সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মুখ্যমন্ত্ৰীৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

উল্লেখ্য যে বিগত ১ ফেব্ৰুৱাৰীত এটা বিশেষ চেনেলৰ মালিকানাধীন কোম্পানীয়ে গুৱাহাটীত অনুষ্ঠিত কৰিছিল এ আৰ ৰহমানৰ শ্ব’ৰ।এই শ্ব’ৰ নামত এ আৰ ৰহমানক এক মোটা অংকৰ ধন দিবলগীয়া হৈছিল আয়োজকমণ্ডলীয়ে।
এই শ্ব’ৰ নামত ব্যয় হোৱা ধনৰ উৎস বিচাৰি সামাজিক মাধ্যমত সৰৱ হৈছিল এই সাংসদগৰাকী।তেওঁ ৰাজ্যসভাৰ সাংসদ অজিত ভূঞা ।আনকি সাংসদগৰাকীয়ে কিয় আৰু কেনেকৈ ,ক’ৰ ধনেৰে এই আয়োজন চলিছিল,তাকো উনুকিয়াইছিল।তাৰপিছতেই সাংসদগৰাকীৰ সাংসদ পুঁজিৰ তদন্ত আৰম্ভ কৰে ভিজিলেঞ্চে।ইয়াৰ পিছতেই সৰৱ হৈ পৰে সাংসদ অজিত ভূঞা।শুকুৰবাৰে নিজৰ ফে’চবুক পে’জত সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰীক জনাইছে প্ৰত্যাহ্বান।
তেওঁৰ বিৰুদ্ধে যি ফাইল আছে সকলো মুকলি কৰাৰ বাবে আহ্বান জনাই সাংসদগৰাকীয়ে নিজেও মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ফাইল খুলিব বুলি প্ৰত্যাহ্বান জনায় ।অৱশ্যে তাৰ বাবে সাংসদ ভূঞাই এক চৰ্ত ৰাখে।তেওঁৰ এই চৰ্ত হ’ল তেওঁ মুখ্যমন্ত্ৰী পৰিয়ালৰ মালিকানাধীন চেনেলত সেই ফাইল খুলিব আৰু অকণো কাটকুট নোহোৱাকৈ সেয়া লাইভ কৰিব লাগিব।
সাংসদগৰাকীৰ এই প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীয়ে কেনেদৰে গ্ৰহণ কৰে তাক লৈ বৰ্তমান চলিছে সৰৱ চৰ্চা।

Leave A Reply

Your email address will not be published.