপি ৰক্ষা পৰে চাংমাৰ পৰিয়াল। ৰাজনৈতিক অস্হিৰতাৰ মাজতে ৰাজ্যখনত ইতিমধ্যেই আৰম্ভ হৈছে ৰাজহুৱা সম্পত্তিৰ ধ্বংস যজ্ঞ আৰু অগ্নিসংযোগ। এই তথ্য লাভ কৰাৰ পিছতেই মেঘালয় প্ৰশাসনে কেইবাঠাইতো বন্ধ কৰি দিছে মোবাইল ইণ্টাৰনেট সেৱা।
শ্বিলঙত অসমৰ এখন বাহনকো আক্ৰমণ কৰা হৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে গাড়ীখনৰ চালকজন। অসম আৰক্ষীৰ বিশেষ ডিজিপি জি পি সিঙে এক টুইটযোগে অসমবাসীক সান্ধ্য আইন অব্যাহত থকালৈকে শ্বিলং ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে।আইন-শৃংখলাজনিত সমস্যাৰ বাবে শ্বিলঙত সান্ধ্য আইন জাৰি কৰা হৈছে।
মেঘালয়ৰ গৃহ মন্ত্ৰী লাহকমেন ৰিম্বুৱে তেওঁৰ পদত্যাগ পত্ৰত অভিযোগ উত্থাপন কৰিছিল যে প্ৰাক্তন বিদ্ৰোহী নেতা চেৰিষ্টাৰফিল্ড থাংখিউক আইনী নীতি-নিৰ্দেশনা অগ্ৰাহ্য কৰি নিজ বাসগৃহত আৰক্ষীৰ অভিযানৰ পিছত হত্যা কৰা হৈছিল। গৃহ মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীলৈ লিখা পদত্যাগ পত্ৰত বিষয়টোৰ ন্যায়িক তদন্তৰ প্ৰস্তাৱ দি কয়- মই আপোনাক গৃহ(আৰক্ষী) বিভাগৰ দায়িত্বৰ পৰা তাৎক্ষণিক ভাৱে অব্যাহতি দিবলৈ অনুৰোধ জনাইছো। মোৰ পদত্যাগে ঘটনাটোৰ সত্য, মুক্ত আৰু নিৰপেক্ষ অনুসন্ধানত সহায়ক হব।
প্ৰাক্তন বিদ্ৰোহী নেতাজনৰ মৃত্যুৰ পিছতে শ্বিলঙৰ বহু অঞ্চলত অস্বস্তিকৰ পৰিৱেশে বিৰাজ কৰিছে। অভিযুক্তৰ পৰিয়ালে এই মৃত্যুক আৰক্ষীয়ে শীতল মস্তিষ্কৰে কৰা হত্যা বুলি অভিহিত কৰিছে।
দেওবাৰে থাংখিউৰ অন্ত্যেষ্টিক্ৰিয়া শোভাযাত্ৰাত ক’লা কাপোৰ পিন্ধি, ক’লা পতাকা হাতত লৈ শ শ লোকে অংশগ্ৰহণ কৰিছিল। বহুতে ঘৰৰ চাদৰ পৰা প্লেকাৰ্ড দেখুৱাই ক্ষোভ প্ৰদৰ্শন কৰিছিল। ৰাজ্যখনৰ ঠায়ে ঠায়ে চৰকাৰ আৰু আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰা হৈছিল। আনকি শ্বিলঙৰ জায়াও অঞ্চলত অচিনাক্ত দুৰ্বৃত্তই মাওকিনৰোহ আৰক্ষী চৌকিৰ এখন আৰক্ষীৰ বাহনো জ্বলাই দিছিল।
চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি শ্বিলঙত মঙলবাৰে পুৱা ৫ বজালৈকে সান্ধ্য আইন অব্যাহত থাকিব।
শনিবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই উল্লেখ কৰিছে যে ৰাজ্য চৰকাৰে বিদ্ৰোহী গোট হাইনিৱট্ৰেপ নেচনেল লিবাৰেচন কাউন্সিলৰ প্ৰাক্তন নেতাজনৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিব।আৰক্ষীয়ে দিয়া স্পষ্টীকৰণ মতে তেওঁলোকে থাংখিউয়ে আৰক্ষীক আক্ৰমণ কৰি পলাই যাবলৈ খোজোতেই তেওঁৰ ওপৰত গুলী চালনা কৰিছিল। বৃহস্পতিবাৰে নিশা লাইতুমখৰাত এটা বিস্ফোৰণত জড়িত থকাৰ প্ৰমাণৰ ভিত্তিত অভিযুক্তৰ ঘৰত তালাচী চলোৱা হৈছিল। যেতিয়া আৰক্ষীৰ দলটোৱে তেওঁৰ (থাংখিউৰ) ঘৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল, তেওঁ পলাই যাবলৈ চেষ্টা কৰি দলটোক চুৰিৰে আক্ৰমণ কৰিছিল। ইয়াৰ পিছতে আৰক্ষীৰ দলটোৱে এটা ৰাউণ্ড গুলী চালনা কৰিছিল। আৰক্ষীৰ বিবৃতি মতে এই গুলীতেই তেওঁৰ মৃত্যু হৈছিল।
উল্লেখযোগ্য যে প্ৰাক্তন বিদ্ৰোহী নেতাজনে ২০১৮ চনৰ অক্টোবৰত আত্মসমৰ্পণ কৰিছিল।

Leave A Reply

Your email address will not be published.