“মোডী হ্যে ত্যৌ মুমকিন হ্যে”-কিয় ক’লে ৰাহুল গান্ধীয়ে?

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশৰ অৰ্থনৈতিক অৱস্থাৰ বাবে পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক। আজি ৰাহুল গান্ধী ডাঙৰীয়াই infosys ৰ সংস্থাপক এন আৰ নাৰায়ণমূৰ্তিৰ এটা মন্তব্যৰ উদ্ধৃতি দি নৰেন্দ্ৰ মোডীক ২০১৯ চনৰ বিজেপিৰ নিৰ্বাচনী শ্লোগানেৰেই কটাক্ষ কৰি কয় যে -“মোডী হ্যে ত্যৌ মুমকিন হ্যে”।

উল্লেখযোগ্য যে নাৰায়ণমূৰ্তিয়ে শেহতীয়াকৈ আশংকা প্ৰকাশ কৰিছে যে কৰোনা মহামাৰী আৰু তাৰ ফলত হোৱা লকডাউনৰ ফলত দেশৰ চলিত বৰ্ষৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে আটাইতকৈ বেয়াৰ দিশত যাব।

যোৱা প্ৰায় কিছুদিন ধৰি ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোডীৰ চৰকাৰক দেশৰ অৰ্থনৈতিক দুৰৱস্থাৰ বাবে আক্ৰমণ কৰি আহিছে। যোৱা মঙ্গলবাৰে, কংগ্ৰেছ নেতা গৰাকীয়ে মোডী চৰকাৰক কংগ্ৰেছ দলৰ ২০১৯ৰ নিৰ্বাচনী প্ৰচাৰত প্ৰতিশ্ৰুতি দিয়া “NYAY” আঁচনি খনো ৰূপায়ন কৰিবলৈ পৰামৰ্শ দিছিল।

Leave a Reply

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে