সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বেকাৰীৰ বিস্কুটৰ নামত বৰবিহ !

নগাঁৱত জনস্বাস্থ্যৰ প্ৰতি ভয়ানক ভাবুকিৰ সৃষ্টি হৈছে।জিলাখনত গুণগুত মান নিৰূপিত নোহোৱাকৈয়ে বজাৰত বিক্ৰী হৈ আছে খাদ্য সামগ্ৰী।*Batch no, fssai ৰ লাইচেঞ্চ, পেকিং ডেট অবিহনেই বজাৰত বিক্ৰী হৈ আছে বেকাৰীৰ সামগ্ৰী।নগাঁৱৰ একাংশ বেকাৰীয়ে জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াইছে তীব্ৰ ভাবুকি । প্ৰস্তুত কৰা খাদ্য সামগ্ৰীৰ গুণগত মান নিৰূপিত নকৰাকৈয়ে বজাৰত বিক্ৰী কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ উত্থাপিত হৈছে নগাঁৱৰ ফৌজদাৰিপট্টিস্থিত “বেকাৰ্ছ স্পেচিয়েল” নামৰ বেকাৰীখনৰ বিৰুদ্ধে । Batch no, পেকিং ডেট আৰু fssai ৰ লাইচেঞ্চ অবিহনেই বজাৰত খাদ্য সামগ্ৰী মেলি জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে এই বেকাৰী উদ্যোগটোৱে । ইয়াৰোপৰি অস্বাস্থ্যকৰ পৰিবেশতে প্ৰস্তুত কৰি আহিছে খাদ্য সামগ্ৰী । ইপিনে, গ্ৰাহকৰ এই অভিযোগৰ পিছত বেকাৰী উদ্যোগটো পৰিদৰ্শন কৰিবলৈ যোৱা একাংশ সাংবাদিকক বেকাৰী উদ্যোগটোৰ গালিব মনচুৰ হাজৰিকা নামৰ স্বত্বাধিকাৰী গৰাকীয়ে ভাবুকি প্ৰদান কৰাৰো অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে, এইগৰাকী স্বত্বাধিকাৰীৰ বিৰুদ্ধে পূৰ্বতেও আছে বহু কু-কীৰ্তিৰ অভিযোগ । নগাঁও চহৰৰ নতুন বজাৰস্থিত তেওঁৰ এখন ৰেষ্টুৰেন্টৰ লেতেৰা পানী কাষৰে এখন প্ৰাথমিক বিদ্যালয়ত পৰাক লৈয়ো সেই সময়ত জাঙুৰ খাই উঠিছিল নগাঁৱৰ সচেতন সমাজ । ৰাইজৰ অভিযোগৰ পিছত প্ৰশাসনৰ হস্তক্ষেপতহে বন্ধ হৈছিল সেই লেতেৰা পানীৰ সৰবৰাহ । উল্লেখ্য যে, জনস্বাস্থ্যৰ প্ৰতি তিলমানো গুৰুত্ব আৰোপ নকৰি এনেদৰে এতিয়া ব্যাপক কৰ ফাঁকিৰে বেকাৰীৰ জৰিয়তে লুণ্ঠনৰাজ চলাই গৈছে গালিব মনচুৰ হাজৰিকা এণ্ড কোম্পানীয়ে । কাৰণ, নগাঁৱৰ খাদ্য পৰিদৰ্শকসকল এতিয়া কুম্ভকৰ্ণ নিদ্ৰাত ।

Leave A Reply

Your email address will not be published.