সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপিয়ে দেশেই চলাব নে চিনেমাই চলাব?

সাংস্কৃতিক জগতৰ লোক ৰাজনীতিলৈ গৈ লটিঘটি হোৱাৰ উদাহৰণ আমাৰ সমাজত বহুত ।সাংস্কৃতিক দিশত অত্যন্ত সফল অভিনেতা-অভিনেত্ৰী ,গায়ক গায়িকাই ৰাজনীতিৰ লগত জড়িত হোৱাৰ পিছত অথবা বিশেষ কোনো ৰাজনৈতিক ব্যক্তিক সমৰ্থন কৰাৰ পিছত জনতাৰ শিল্পী হৈ থকাৰ উদাহৰণ খুব কম ।যদিও ৰাজনীতিক সকলে শিল্প-সাহিত্যৰ লগত জড়িত ব্যক্তি সকলক দলত যোগদান কৰোৱাৰ বিষয়টোত গুৰুত্ব দিয়ে আৰু ৰাজনৈতিক দলৰ ক্ষেত্ৰত বৃহৎ সফলতা হিচাপে পৰিগণিত হয় ,বাস্তৱ ক্ষেত্ৰত কিন্তু সেই শিল্পী অভিনেতা অভিনেত্ৰীসকল জনতাৰ মনৰ পৰা বহু যোজন দূৰলৈ গুছি যায় । শেহতীয়াকৈ সমগ্ৰ ভাৰতত তেনে দুটা ঘটনাই সংঘটিত হ’ল।বলিউড অভিনেত্ৰী কংগনা ৰাণাৱট সমগ্ৰ ভাৰততে জনৰোষৰ লক্ষ্য হৈ পৰিছে । বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটৰ এখন চিনেমা শেহতীয়াকৈ মুক্তি লাভ কৰে। চিনেমাখনৰ নাম ‘তেজচ’ ।যোৱা শুকুৰবাৰে মুক্তি লাভ কৰা চিনেমাখন চূড়ান্তভাবে ফ্লপ হৈছে । ছবিগৃহৰ মালিকে নিজেই দৰ্শকৰ অভাৱত বন্ধ কৰিব লগীয়া হৈছে চিনেমা দৰ্শনী।
উপায়হীন কংগনাই কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি চিনেমা চাবলৈ অনুৰোধ জনোৱাৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো বিশেষ প্ৰদৰ্শনীৰ জৰিয়তে মঙলবাৰে চিনেমাখন উপভোগ কৰাৰ আহ্বান জনায় ।যোগী আদিত্যনাথে চিনেমাখন উপভোগ কৰাৰ পিছতেই অভিনেত্ৰীগৰাকীয়ে টুইটাৰত আপলোড দিয়ে যে তেজচ টীমৰ অভিনয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক ইমানেই অভিভূত কৰিছিল যে তেওঁ আৱেগিক হৈ পৰিছিল ।
উল্লেখ্য যে বিহাৰৰ এটা চিনেমা হলৰ স্বত্বাধিকাৰীয়ে সাংবাদিকক জনাই যে দেওবাৰৰ নিচিনা এটা দিনত তেজচ চাবলৈ হললৈ মাত্ৰ ১০/১২ গৰাকী লোক আহিছিল।সোমবাৰে বিহাৰৰ লগতে দেশৰ বিভিন্ন ঠাইত অৱস্থিত কেইবাটাও হলৰ প্ৰদৰ্শনী বন্ধ ৰাখিবলৈ বাধ্য হৈছিল চিনেমা হলৰ মালিক কৰ্তৃপক্ষ ।আন এগৰাকী চিনেমা বিতৰকে কয় যে তেজচ ভয়ংকৰ ধৰণে ফ্লপ হৈছে । ইয়াক কোনো প্ৰকাৰে উদ্ধাৰ কৰিব নোৱাৰি।