সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিশ্ব কাপ ফুটবল- পি এছ জিৰ সতীৰ্থ এইবাৰ মুখামুখী যুঁজত

জিতেন গগৈ

কাটাৰৰ  বিলিয়নাৰৰ মালিকনাধীন পেৰিছ ছেইন্ট জাৰ্মেই,. চমুকৈ পি-এছ-জি । কাটাৰৰ বিলিয়নাৰৰ মালিকনাধীন এই ক্লাবতে একেলগে খেলে ফ্ৰান্সৰ কিলিয়ান এমবাপে, ব্ৰাজিলৰ নেইমাৰ আৰু আৰ্জেন্টিনাৰ লায়নেল মেছিয়ে । বিশ্বৰ শ্ৰেষ্ঠ আক্ৰমণবিভাগ গঢ় লৈ উঠিছে এইটো ক্লাবতে । দুৰন্ত প্ৰদৰ্শনেৰে পি-এছ-জিৰহৈ এই পৰ্যন্ত ২২ খন খেলত তেওঁলোকে মিলি ৪৬টাকৈ গ’ল দিছে । বিশ্ব কাপলৈ আহোতে তেওঁলোক কেউজনৰে দল সম্ভাব্য বিজয়ী হিচাপে চিহ্নিত হৈছিল । নেইমাৰৰ ব্ৰাজিল পাছে আঁতৰি গৈছে ইতিপূৰ্বে । দেওবাৰৰ ফাইনেললৈ এতিয়া ৰ’লগৈ আগেয়ে দুবাৰকৈ জয়ী হোৱা আৰ্জেন্টিনা আৰু ফ্ৰান্স । এইবাৰ যেন মেছি বনাম এমবাপেৰ প্ৰতিদ্বন্দিতা  !

মাজত এতিয়া  আৰু  কোনো প্ৰতিবন্ধক নাই । এই ৰণত যিজনেই উজলিব,কাপ হব তেওঁলোকৰেই দলৰ ।   যদিহে ফ্ৰান্স জিকে, তেতিয়াহলে ব্ৰাজিলৰ পিছত তেওঁলোকেই হব প্ৰথম আৰু একমাত্ৰ দল, যি বিজয়ী হব উপৰ্যুপৰি দুখন বিশ্ব কাপত ।  ব্ৰাজিল জয়ী হৈছিল ১৯৫৮ আৰু ১৯৬২ চনত । দুয়োটাদলেই এই পৰ্যন্ত দুবাৰকৈ বিজয়ী হৈছে । ফ্ৰান্স ১৯৯৬ আৰু ২০১৮ চনত । আনহাতে ১৯৭৮ আৰু ১৯৮৬ চনত বিজয়ী হৈছে আৰ্জেন্টিনা । বিশ্ব কাপত তেওঁলোক পৰস্পৰৰ মুখামুখী হৈছে তিনিবাৰ আৰু  তাৰ ভিতৰত দুবাৰ  লেটিন আমেৰিকান দলটোৱে জয়ৰ হাঁহি   মাৰিছে, ১৯৩০ আৰু ১৯৭৮ চনত । অন্যহাতে ফ্ৰান্সে একমাত্ৰ জয়টোত যোৱাবাৰ আৰ্জেন্টিনাক প্ৰি কোৱাৰ্টাৰতে বিমুখ কৰিছিল ৪-৩ গ’লত । যোৱাবাৰো আৰ্জেন্টিনা অন্যতম দাবীদাৰ আছিল  আৰু সেই পৰাজয়ৰ পোতক তোলাৰো ভাল সুবিধা এটা পাইছে এইবাৰ । দেখা যায়, সামগ্ৰিক মুখামুখীতো আৰ্জেন্টিনাই  আগবাঢ়ি আছে । এতিয়ালৈকে মুঠ  ১২টাৰ ভিতৰত ছবাৰ জয়ী হৈছে দক্ষিণ আমেৰিকীয় দলটো । ৩ খনত তেওঁলোক পৰাজিত হোৱাৰ বিপৰীতে আন ৩ খন ড্ৰ হৈছে । চাৰি বছৰৰ আগেয়ে বিশ্ব কাপতেই তেওঁলোকৰ শেহতীয়াটো মুখামুখী হৈছিল । মেছি আৰু এমবাপেও আছিল  তেতিয়া । আন খেলুৱৈৰ শক্তি-সামৰ্থক  তুচ্ছ-জ্ঞান নকৰিও এটা কথা কব পাৰি যে দেওবাৰৰ ফাইনেলত এই দুজন খেলুৱৈৰ প্ৰদৰ্শনেই গুৰুত্বপূৰ্ণ বা নিৰ্ণায়ক হবগৈ পাৰে । গ্ৰিজমেন আৰু অলিভাৰ জিৰোদো আৰ্জেন্টাইন শিৱিৰৰবাবে অনবৰতে ভাবুকি হৈয়েই থাকিব  ।  কিন্তু ফাইনেলত  গোণা মহৰদৰে এমবাপেই হব ফৰাচী দলটোৰ প্ৰধান অস্ত্ৰ ।   এষাৰ কথা আছে ।  মহান খেলুৱৈসকলে ভৰিত বল নাথাকিলেও খেলে । মেছি-এমবাপে  সেই জাতৰ খেলুৱৈ । তেওঁলোকৰ  ভৰিত বল নাথাকিলেও প্ৰতিপক্ষই স্বস্তিত  থকাৰ স্ৱাধীনতা নাপায় ।  তেনে বিলাসিতাৰ সৌভাগ্য নঘটে কোনো প্ৰতিপক্ষৰ । যুদ্ধৰ প্ৰেক্ষাপট তেতিয়াই সলনি হয় । তেওঁলোকৰ  ভূমিকাও   সলনি হয় ।  মনত পেলোৱা হওক, ফ্ৰান্স-আৰ্জেন্টিনাৰ আগৰ খেলৰ কথা । মেছি-এমবাপেৰ তুলনাহীন পাছ পাই সতীৰ্থই গ’ল দিছে বহুবাৰ । চলিত বিশ্ব কাপত তেওঁলোক দুয়োজনেই এই পৰ্যন্ত সতীৰ্থৰ তিনিটাকৈ গ’লত নিৰ্ণায়ক পাছ দিছে । দুয়োজনৰ মাজত আন এখন যুঁজো সমান্তৰালকৈ    চলি আছে ।  গ’ল্ডেন বুটৰবাবে যুঁজ  । এই পৰ্যন্ত উভয়েই ৫টাকৈ গ’ল দি  আছে ।

- Donation -

Leave A Reply

Your email address will not be published.