বিতৰকগৰাকীয়ে কয় ‘ চলিত বৰ্ষত ৰাতিপুৱাৰ শ্ব প্ৰথমবাৰৰ বাবে বাতিল কৰিবলগীয়া হ’ল । ইয়াৰ কাৰণ হ’ল এটা টিকেটো বিক্ৰী হোৱা নাছিল। ‘ছুৰাটৰ এগৰাকী মাল্টিপ্লেক্সৰ স্বত্বাধিকাৰীৰ মতে তেওঁলোকে শুকুৰবাৰৰ পৰা দেওবাৰ পৰ্যন্ত মুঠ ১৫ টা প্ৰদৰ্শনী বাতিল কৰিবলগীয়া হৈছে ।’অভিনেত্ৰী কংগনা ৰাণাৱটে মঙলবাৰে লক্ষ্ণৌত যোগী আদিত্যনাথক সংগ দিবলৈ আহি মেডিয়াৰ সন্মুখত কয় যে তেওঁ আশাবাদী। ৱৰ্ল্ডকাপৰ বাবে কেৱল দৰ্শকৰ সংখ্যা তুলনামূলকভাৱে কম হৈছে ।অৱশ্যে কেৱল বলিউড অভিনেত্ৰী কংগণা ৰাণাৱটৰ ক্ষেত্ৰতেই যে এনে হৈছে,তেনে নহয়,অসমৰ এগৰাকী অভিনেতা যতীন বৰাৰ দশাও একেই হৈছে । যতীন বৰাৰ ঘৰুৱা প্ৰডাকচন জে বি প্ৰডাকচনে মুক্তি দিয়া ৰাঘৱ চিনেমাখন বিগত শুকুৰবাৰে মুক্তি দিয়া হয় যদিও কিন্তু চিনেমাখনে মুক্তিৰ পিছতো সঁহাৰি লাভ কৰা নাই ।একাংশ ব্যক্তিয়ে ইয়াৰ অন্তৰালত বিভিন্ন ৰহস্যৰ গোন্ধ পাইছে বুলি উল্লেখ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰি চিনেমাখন চাবলৈ দৰ্শকক বাৰে বাৰে অনুৰোধ জনাই আহিছে যদিও অসমৰ জনতাই চিনেমাখনক একেমুখে প্ৰত্যাখ্যান কৰি আহিছে ।২০১৯ চনৰ কা আন্দোলনৰ সময়ত স্থিতি সলোৱা অভিনেতা যতীন বৰা অভিনীত ছবি কোনো কাৰণতে গ্ৰহণ কৰিব খোজা নাই গৰিষ্ঠসংখ্যক অসমবাসীয়েই । সেয়ে বিজেপি বিধায়ক ,মন্ত্ৰীয়েও অসমৰ জনতাক চিনেমাখন উপভোগ কৰিবলৈ বাৰে বাৰে আহ্বান জনোৱাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো শীঘ্ৰেই চিনেমা হললৈ গৈ চিনেমাখন উপভোগ কৰাৰ কথা ঘোষণা কৰিবলৈ বাধ্য হৈছে । অভিনেতা যতীন বৰাৰ সুবিধালোভী স্থিতিৰ বাবেই এসময়ৰ হিয়াৰ আমঠুজনক জনতাই মনৰ পৰা আঁতৰাই পেলোৱাত বিজেপি দলৰ সদস্যগৰাকীক উদ্ধাৰ কৰিবলৈ দলেবলে সক্ৰিয় হৈছে বিজেপিৰ নেতা-কৰ্মীসকল । বলিউডত কংগনা ৰাণাৱট আৰু অসমত অভিনেতা যতীন বৰাৰ অৱস্থা দেখি ভুৱা প্ৰতিশ্ৰুতিৰে আভুৱাভাৰি অহা বিজেপি ভয়ত পেটতে হাতভৰি লুকোৱা অৱস্থা হৈছে ।

Leave A Reply

Your email address will not be published.